অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰহান পামুক

অৰহান পামুক (Ferit Orhan Pamuk; জন্ম: ৭ জুন, ১৯৫২) এজন তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰু ২০০৬ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী। তেওঁ তুৰ্কীৰ এগৰাকী অন্যতম বিশিষ্ট ঔপন্যাসিক, যাৰ কিতাপ তেষষ্ঠিটা ভাষাত তেৰ মিলিয়নতকৈও অধিক বিক্ৰী হৈছে, যাৰ বাবে তেওঁ দেশৰ সৰ্বাধিক বিক্ৰী হোৱা লেখক ৰূপে…

হালনাগাদ: ৬ জুন ২০২৫ ৩৮৫ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অৰহান পামুক (Ferit Orhan Pamuk; জন্ম: ৭ জুন, ১৯৫২) এজন তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰু ২০০৬ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী। তেওঁ তুৰ্কীৰ এগৰাকী অন্যতম বিশিষ্ট ঔপন্যাসিক, ১ যাৰ কিতাপ তেষষ্ঠিটা ভাষাত তেৰ মিলিয়নতকৈও অধিক বিক্ৰী হৈছে, ২ যাৰ বাবে তেওঁ দেশৰ সৰ্বাধিক বিক্ৰী হোৱা লেখক ৰূপে স্বীকৃত হৈছে। ৩ পামুক চাইলেণ্ট হাউচ, দ্য হোৱাইট কেষ্টেল, দ্য ব্লেক বুক, দ্য নিউ লাইফ, মাই নেম ইজ ৰেড, দ্য মিউজিয়াম অৱ ইন’চেঞ্চ,আ ষ্ট্ৰেইঞ্জনেছ ইন মাই মাইণ্ড আদি উপন্যাসৰ স্ৰষ্টা। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মানৱবিজ্ঞানৰ ৰবাৰ্ট য়িক-ফং টাম অধ্যাপক, য’ত তেওঁ লিখনি আৰু তুলনামূলক সাহিত্য পঢ়ায়। তেওঁ ২০১৮ চনত আমেৰিকান ফিল’চফিকেল ছ’চাইটিলৈ নিৰ্বাচিত হৈছিল।৪

আংশিক চাৰ্কাচিয়ান বংশোদ্ভূত আৰু ইস্তানবুলত জন্ম গ্ৰহণ কৰা৫ পামুক হৈছে প্ৰথম তুৰ্কী ন'বেল বঁটা বিজয়ী সাহিত্যিক। তেওঁ অন্যান্য বহুতো সাহিত্য বঁটা প্ৰাপক। মাই নেম ইজ ৰেডে ২০০২ চনৰ ‘প্ৰিক্স ডু মেইলিউৰ লিভৰে এট্ৰেঞ্জাৰ’ (Prix du Meilleur Livre Étranger), ২০০২ চনৰ ‘প্ৰেমিঅ গ্ৰিঞ্জেন কাভাৰ’ ( Premio Grinzane Cavour ) আৰু ২০০৩ চনৰ ‘আন্তৰ্জাতিক ডাবলিন সাহিত্য বঁটা’ লাভ কৰিছিল।

পামুক আৰু জচ চাৰামাগোৰ যুটীয়া প্ৰস্তাৱৰ ফলস্বৰূপে ইউৰোপীয় লেখক সংসদ গঠন হৈছিল।৬ পামুকে বিতৰ্কিত ঐতিহাসিক আৰু ৰাজনৈতিক ঘটনাৰ বিষয়ে কিতাপ লিখিবলৈ ইচ্ছা কৰাটোৱে তেওঁক স্বদেশত নিন্দাৰ পাত্ৰ কৰিছিল। ২০০৫ চনত, এজন অতি-জাতীয়তাবাদী অধিবক্তাই অটোমান সাম্ৰাজ্যত আৰ্মেনিয়ান গণহত্যা সম্পৰ্কীয় এটা মন্তব্যৰ বাবে পামুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।৭ পামুকৰ মতে, তেওঁৰ উদ্দেশ্য আছিল তেওঁ জন্ম গ্ৰহণ কৰা দেশখনত ‘বাক স্বাধীনতা’ সম্পৰ্কীয় বিষয়সমূহ তুলি ধৰিবলৈ কাম কৰা। আদালতে প্ৰথমতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু ২০১১ চনত পামুকক অভিযুক্তৰ সন্মানক অপমান কৰাৰ বাবে মুঠ ক্ষতিপূৰণত ৬,০০০ লিৰা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।৮

সংক্ষিপ্ত জীৱনী

১৯৫২ চনত ইস্তানবুলত পামুকৰ জন্ম হৈছিল আৰু এটি ধনী অথচ অধঃপতিত উচ্চবিত্ত পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হৈছিল; যি অভিজ্ঞতা তেওঁ তেওঁৰ উপন্যাস দ্য ব্লেক বুক আৰু চেভডেট বে এণ্ড হিজ চ’নচ্‌ৰ উপৰিও তেওঁৰ ব্যক্তিগত স্মৃতিকথা ইস্তানবুল: মেম’ৰিজ এণ্ড দ্য চিটিত পুংখানুপুঙ্খকৈ বৰ্ণনা কৰিছে। পামুকৰ আইতাক (দেউতাকৰ মাক) আছিল চাৰ্কাচিয়ান।৯ পামুকে ইস্তানবুলৰ ৰবাৰ্ট কলেজ ছেকেণ্ডেৰী স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু ইস্তানবুল কাৰিকৰী বিশ্ববিদ্যালয়ত স্থাপত্য বিদ্যা অধ্যয়ন কৰিবলৈ গৈছিল যিহেতু ই তেওঁৰ প্ৰকৃত সপোন, চিত্ৰকলাৰ সৈতে সম্পৰ্কিত আছিল।১০ তেওঁ তিনি বছৰৰ পিছত স্থাপত্য বিদ্যালয় এৰি পূৰ্ণকালীন লেখক হয় আৰু ১৯৭৬ চনত ইস্তানবুল বিশ্ববিদ্যালয়ৰ সাংবাদিকতা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২২ ৰ পৰা ৩০ বছৰ বয়সলৈকে পামুকে তেওঁৰ মাতৃৰ সৈতে বাস কৰিছিল, তেওঁৰ প্ৰথমখন উপন্যাস লিখিছিল আৰু প্ৰকাশক বিচাৰিবলৈ চেষ্টা কৰিছিল। তেওঁ নিজকে এজন সাংস্কৃতিক মুছলমান বুলি বৰ্ণনা কৰে, যি ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্কত বিশ্বাস নকৰি ঐতিহাসিক আৰু সাংস্কৃতিক পৰিচয়ক ধৰ্মৰ সৈতে সংযুক্ত কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Kinzer, Stephen. (1998-12-15). A Novelist Sees Dishonor in an Honor From the State. The New York Times
  2. ↑ (2011-09-08). Müzemi bitirdim mutluyum artık. Hürriyet
  3. ↑ (2008-09-01). En çok kazanan yazar kim?. Sabah
  4. ↑ Election of New Members at the 2018 Spring Meeting
  5. ↑ * Husseyin, Hazim M. (2009). Nobel Ödülünün Orhan Pamuk ve Eserleri Üzerindeki Etkileri. University of Baghdad. p. 94. * Pamuk, Orhan (2005). Istanbul: Memories and the City, translated by Maureen Freely. Faber & Faber p. 15. "My paternal grandmother was Circassian (Circassian girls, famous for being tall and beautiful, were very popular in Ottoman harems)." * Karpat, Kemal H. (2001) The Politicization of Islam: Reconstructing Identity, State, Faith, and Community in the Late Ottoman State. Oxford University Press. p. 345. "(...) such as the novelist Orhan Pamuk, who is of Circassian origin."
  6. ↑ Wall, William. (1 December 2010). The Complexity of Others: The Istanbul Declaration of The European Writers' Conference. Irish Left Review
  7. ↑ Daren Butler and Ercan Ersoy, "Kerinçsiz puts patriotism before free speech, EU" . Reuters via Turkish Daily News, 21 July 2006
  8. ↑ Hurriyet Daily News Orhan Pamuk to pay compensation for his words, court decides, Hurriyet Daily News, 27 March 2011
  9. ↑ Pamuk, Orhan (2005). Istanbul: Memories and the City, translated by Maureen Freely. Faber & Faber. p. 15. "My paternal grandmother was Circassian (Circassian girls, famous for being tall and beautiful, were very popular in Ottoman harems)."
  10. ↑ Jaggi, Maya. (2008-12-08). Between two worlds. The Guardian
  11. ↑ SPIEGEL ONLINE — Orhan Pamuk and the Turkish Paradox. Spiegel.de

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰহান পামুক” প্ৰবন্ধৰ সংশোধন ৫১৫৩৮৪ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।