অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফৈজা দৰ্খানী

ফৈজা দৰ্খানী (Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ। ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ফৈজা দৰ্খানী (Faiza Darkhani, জন্ম-প্ৰায় ১৯৯২) এগৰাকী আফগান পৰিৱেশবিদ, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ।১ ২০২১ চনত তেওঁ বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাৰ অংশ আছিল, য'ত বিশ্বৰ আটাইতকৈ প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে।২ আফগানিস্তানৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ কেইগৰাকীমান পণ্ডিতৰ ভিতৰত দৰখানী অন্যতম।২ পূৰ্বে তেওঁ বাদাখছান প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা সংস্থাৰ সঞ্চালিকা আছিল।১

বাদাখশান বিশ্ববিদ্যালয়ত পঢ়িছিল; তাৰ পিছত পুত্ৰা মালয়েছিয়া বিশ্ববিদ্যালয়ত (ইউনিভাৰ্চিটি পুত্ৰআ মালয়েছিয়া বুলিও জনা যায়) অধ্যয়ন কৰে য'ত তেওঁ লেণ্ডস্কেপ আৰ্কিটেকচাৰত বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ তেওঁৰ গৱেষণাই নগৰীয়া পৰিৱেশৰ বহনক্ষম ব্যৱস্থাপনা আৰু নগৰীয়া কৃষি আৰু খাদ্য সুৰক্ষাৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (2021-12-07). BBC 100 Women 2021: Who is on the list this year?. BBC News
  2. ↑ (2021-12-08). 50 Afghans among BBC’s 100 influential women of 2021. The Frontier Post
  3. ↑ Bohn, Katrin; Viljoen, André. The vision of productive urban landscapes is horizontal and vertical. Productive Urban Landscapes. University of Brighton, UK

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৈজা দৰ্খানী” প্ৰবন্ধৰ সংশোধন ৪৯১৫৪২ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।