ভি গীতা (V. Geetha) এগৰাকী ভাৰতীয় নাৰীবাদী কৰ্মী আৰু ভাৰতীয় লেখক, যি জাতি, লিংগ, শিক্ষা আৰু নাগৰিক অধিকাৰ সম্পৰ্কীয় বিষয়ত লেখা-মেলা কৰে।১২ তেওঁ মাদ্ৰাজত থাকি কাম কৰে আৰু বৰ্তমান তামিলনাডুত চলি থকা বেচৰকাৰী সংস্থাসমূহৰ প্ৰকৃতি আৰু প্ৰসাৰৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ তাৰা বুকছৰ সম্পাদকীয় সঞ্চালক।৩১ ভি গীতাই ৰাজ্যত মহিলা গোটৰ ফেডাৰেচন গঠন কৰাৰ লগতে পেৰুমল মুৰুগানৰ দুখন উপন্যাস ইংৰাজীলৈ অনুবাদ কৰিছে।৪
শিক্ষা
ভি গীতা তামিলনাডুৰ চেন্নাইৰ এগৰাকী নাৰীবাদী কৰ্মী, লেখক আৰু ইতিহাসবিদ। তেওঁ মাদ্ৰাজ খ্ৰীষ্টান কলেজ আৰু অ’ৱা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু কলেজীয়া দিনবোৰত ৰাজনৈতিকভাৱে সক্ৰিয় আছিল। উল্লেখযোগ্য বিভিন্ন সাহিত্যিকসকলৰ ভিতৰত শ্বেক্সপীয়েৰৰ ৰচনাই তেওঁক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰিছিল। ১৯ শতিকাৰ জৰ্জ এলিয়ট, লিঅ’ টলষ্টয় আৰু জোচেফ কনৰাডৰ দৰে কল্পকাহিনী লেখকেও তেওঁৰ বৌদ্ধিক মনোজগতত প্ৰভাৱ পেলাইছিল। ভাৰতীয় সাহিত্যিকসকলৰ মাজত মধ্যযুগীয় বৈষ্ণৱী ভক্তি কবিতা তেওঁ ভাল পাইছিল আৰু আধুনিকতাবাদী এ মাধবৈহহ আৰু সুব্ৰমনিয়ান ভাৰতীক অনুসৰণ কৰিছিল। ইয়াৰ বাহিৰেও বাংলা লেখিকা সাবিত্ৰী ৰে, ইতিহাসবিদ শ্বিলা ৰ’ব’থাম আৰু সমালোচক মেৰিনা ৱাৰ্নাৰ তেওঁৰ সাহিত্যিক প্ৰৱণতাক প্ৰভাৱিত কৰা বহু মহিলা লেখিকাৰ ভিতৰত অন্যতম। ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত আম্বেদকাৰ, পেৰিয়াৰ, ফানন আৰু কে.বালাগোপালৰ শিক্ষাই তেওঁৰ ওপৰত অপৰিসীম প্ৰভাৱ পেলাইছে।১
কৰ্মজীৱন
১৯৮৮ চনত পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ দুটা দশকতকৈও অধিক সময় মহিলা আন্দোলনৰ সৈতে জড়িত হৈ আছিল, আনকি তেওঁ মহিলা এক্টিভিষ্ট, কৰ্মী আৰু শিক্ষাৰ্থীসকলক অতিৰিক্ত বক্তৃতা দিয়াৰ কাম কৰিছিল। ভাৰতীয় মহিলা আন্দোলনত কাম কৰি তেওঁ আৰু আন কেইবাজনে মিলি তামিলনাডুত এক স্বতন্ত্ৰ নাৰীবাদী অনুষ্ঠান, তামিলনাডু মহিলা সমন্বয় সমিতি (১৯৯০) স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অন্যান্য বিষয়ৰ উপৰিও, সমিতিখনে মহিলাৰ ওপৰত বা মহিলাৰ বিৰুদ্ধে হোৱা হিংসা (১৯৯২), ৰাজনীতি আৰু স্বায়ত্তশাসন (১৯৯৭) আৰু গুজৰাট স্মৰণ (২০০২) আদি বিষয়ত গুৰুত্বপূৰ্ণ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰে। গীতা, স্নেহাদি নামৰ এক মহিলা গোটৰ এগৰাকী সক্ৰিয় সদস্য আছিল যি পৰিয়ালত উৎপীড়নৰ সন্মুখীন হোৱা সকলৰ সৈতে কাম কৰিছিল। তামিলনাডু ৰাজ্যিক আইনী-সহায়ক পৰিষদৰ সহযোগত এই কামটো ৮ বছৰতকৈও অধিক সময় ধৰি চলি আছিল। এছ. ভি. ৰাজাদুৰাইৰ সৈতে, তেওঁ কেইবাখনো অগ্ৰণী তামিল গ্ৰন্থ প্ৰকাশ কৰিছিল যিয়ে মুখ্য পশ্চিমীয়া মাৰ্ক্সবাদী চিন্তাবিদসকলৰ পৰিচয় দিছিল। ১৯৯১ চনৰপৰা, ৰাজাদুৰাই আৰু গীতাই তামিল অ-ব্ৰাহ্মণ আন্দোলনৰ ওপৰত তামিল আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছে। ইয়াৰ ভিতৰত ই ভি ৰামাস্বামী পেৰিয়াৰৰ উগ্ৰ আত্ম-সন্মান আন্দোলনো (Self-respect movement) অন্তৰ্ভুক্ত হৈ আছে। তেওঁ এতিয়া মহিলাৰ সৈতে সম্পৰ্কিত বিষয়বোৰৰ ওপৰত লিখা, শিকোৱা আৰু গৱেষণাত নিয়োজিত হৈ আছে।৩৫ ১৯৯৮ চনত তেওঁ তাৰা বুকছত সম্পাদকীয় পৰিচালক হিচাপে যোগদান কৰে আৰু তেতিয়াৰ পৰাই পৌৰাণিক কাহিনী আৰু থলুৱা জনজাতীয় আৰু লোক পৰম্পৰাৰ ওপৰত বিভিন্ন ধৰণৰ কলা আৰু সাহিত্যিক প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।১
গীতা ধাৰাবাহিকভাৱে বিভিন্ন লেখনি আৰু অনুবাদৰ কামত নিয়োজিত হৈ আছে আৰু বিভিন্ন আলোচনী আৰু বাতৰি পৰ্টেললৈ সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য কিতাপৰ ভিতৰত তামিল ভাষাৰ পেৰুমল মুৰুগানৰ দুখন উপন্যাসৰ ইংৰাজীলৈ কৰা অনুবাদ অন্তৰ্ভুক্ত হৈ আছে।৬
তথ্যসূত্ৰ
- ↑ (17 July 2017). In conversation with V.Geetha, Editorial Director, Tara Books. Kamalan Travel
- ↑ Geetha, V. V.Geetha Profile. caravanmagazine.in
- ↑ Eldrid Mageli. (14 January 2014). Organising Women's Protest: A Study of Political Styles in Two South Indian Activist Groups. Routledge. পৃ. 16–. ISBN 978-1-136-79169-7
- ↑ (23 May 2016). V. Geetha. The Indian Express
- ↑ Kītā, Va. (1 March 2002). Gender (Theorizing Feminism). ISBN 978-8185604459
- ↑ Priyam, Manisha; Menon, Krishna; Banerjee, Madhulika. Human Rights, Gender and the Environment. পৃ. 117–. ISBN 978-81-317-4316-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি গীতা” প্ৰবন্ধৰ সংশোধন ৪১৬১৪৮ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।