সমাজকৰ্মী
৩৯৮ প্ৰবন্ধ
-
মহেইশ গিৰি
মহেইশ গিৰি ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সমাজকৰ্মী তথা ৰাজনীতিবিদ। পূব দিল্লী লোকসভা সমষ্টিৰপৰা তেওঁ সংসদ সদস্য আছিল। গিৰি আৰ্ট অৱ লিভিঙৰ অধ্যাপক আৰু আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সঞ্চালক। তেওঁ নৱভাৰত সেৱা সমিতিৰ এন জি অ’ৰ প্ৰতিষ্ঠাপক।
-
মাচুমা বেগম
মাচুমা বেগম (: Masuma Begum; ৮ অক্টোবৰ ১৯০২ – ২ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজকৰ্মী আৰু নাৰীবাদী নেত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য, উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি, ১৯৬০ চনত অন্ধ্ৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ মন্ত্ৰীসভাৰ সদস্য হয়।
-
মায়া বিশ্বকৰ্মা
মায়া বিশ্বকৰ্মা( জন্ম ১৩ অক্টোবৰ, ১৯৮২ চন) মধ্যপ্ৰদেশৰ গ্ৰাম্য আৰু জনজাতীয় অঞ্চলত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতাৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু উদ্যোগী।
-
মালা সেন
মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ…
-
মালিনী ভট্টাচাৰ্য
ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
মাহিয়া নাজিব
মাহিয়া নাজিব (Mahia Nagib, ১৯২৬-১৯৮২) য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, সম্পাদিকা আৰু সাংবাদিক আছিল। ১৯৬০ চনত তেওঁ ফাটাত শ্বামছান [মাউণ্ট শ্বামছানৰ কুমাৰী] প্ৰতিষ্ঠা কৰে আৰু তেওঁক এডেনৰ প্ৰথম মহিলা মাহেকীয়া আলোচনীৰ মহিলা সম্পাদিকা হিচাপে পৰিগণিত হয়। মাহিয়া নাজিবে আদনত জন্মগ্ৰহণ কৰিছিল।
-
মাৰিয়া আল-মাছানী
মাৰিয়া আল-মাছানী (Maria Al-Masani,জন্ম-১৯৮৪) এগৰাকী য়েমেন আৰু কানাডাৰ ফেশ্বন ডিজাইনাৰ আৰু জনসংযোগৰ কাৰ্যবাহী যিয়ে মানৱ অধিকাৰ উলংঘাৰ লিপিবদ্ধ কৰা ব্লগ য়েমেন ৰাইটছ মনিটৰৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০১২ চনত চিএনএনৰ ইনছাইড মিডল ইষ্টে তেওঁক আঠজন 'পৰিৱৰ্তনৰ এজেণ্ট'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে৷
-
মাৰিয়া বাশ্বিৰ
মাৰিয়া বাশ্বিৰ (Maria Bashir) তেখেত আফগানিস্তানত বাস কৰা এগৰাকী প্ৰচিকিউটৰ আৰু দেশখনত এনে পদত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা৷ আফগান অসামৰিক সেৱাৰ সৈতে পোন্ধৰ বছৰতকৈ অধিক অভিজ্ঞতাৰে সমৃদ্ধ হৈ তেওঁ তালিবান, দুৰ্নীতিগ্ৰস্ত আৰক্ষী, মৃত্যুৰ ভাবুকি, ব্যৰ্থ হত্যাৰ চেষ্টা - এই সকলোবোৰ দেখিছে।
-
মাৰিয়ান আহমেদ আলি
মৰিয়ান বা মাৰিয়ান আহমেদ আলী পুণ্টলেণ্ডৰ এগৰাকী ৰাজনীতিবিদ, যি মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা বিভাগৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী (MOWDAFA) আছিল। তেওঁ ছোমালিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি গাছৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মুকাদাছা আহমদজাই
মুকাদাছা আহমদজাই Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।
-
মুমতাজ শ্বেইখ
মুমতাজ শ্বেইখ (Mumtaz Shaikh; জন্ম-১৮ নৱেম্বৰ ১৯৮১) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। মুম্বাইত ৰাজহুৱা শৌচাগাৰৰ সম-সুবিধাৰ বাবে তেওঁ এক সফল অভিযান আৰম্ভ কৰে। ২০১৫ চনত বিবিচিয়ে তেওঁক প্ৰেৰণাদায়ক ১০০ মহিলা অভিযানৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল।
-
মূৱলুৰ ৰামমীৰথাম
মূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰাবিড় আন্দোলনৰ ৰাজনৈতিক কৰ্মী আছিল৷ তেওঁ মাদ্ৰাজ প্ৰদেশত দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কাম কৰিছিল।
-
মেডেলিন ফ্ৰেঞ্চ-মালেন
মেডেলিন ফ্ৰেঞ্চ-মালেন (৩০ ডিচেম্বৰ ১৮৮০ – ২৬ মে' ১৯৪৪) এগৰাকী আইৰিছ বিপ্লৱী আৰু শ্ৰমিক আন্দোলনৰ কৰ্মী আছিল, যিয়ে ১৯১৬ চনত ডাবলিনত সংঘটিত ইষ্টাৰ ৰাইজিঙত অংশগ্ৰহণ কৰিছিল। ফ্ৰেঞ্চ-মালেন ৰেডিকেল জাতীয়তাবাদী মহিলা সংগঠন ইনঘিনিধে না হেৰোনৰ সদস্যা আছিল।
