সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
প্ৰভাবেন শ্বাহ
প্ৰভাবেন শ্বাহ (Prabhaben Shah) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ কৰ্মী। ১৯৪২ চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰোঁতে প্ৰভাবেনৰ বয়স আছিল বাৰ বছৰ।
-
প্ৰিন্সী মংগলিকা
প্ৰিন্সী মংগলিকা (ইংৰাজী: Princy Mangalika) এগৰাকী শ্ৰীলংকান সমাজকৰ্মী আৰু এইচআইভি/এইডছত আক্ৰান্ত ব্যক্তি, যি শ্ৰীলংকাত এইডছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ বাবে সুপৰিচিত। তেওঁ ‘পজিটিভ ৱমেনছ নেটৱৰ্ক’ নামৰ এখন বেচৰকাৰী সংস্থাৰ প্ৰতিষ্ঠাপক, যিয়ে এইডছ ভাইৰাছত আক্ৰান্ত লোকসকলক সহায় কৰে।
-
প্ৰিয়া তেণ্ডুলকাৰ
প্ৰিয়া তেণ্ডুলকাৰ ( Priya Tendulkar; জন্ম: ১৯ অক্টোবৰ ১৯৫৪ – মৃত্যু: ১৯ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, সমাজকৰ্মী আৰু এগৰাকী লেখিকা, যি টেলিভিছন ধাৰাবাহিক ৰাজনী (১৯৮৫)ত তেওঁৰ নামকৰণৰ চৰিত্ৰৰ বাবে বেছিকৈ পৰিচিত।
-
প্ৰেমা গোপালন
প্ৰেমা গোপালন (Prema Gopalan) এগৰাকী ভাৰতীয় সমাজকৰ্মী। ১৯৮৪ চনত স্থাপন হোৱা ‘ছ’চাইটী ফ’ৰ দ্য প্ৰ’ম’চন অৱ এৰিয়া ৰিছ’ৰ্চ চেণ্টাৰচ্’ (SPARC) সংস্থাৰ তেওঁ সহ প্ৰতিষ্ঠাপক। তাৰ পিছত তেওঁ স্বয়ম শিক্ষা প্ৰয়োগ প্ৰতিষ্ঠা কৰে আৰু বিশ বছৰ সংস্থাটোৰ কাৰ্যবাহী পৰিচালক ৰূপে কাম কৰে।
-
প্ৰেৰণা লাল
প্ৰেৰণা লাল (জন্ম ১৪ ডিচেম্বৰ ১৯৮৪) হৈছে এগৰাকী আমেৰিকাৰ নাগৰিক, যি ফিজি দ্বীপপুঞ্জত জন্ম আৰু ডাঙৰ হৈছিল আৰু ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ সৈতে সম্পৰ্ক আছে। লাল হৈছে ড্ৰিম এক্টিভিটিচ নামৰ অনলাইন অধিকাৰ সমৰ্থন নেটৱৰ্কৰ প্ৰতিষ্ঠাপকসকলৰ এজন, যাক নথিভুক্ত নোহোৱা যুৱসকলে পৰিচালনা কৰে।
-
পৰেশ চৌধুৰী
পৰেশ চৌধুৰী অসমৰ এগৰাকী ছাত্ৰনেতা আৰু অসমৰ ভাষা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। তেওঁ ভাৰতীয় খাদ্য নিগমৰ এগৰাকী বিষয়া আছিল।
-
পৱন আমাৰা
পৱন আমৰা (Pavan Amara) লণ্ডনত বাস কৰা এগৰাকী ছাত্ৰী নাৰ্ছ, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী৷ তেওঁ 'মাই বডি বেক প্ৰজেক্ট'ৰ প্ৰতিষ্ঠাপক।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
ফাটিমা গায়লানী
ফাটিমা গায়লানী (Fatima Gailani; জন্ম ১৯৫৪ চনত কাবুলত) এগৰাকী আফগান ৰাজনৈতিক নেতা আৰু মহিলা অধিকাৰ কৰ্মী, যিয়ে ইয়াৰ পূৰ্বে আফগান ৰেড ক্ৰীচেণ্ট ছ'চাইটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২১ চনৰ বিবিচিৰ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰে।
-
ফাৰখুণ্ডা মুহতাজ
ফাৰখুণ্ডা মুহতাজ (Farkhunda Muhtaj; জন্ম: ১৫ নৱেম্বৰ, ১৯৯৭) এগৰাক আফগান ফুটবলাৰ যিয়ে নৰ্দাৰ্ণ ছুপাৰ লীগৰ কেলগাৰী ৱাইল্ড এফ চিৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে।
