অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰেমা গোপালন

প্ৰেমা গোপালন (Prema Gopalan) এগৰাকী ভাৰতীয় সমাজকৰ্মী। ১৯৮৪ চনত স্থাপন হোৱা ‘ছ’চাইটী ফ’ৰ দ্য প্ৰ’ম’চন অৱ এৰিয়া ৰিছ’ৰ্চ চেণ্টাৰচ্‌’ (SPARC) সংস্থাৰ তেওঁ সহ প্ৰতিষ্ঠাপক। তাৰ পিছত তেওঁ স্বয়ম শিক্ষা প্ৰয়োগ প্ৰতিষ্ঠা কৰে আৰু বিশ বছৰ সংস্থাটোৰ কাৰ্যবাহী পৰিচালক ৰূপে কাম কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰেমা গোপালন (Prema Gopalan) এগৰাকী ভাৰতীয় সমাজকৰ্মী। ১৯৮৪ চনত স্থাপন হোৱা ‘ছ’চাইটী ফ’ৰ দ্য প্ৰ’ম’চন অৱ এৰিয়া ৰিছ’ৰ্চ চেণ্টাৰচ্‌’ (SPARC) সংস্থাৰ তেওঁ সহ প্ৰতিষ্ঠাপক। তাৰ পিছত তেওঁ স্বয়ম শিক্ষা প্ৰয়োগ প্ৰতিষ্ঠা কৰে আৰু বিশ বছৰ সংস্থাটোৰ কাৰ্যবাহী পৰিচালক ৰূপে কাম কৰে। এই অনুষ্ঠানটিয়ে আৰ্থিকভাৱে দুৰ্বল গাঁৱলীয়া মহিলাসকলক বিভিন্ন উদ্যোগী আঁচনিত সহায়ৰ হাত আগবঢ়ায়। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰা জনকল্যাণ মূলক কামৰ বাবে তেওঁ বিহাৰ, গুজৰাট, কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত বিশেষভাৱে জনাজাত। তেওঁ কৰা কামৰ বাবে গোপালন ‘ইউনাইটেড নেচনচ্‌ ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেইঞ্জ’ আৰু ‘ইউনাইটেড নেচনচ্‌ ডেভেল’পমেণ্ট প্ৰগেম’ৰ দ্বাৰা পুৰস্কৃত হৈছে।

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ পুনাত প্ৰেমা গোপালনৰ জন্ম হৈছিল।১ তেওঁ সামাজিক কামত স্নাতকোত্তৰ আৰু ‘ছ’চিঅ’লজি’ আৰু ‘ৰিচাৰ্ছ মেথড’লজি’ত এম ফিল ডিগ্ৰী লাভ কৰিছে।২

কৰ্মজীৱন

১৯৮৪ত প্ৰেমা গোপালনে শীলা পেটেলৰ সৈতে এছ.পি.এ.আৰ.চি. (SPARC) প্ৰতিষ্ঠা কৰিছিল। ১৯৯৩ চনত, গাঁৱলীয়া দৰিদ্ৰ মহিলাসকলক আত্ম-ব্যৱস্থাপনাৰ বিকেন্দ্ৰীকৃত আৰু গণতান্ত্ৰিক পদ্ধতিৰ কেন্দ্ৰত ৰখাৰ উদ্দেশ্যেৰে তেওঁ এছ.এছ.পি./SSP (স্বয়ম শিক্ষা প্ৰয়োগ/Swayam Shikshan Prayog) নামেৰে এটি বেচৰকাৰী প্ৰতিষ্ঠান স্থাপন কৰিছিল।৩ মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগত, লাতুৰ আৰু ওচমানাবাদৰ ভূমিকম্প পীড়িত জিলাবোৰৰ ১২০০ খন গাঁৱত এক ব্যাপক সম্প্ৰদায়ৰ অংশগ্ৰহণ ৰণনীতি পুনৰ নিৰ্মাণ আৰু ৰূপায়ণ নকৰালৈকে এছ.এছ.পি.-য়ে এছ.পি.এ.আৰ.চি.-ৰ ভিতৰত এক স্ব-শিক্ষা নেটৱৰ্ক হিচাপে কাম কৰিছিল।৪ ২০০১ চনৰ গুজৰাট ভূমিকম্প, ২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামি আৰু বিহাৰ আৰু কেৰালাৰ বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়তো গোপালনে দুৰ্দশাগ্ৰস্ত সকলক সহায়ৰ প্ৰচেষ্টাৰে কাম কৰিছিল।৫ পুনৰুদ্ধাৰ কৰা অঞ্চল সমূহত এছ.এছ.পি.-য়ে মহিলা উদ্যোগীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সহায় আগবঢ়াইছিল।

বঁটা আৰু স্বীকৃতি

গোপালনক অশোক ফেলো আৰু চিনাৰ্গ’ছ ফেলো ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে।৬তেওঁ ২০০৩ চনত অশোক ফেলোশ্বিপলৈ নিৰ্বাচিত হৈছিল।৭ ‘ইউনাইটেড নেচনচ্‌ ফ্ৰেমৱৰ্ক কনভেনচন অন ক্লাইমেট চেইঞ্জে’ ২০১৬ চনত গোপলনক মমেন্টাম ফ’ৰ চেইঞ্জ বঁটা প্ৰদন কৰিছে। ইয়াৰ পিছৰ বছৰত তেওঁ ‘ইউনাইটেড নেচনচ্‌ ডেভেল’পমেণ্ট প্ৰগেম’ৰ ইকুৱেটৰ প্ৰাইজ লাভ কৰে। ২০১৮ চনত, গোপালনক ‘শ্বাব ফাউণ্ডেচন ফ’ৰ ছ’চিয়েল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ’ৰ দ্বাৰা ছ’চিয়েল এণ্টাৰপ্ৰেনিয়ৰ অৱ দ্য ইয়েৰ বঁটা প্ৰদান কৰা হৈছিল।৮প্ৰেমা গোপালনে মহিলাসকলক চৰকাৰী পৰ্যায়ত নীতিৰ সুবিধা আৰু স্থানীয় পৰ্যায়ত মালিকীস্বত্ব লোৱাৰ মাজত সেঁতু নিৰ্মাণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। এই কামৰ উদ্দেশ্য হৈছে গ্ৰাম্য দৰিদ্ৰ মহিলাসকলক বিকেন্দ্ৰীকৃত, গণতান্ত্ৰিক, মৌলিক-সেৱা ব্যৱস্থাপনাৰ কেন্দ্ৰত ৰখা।৭

তথ্যসূত্ৰ

  1. ↑ Prema Gopalan—Swayam Shikshan Prayog (SSP). Khemka
  2. ↑ Awardees. Schwab Foundation for Social Entrepreneurship
  3. ↑ Prema Gopalan. Ashoka - From the field
  4. ↑ Prema Gopalan. Developed Nation
  5. ↑ December 23, Prachi Bhuchar New Delhi. (23 December 2018). Leading Ladies. India Today - India Pakistan quake toll rises as politics hampers relief. Redorbit
  6. ↑ Prema Gopalan. The Resource Alliance
  7. ↑ Prema Gopalan. www.ashoka.org/
  8. ↑ Banerjee, Shoumojit. (8 November 2018). Defying vagaries of nature to create entrepreneurs. The Hindu

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমা গোপালন” প্ৰবন্ধৰ সংশোধন ৩৮৫৪০১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।