-
মেৰিনি ডি লিভেৰা
মেৰিনি ডি লিভেৰা এগৰাকী শ্ৰীলংকাৰ অধিবক্তা আৰু সমাজ কৰ্মী যিয়ে শ্ৰীলংকাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ (এনচিপিএ) প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰে।
-
মেৰিয়ান অ'গ্ৰেডী
মেৰিয়ান অ'গ্ৰেডী (Marianne O'Grady) এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী আৰু কেয়াৰ ইণ্টাৰনেশ্যনেলৰ আফগানিস্তানৰ উপ-দেশীয় পৰিচালক৷ তেওঁ কৈছিল যে কাবুলৰ পতনত তালিবানে "লাখ লাখ মানুহক অশিক্ষিত কৰিব নোৱাৰে" (২০২১)৷ তেওঁ আশা কৰিছিল যে মহিলাসকলে আন মহিলা আৰু কিশোৰীক শিকাই থাকিব, যদিও তেওঁলোকক "দেৱালৰ আঁৰত"…
-
মেৰী আক্ৰামী
মেৰী আক্ৰামী (Mary Akarami, ১৯৭৫ বা ১৯৭৬ (বয়স ৪৮–৪৯) আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালিকা। ২০০১ চনৰ বন সন্মিলনত তেওঁ আফগান নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰিছিল। ২০০৩ চনত আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰই আফগানিস্তানৰ কাবুলত প্ৰথম মহিলা আশ্ৰয় শিবিৰ মুকলি কৰে।
-
মোনা চন্দ্ৰৱতী গুপ্তা
মোনা চন্দ্ৰৱতী গুপ্তা ( Mona Chandravati Gupta; ১৮৯৬–১৯৮৪) এগৰাকী ব্ৰিটিছ বাৰ্মাত জন্মগ্ৰহণ কৰা ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু মহিলাৰ সামাজিক আৰু অৰ্থনৈতিক উত্থানৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা নাৰী সেৱা সমিতিৰ প্ৰতিষ্ঠাপক।
-
মৰাণ জেৰ কেটজেনষ্টেইন
মৰাণ জেৰ কাটজেনষ্টেইন (Moran Zer Katzenstein; জন্ম:-১৩ আগষ্ট ১৯৮২) এগৰাকী ইজৰাইলী মহিলা অধিকাৰ কৰ্মী, প্ৰবক্তা, সমাজ কৰ্মী, কৌশলবিদ আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব।
-
মৰিয়ম ৰায়েদ
মৰিয়ম ৰায়েদ (Maryam Rayed) হৈছে মানৱ অধিকাৰৰ এগৰাকী আফগান সমৰ্থক৷ আফগানিস্তানৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তি, স্বাধীনতা আৰু সমতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
যোগিতা ভায়ানা
যোগিতা ভায়ানা ভাৰতৰ এগৰাকী সুপৰিচিত ধৰ্ষণ বিৰোধী কৰ্মী, যিয়ে ধৰ্ষণৰ পৰা ৰক্ষা পোৱা লোকসকলক সমৰ্থন আৰু ন্যায় লাভ কৰাত সহায় কৰা সংস্থা পিপল এগেইনষ্ট ৰেপ ইন ইণ্ডিয়া (PARI)ৰ নেতৃত্ব দিয়ে।
-
লক্ষ্মী আগৰৱাল
লক্ষ্মী আগৰৱাল (জন্ম ১ জুন ১৯৯০) এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
লালেহ ওচমানী
লালেহ ওচমানী (Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।
-
লাৱণ্য প্ৰভা ঘোষ
লাৱণ্য প্ৰভা ঘোষ (Labanya Prabha Ghosh; ১৮৯৭ – ২০০৩) বা লাৱণ্য দেৱী এগৰাকী গান্ধীবাদী নেত্ৰী তথা পশ্চিম বংগৰ, পুৰুলিয়া জিলা নিবাসী ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি।
-
লিলি বাৰ্বাৰ
লিলি মেৰী ক্লাইনডিনষ্ট (Lillie Mary Clinedinst; জন্ম:-৩ মাৰ্চ, ১৮৮৫ – ১৮ মে', ১৯৮৫)এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু শ্ৰমিক কৰ্মী আছিল।
-
লুচী বাকেছোভা
লুচী বাকেছোভা (পূৰ্বৰ উপাধি ৱাঙ্কলোভা; ২৬ ডিচেম্বৰ ১৮৫৩ – ২ এপ্ৰিল ১৯৩৫) এগৰাকী চেক নৃতত্ত্ববিদ, লোকসংস্কৃতি সংগ্ৰাহক আৰু সমাজকৰ্মী আছিল।
-
লেচলি চেচ
লেচলি চেচ (Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ'…
-
শকুন্তলা নৰসিংহন
শকুন্তলা নৰসিংহন এগৰাকী ভাৰতীয় সাংবাদিক, গ্ৰাহক অধিকাৰ কৰ্মী। আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ-সাহাছৱান ঘৰাণৰ পৰা শাস্ত্ৰীয় কণ্ঠশিল্পীতেওঁ হাফিজ আহমেদ খানৰ শিষ্য আছিল আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰদ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সংগীত কাৰ্যসূচীত কৰ্ণাটক আৰু হিন্দুস্তানী দুয়োটা শৈলীতে…
-
শালুমাৰাদা থিম্মাক্কা
শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে।