ভাৰতী কাশ্যপ (Bharti Kashyap); এগৰাকী ভাৰতীয় চকু বিশেষজ্ঞ আৰু সমাজকৰ্মী। ২০১৭ চনত তেওঁক নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে তেওঁ পাঁচবাৰকৈ ৰাষ্ট্ৰীয় আই এম এ প্ৰাপক।
ব্যক্তিগত জীৱন
১৯৬৭ চনৰ ১৫ মে’ তাৰিখে কাশ্যপৰ জন্ম হৈছিল। তেওঁ এগৰাকী এম.বি.বি.এছ. আৰু চকু চিকিৎসা বিজ্ঞানৰ এম.এছ তথা কৰ্ণিয়াৰ ফেলো। তেওঁ বীৰেন্দ্ৰ প্ৰসাদ কাশ্যপক বিয়া কৰাইছিল। বীৰেন্দ্ৰ প্ৰসাদ কাশ্যপে ঝাৰখণ্ডৰ ৰাঁচীত কাশ্যপ মেম’ৰিয়েল আই হস্পিটেল স্থাপন কৰিছিল।১
কৰ্মজীৱন
কাশ্যপে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি, দৃষ্টিশক্তিৰ দুৰ্বলতা যেনে; ডিটেকটিভ ছানি পৰা ৰোগ, প্ৰতিসৰণ ত্ৰুটি আদিত ভুগি থকা শিশুসকলৰ শিক্ষাৰ বাবে ব্যাপকভাৱে কাম কৰিছিল। ২ঝাৰখণ্ডৰ শিশুহঁতে আধাতে স্কুল সামৰাৰ ঘটনাৰ ভূ লৈ তেওঁ আৱিষ্কাৰ কৰিছিল যে, শিশুসকলৰ মাজত অন্ধত্বৰ হাৰ বৃদ্ধি পাইছে।৩ ইয়াৰ পিছতে, ১৯৯৫ চনৰ পৰা তেওঁ সামাজিক কাম আৰম্ভ কৰিছিল। ৰামগড়ৰ এখন চৰকাৰী বিদ্যালয়ত তেওঁ চকু পৰীক্ষা শিৱিৰ পাতি প্ৰায় দহহাজাৰ শিশুৰ চকু পৰীক্ষা কৰিছিল। অন্ধত্বৰ কাৰণসমূহ আলোচনা কৰিবলৈ আৰু এই সমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ তেওঁ বিনামূলীয়া শিৱিৰৰ আয়োজন কৰিছিল।
তেওঁ ৰাজ্য চৰকাৰ পৰিচালিত বিদ্যালয়সমূহত নামভৰ্তি কৰা ২০ লাখতকৈও অধিক শিশুৰ চকুৰ স্ক্ৰীণিং সম্পূৰ্ণ কৰিছিল। দুখীয়া লোক, আদিম জনজাতি, মানৱ সৰবৰাহৰ ভুক্তভোগী, বাতৰি কাকতৰ হকাৰ, ডায়েবেটিচ ৰোগী, বৃদ্ধাশ্ৰমৰ বাসিন্দা, বস্তিবাসী আৰু মানসিকভাৱে বিচলিত লোকৰপৰা- মহিলা খেলুৱৈ আৰু ট্ৰাক চালকলৈ সকলোকে তেওঁ তেওঁৰ লক্ষ্য তালিকাত অন্তৰ্ভুক্ত কৰি লৈছিল। দাতব্য প্ৰতিষ্ঠান কাশ্যপ মেম’ৰিয়েল আই বেংকৰ সহযোগত তেওঁ ঝাৰখণ্ডৰ প্ৰতিটো ব্লক আৰু প্ৰতিখন জিলাত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ আয়োজন কৰিছিল। এই শিৱিৰসমূহৰ লক্ষণীয় অৱদান এয়ে যে, শিৱিৰে প্ৰদান কৰা চশমা আৰু চকুৰ অপাৰেচনৰ পাছত ল’ৰা-ছোৱালীসমূহে শ্ৰেণী কোঠালৈ উভতি যোৱা আৰম্ভ কৰিছিল।
মহিলা চিকিৎসক শাখা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অধ্যক্ষ হিচাপে ভাৰতী কাশ্যপে, ২০১৫ চনত চাৰ্ভিকেল কেঞ্চাৰৰ বিৰুদ্ধে ঝাৰখণ্ডত প্ৰথমখন যুদ্ধ আৰম্ভ কৰে। এই ৰোগ মহিলাসকলৰ প্ৰাণহানিৰ প্ৰথম কাৰণ বুলি ভবা হৈছিল। গ্ৰীৱাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু কলপ’স্ক’পী গাইডেড ক্ৰিয়া চিকিৎসাৰ ওপৰত গুৰুত্ব দি, কাশ্যপে ঝাৰখণ্ডৰ সমগ্ৰ গ্ৰামাঞ্চল আৰু চৰকাৰী সদৰ চিকিৎসালয় সমূহত এলানি মহিলা স্বাস্থ্য শিবিৰ আয়োজন কৰিছিল। ৰাজ্যিক স্বাস্থ্য বিভাগৰ সৈতে মিলি, তেওঁ গ্ৰীৱাৰ প্ৰাক-কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসা বিষয়ত ৰাজ্যিক স্বাস্থ্য সেৱাৰ সৈতে কাম কৰা স্ত্ৰীৰোগ বিশেষজ্ঞসকলক সহায় কৰিবলৈ কলকাতা আৰু নতুন দিল্লীৰ অংক-স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিছিল।৪
ঝাৰখণ্ডত প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে এক মানদণ্ড সম্পন্ন স্বাস্থ্য সেৱা আনিছিল, যাৰ ফলত হাজাৰ হাজাৰ লোক গ্ৰীৱাৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা পৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Her website - Dr Bharti Kashyap. drbhartikashyap.in
- ↑ A Benevolent vision anniversary Issue - India Today. indiatoday.in
- ↑ 3 Children of same family from khunti was Blind Issue - Dainik Bhaskar. Bhaskar.com
- ↑ President Of IMA Women - Dainik Jagran News. jagran.com
- ↑ CM honours Dr Bharti Kashyap - Jharkhand State News. jharkhandstatenews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী কাশ্যপ” প্ৰবন্ধৰ সংশোধন ৩৮২৩১১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।