-
ফুলৰেণু গুহ
ফুলৰেণু গুহ ( Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল।
-
ফৈজা দৰ্খানী
ফৈজা দৰ্খানী (Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।
-
ফ্লেভিয়া এগনেছ
ফ্লেভিয়া এগনেছ (Flavia Agnes) এগৰাকী ভাৰতীয় মহিলা অধিকাৰৰ অধিবক্তা আৰু বৈবাহিক, বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ আইনত বিশেষজ্ঞ। তেওঁ ছাবালটাৰ্ন ষ্টাডিজ, ইকনমিক এণ্ড পলিটিকেল উইকলি, আৰু মনুষী আলোচনীত প্ৰবন্ধ প্ৰকাশ কৰিছে।
-
ফ্ৰেষ্টা কোহিস্তানী
ফ্ৰেষ্টা কোহিস্তানী (Freshta Kohistani, ১৯৯১ – ২৪ ডিচেম্বৰ ২০২০) আফগান তাজিক মহিলাৰ অধিকাৰ কৰ্মী আৰু গণতন্ত্ৰ সমৰ্থক আছিল৷ তেওঁ আফগানিস্তানত হত্যাৰ বিৰুদ্ধে সঘনাই মাত মাতিছিল। ২৯ বছৰ বয়সত তেওঁক হত্যা কৰা হৈছিল।
-
বছিৰা পাইঘাম
বছিৰা পাইঘাম (জন্ম ১৯৯৭/১৯৯৮) এগৰাকী আফগান এলজিবিটিকিউ-অধিকাৰ কৰ্মী।
-
বিদ্যুৎ গোৰে
বিদ্যুৎ গোৰে (Vidyut Gore, জন্ম-৬ ডিচেম্বৰ ১৯৭৬), এগৰাকী ভাৰতীয় অংশকালীন ব্লগাৰ, নতুন সংবাদ মাধ্যমৰ সাংবাদিক, প্ৰচাৰক আৰু কৰ্মী। ভাৰতীয় পৰিয়ালত ঘৰুৱা নিৰ্যাতন উন্মোচন কৰা কামৰ বাবে তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাজনৈতিক আৰু ৰাজহুৱা দুৰ্নীতি উন্মোচনৰ দিশত কৰি থকা কামসমূহ ভাৰতীয় সংবাদ…
-
বিবি আমতুছ চালাম
বিবি আমতুছ চালাম (মৃত্যুঃ ২৯ চেপ্টেম্বৰ ১৯৮৫) এগৰাকী সমাজ কৰ্মী আৰু মহাত্মা গান্ধীৰ শিষ্য আছিল, যিয়ে ভাৰত বিভাজনৰ পিছত সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু বিভাজনৰ পিছত ভাৰতলৈ অহা শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।
-
বিমলাক্কা
অৰুণোদয় বিমলা (Arunodaya Vimala; জন্ম: ১৯৬৪)-ৰ জনপ্ৰিয় নাম হৈছে 'বিমলাক্কা' (Vimalakka। তেখেত তেলুগু ভাষাৰ এগৰাকী বেলাদ গায়িকা আৰু সক্ৰিয় সমাজকৰ্মী। তেখেতৰ গোটটোক 'অৰুণদয়া সংস্কৃতিকা সমখ্যা' (ACF) বুলি কোৱা হয়। তেলঙ্গানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।
-
বোগালেচ গেব্ৰে
বোগালেচ "বোগে" গেব্ৰে (Bogaletch Gebre; (১৯৫০ চনৰ দশক – ২ নৱেম্বৰ ২০১৯) এগৰাকী ইথিঅ'পিয়াৰ বিজ্ঞানী আৰু কৰ্মী আছিল। ২০১০ চনত দ্য ইণ্ডিপেণ্ডেণ্টে তেওঁক "ইথিঅ'পিয়াৰ মহিলাৰ বিদ্ৰোহ আৰম্ভ কৰা মহিলা" বুলি বৰ্ণনা কৰিছিল।
-
ব্লাংকা টেলিকি
কাউণ্টেছ ব্লাংকা টেলিকি ডি চেক ( Countess Blanka Teleki de Szék), জন্ম: ৫ জুলাই ১৮০৬ চন – মৃত্যু: ২৩ অক্টোবৰ ১৮৬২ চন; আছিল হাংগেৰীৰ এগৰাকী সম্ভ্ৰান্ত মহিলা, শিক্ষাবিদ আৰু মহিলা অধিকাৰৰ হকে কাম কৰা সমাজ কৰ্মী। তেওঁক আৰম্ভণিৰ নাৰীবাদী আন্দোলন আৰু মহিলাৰ শিক্ষাৰ পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়।
