মনমীত কৌৰ (Manmeet Kaur) এগৰাকী পাকিস্তানী সাংবাদিক আৰু সমাজকৰ্মী।১তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী শিখ সাংবাদিক২৩আৰু ৩০ বছৰৰ অনুৰ্ধ ১০০গৰাকী প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী।৪
ব্যক্তিগত জীৱন
কৌৰ পাকিস্তানৰ কেপিকে প্ৰদেশৰ পেছাৱাৰৰ অন্তৰ্গত।৫ মনমীতৰ চাৰিগৰাকী ভাই-ভনী আছে। তেওঁৰ দেউতাক আছিল এজন অৱসৰপ্ৰাপ্ত ব্যৱসায়ী। তেওঁ পেছাৱৰৰ জিন্না কলেজ ফৰ ৱমেনৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৬৭ মনমীত বিবাহিত আৰু তেওঁৰ এটা সন্তান আছে।৮
কৰ্মজীৱন
প্ৰথম অৱস্থাত মনমীতে মডেল হ’ব বিচাৰিছিল আৰু পাকিস্তানৰ প্ৰথম শিখ মডেল হোৱাৰ আকাংক্ষা কৰিছিল। অৱশ্যে মনমীতে কয় যে তেওঁ পাকিস্তানৰ শিখ সম্প্ৰদায়ৰ বাবে বহু সামাজিক আৰু সাংস্কৃতিক বিষয় সামৰি ল’ব বিচাৰিছিল আৰু তেওঁ সাংবাদিকতাক কেৰিয়াৰ হিচাপে বাছি লৈছিল। খুৰাক ৰাজেশ টনি সিঙৰ পৰা তেওঁ সাংবাদিকতাত কাম কৰিবলৈ অনুপ্ৰাণিত হৈছিল।৬ মনমীতে যেতিয়া সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক সমৰ্থন কৰা নাছিল। তেওঁলোকে কয় যে মহিলাসকলে ঘৰৰ বাহিৰত কাম কৰাটো উপযুক্ত নহয়। কিন্তু শিখ সম্প্ৰদায়ৰ কাহিনী সম্প্ৰচাৰ কৰাত মনমীতৰ মনোনিৱেশে অৱশেষত নিজৰ পৰিয়ালৰ মানুহক সুখী কৰি তুলিছিল আৰু অতি সোনকালেই তেওঁৰ সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিছিল৮
তথ্যসূত্ৰ
- ↑ Kiran, Jessica. (2020-05-19). Manmeet Kaur Pakistani journalist Wiki, Bio, Profile, Unknown Facts and Family Details revealed. TheNewsCrunch
- ↑ (2018-05-24). Meet Manmeet Kaur, The First Sikh News Reporter Working In Pakistan. Sikh Siyasat News
- ↑ Khybri, Garvita. (2018-05-29). 5 Things About Pak's First Woman Sikh Reporter You Didn't Know. TheQuint
- ↑ (2020-05-17). Pakistan's First Sikh Woman Journalist Among Top 100 Influential Sikhs Under 30. News18
- ↑ (2020-05-17). Pakistan's first feminine Sikh journalist nominated for UK award. Pakistan Latest News Updates
- ↑ (2020-05-17). Pakistan's 1st woman Sikh journalist Manmeet Kaur nominated for UK award. Global Punjab
- ↑ Daur, Naya. (2020-05-16). Pakistan's First Sikh Female Reporter Wins UK Award. Naya Daur
- ↑ (2020-05-05). First female Sikh journalist from Peshawar nominated for UK award · TNN. TNN · Tribal News Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনমীত কৌৰ” প্ৰবন্ধৰ সংশোধন ৬২৫৬৬৭ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।