-
ভাগৱতী দেৱী
ভাগৱতী দেৱী (Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।
-
ভাৰতী কাশ্যপ
ভাৰতী কাশ্যপ (Bharti Kashyap); এগৰাকী ভাৰতীয় চকু বিশেষজ্ঞ আৰু সমাজকৰ্মী। ২০১৭ চনত তেওঁক নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে তেওঁ পাঁচবাৰকৈ ৰাষ্ট্ৰীয় আই এম এ প্ৰাপক।
-
ভাৱনা চিখালিয়া
ভাৱনা চিখালিয়া (Bhavna Chikhalia; ১৪ ফেব্ৰুৱাৰী ১৯৫৫ – ২৮ জুন ২০১৩) ২০০৩ চনৰ পৰা ২০০৪ চনলৈকে ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা, পৰ্যটন আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী আছিল৷ তেওঁ গুজৰাটৰ জুনাগড় সমষ্টিৰ পৰা (১৯৯১ চনৰ পৰা ২০০৪ চনলৈ) একেৰাহে চাৰিটা কাৰ্যকাল লোকসভাত জয়ী হোৱা গুজৰাটৰ প্ৰথমগৰাকী মহিলা।
-
ভি গীতা
ভি গীতা (V. Geetha) এগৰাকী ভাৰতীয় নাৰীবাদী কৰ্মী আৰু ভাৰতীয় লেখক, যি জাতি, লিংগ, শিক্ষা আৰু নাগৰিক অধিকাৰ সম্পৰ্কীয় বিষয়ত লেখা-মেলা কৰে। তেওঁ মাদ্ৰাজত থাকি কাম কৰে আৰু বৰ্তমান তামিলনাডুত চলি থকা বেচৰকাৰী সংস্থাসমূহৰ প্ৰকৃতি আৰু প্ৰসাৰৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ তাৰা বুকছৰ সম্পাদকীয় সঞ্চালক।
-
মংগলা দেৱী সিং
মংগলা দেৱী সিং (নেপালী: मंगलादेवी सिंह; ইংৰাজী: Mangala Devi Singh; জন্ম: ১০ ডিচেম্বৰ ১৯২৫ – মৃত্যু: ২৬ আগষ্ট ১৯৯৬) নেপালৰ এগৰাকী অগ্ৰণী নাৰীবাদী আৰু বিশিষ্ট গণতান্ত্ৰিক অধিকাৰ কৰ্মী আছিল। সিঙে ১৯৪০ চনত ১৬ বছৰ বয়সতে ৰাজনীতিত জড়িত হৈছিল।
-
মণি ৰাণী দাস
মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়।
-
মণিবেন পেটেল
মণিবেন পেটেল (Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা।
-
মনমীত কৌৰ
মনমীত কৌৰ (Manmeet Kaur) এগৰাকী পাকিস্তানী সাংবাদিক আৰু সমাজকৰ্মী।তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী শিখ সাংবাদিকআৰু ৩০ বছৰৰ অনুৰ্ধ ১০০গৰাকী প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী।
-
মমতা ৰঘুবীৰ অচন্ত
মমতা ৰঘুবীৰ অচন্ত (জন্ম: ১৯ ডিচেম্বৰ ১৯৬৭) এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ৱাৰংগল জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে, আৰু থাৰুনিৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক হিচাপে, এটা বেচৰকাৰী সংস্থা (NGO)…
-
মহাৰাণী কোনাৰ
মহাৰাণী কোনাৰ (Maharani Konar; ২৩ নৱেম্বৰ ১৯৩৩ – ৫ জানুৱাৰী ২০২৪), জনপ্ৰিয়ভাৱে ৰাণী দি নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা আৰু ৰাজনীতিবিদ আছিল। নবৈৰ দশকত বংগৰ গণতান্ত্ৰিক নাৰী আন্দোলনৰ অন্যতম প্ৰধান নেত্ৰী হিচাপে তেওঁ পৰিগণিত হয়।