অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিদ্যুৎ গোৰে

বিদ্যুৎ গোৰে (Vidyut Gore, জন্ম-৬ ডিচেম্বৰ ১৯৭৬), এগৰাকী ভাৰতীয় অংশকালীন ব্লগাৰ, নতুন সংবাদ মাধ্যমৰ সাংবাদিক, প্ৰচাৰক আৰু কৰ্মী। ভাৰতীয় পৰিয়ালত ঘৰুৱা নিৰ্যাতন উন্মোচন কৰা কামৰ বাবে তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাজনৈতিক আৰু ৰাজহুৱা দুৰ্নীতি উন্মোচনৰ দিশত কৰি থকা কামসমূহ ভাৰতীয় সংবাদ…

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিদ্যুৎ গোৰে (Vidyut Gore, জন্ম-৬ ডিচেম্বৰ ১৯৭৬), এগৰাকী ভাৰতীয় অংশকালীন ব্লগাৰ, নতুন সংবাদ মাধ্যমৰ সাংবাদিক, প্ৰচাৰক আৰু কৰ্মী। ভাৰতীয় পৰিয়ালত ঘৰুৱা নিৰ্যাতন উন্মোচন কৰা কামৰ বাবে তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল৷১ তেওঁ ভাৰতৰ ৰাজনৈতিক আৰু ৰাজহুৱা দুৰ্নীতি উন্মোচনৰ দিশত কৰি থকা কামসমূহ ভাৰতীয় সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম দুয়োটাতে প্ৰকাশ পাইছে।২৩৪ ভাৰতীয় ডিজিটেল চেন্সৰশ্বিপৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ,৫ শৈক্ষিক অধ্যয়ন,৬ আৰু ৰাষ্ট্ৰসংঘৰ চিএছটিডি অধ্যয়নক তেওঁ গুৰুত্ব আৰোপ কৰিছে৷৭৮ সামাজিক আৰু ৰাজনৈতিক বিষয়ত ভাৰতীয় মূলসুঁতিৰ সংবাদ মাধ্যমে তেওঁৰ বহুবাৰ উদ্ধৃতি দিছে।৯১০১১ ২০১৯ চনৰ আগষ্ট মাহত তেওঁ অল্ট চৰকাৰ স্পুফ বিকল্প চৰকাৰী ৰ'ল-প্লে প্ৰকল্প আৰম্ভ কৰে যিয়ে বিভিন্ন সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে।১২১৩১৪

ডিজিটেল সাংবাদিকতা

২০১৩ চনত গোৰৰ অৱদানক ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি আয়োগে "ইণ্টাৰনেটৰ বিশ্বব্যাপী শাসনক গণতান্ত্ৰিকীকৰণ"ৰ কৰ্মগোটে স্বীকৃতি দিয়ে।৭৮গোৰে গ্ৰাম্য বিষয়ত পালাগুম্মি ছাইনাথৰ ডিজিটেল পিপলছ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া,১৫আৰু ইংৰাজী-হিন্দী ভাষাৰ অন্যান্য ডিজিটেল বাতৰি ৱেবছাইট যেনে-দ্য কুইণ্ট,১৬ ইণ্ডিয়া টুডেৰ অনলাইন ডেইলীঅ' নিউজ চাইট,১৭ আৰু ভাৰতীয় ডিজিটেল মিডিয়া উদ্যোগী নিখিল পাৱাৰ নিউজ চাইট, মিডিয়ানামাত অৰিহণা যোগাইছে।১৮১৯

ব্যক্তিগত জীৱন

গোৰ ইণ্ডিয়ান ছ'চাইটি ফৰ এপ্লাইড বিহেভিয়াৰ ছায়েন্স (আই এছ এ বি এছ)ৰ প্ৰাক্তন ছাত্ৰী আৰু তেওঁ নিজকে "অৰাজনৈতিক" বুলি অভিহিত কৰে।২০

গোৰে হিমালয়ৰ ট্ৰেকিং গাইড আৰু কৰ্পৰেট প্ৰশিক্ষক আছিল, তাৰ পিছত বিয়া হৈ মুম্বাইৰ বিৰাৰত বিদ্যুৎ কালে হিচাপে বসতি স্থাপন কৰিছিল আৰু ২০০৯ চনত পুত্ৰৰ জন্মৰ লগে লগে পূৰ্ণকালীন মাতৃলৈ পৰিণত হৈছিল।১২৩২১ গোৰৰ পুত্ৰৰ জন্মগত অসুবিধাৰ বাবে তেওঁ ঘৰতে অধিক থাকিবলৈ বাধ্য হৈছিল৷ ইয়াৰ ফলত তেওঁ ৰাজনৈতিক ব্লগিঙক এটা মাধ্যম হিচাপে মনোনিৱেশ কৰিছিল।২০ বিড়ম্বনাৰ কথাটো হ'ল, তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ পৰিয়াল আৰু তেওঁৰ তেতিয়াৰ স্বামী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক আছিল, আৰু তেওঁলোকে তেওঁৰ ব্লগটো কেতিয়াও পঢ়া নাছিল।২ তেওঁ বৰ্ণনা কৰিছিল যে এই সময়ছোৱাত তেওঁৰ বিবাহ "বিচ্ছিন্ন হৈ পৰিছিল"৷ এসময়ত তেওঁ বিবাহ বিচ্ছেদ কৰিছিল।২০

তথ্যসূত্ৰ

  1. ↑ Hemchhaya De. (2 May 2017). Blogger Vidyut Kale on being politically incorrect. femina.in
  2. ↑ Roy, Nilanjana S. (27 March 2012). When Home Is No Refuge for Women. The New York Times
  3. ↑ (27 March 2012). Meet the brain behind the sarcasm sites on Narendra Modi and Rahul Gandhi. ইণ্ডিয়া টুডে
  4. ↑ (3 August 2013). After Narendra Modi, Rahul Gandhi, Kapil Sibal gets a sarcastic site on himself. ইণ্ডিয়া টুডে
  5. ↑ Sathe, Gopal. (2 November 2012). liveMint: Free Speech · Virtual empowerment. Mint
  6. ↑ Namrata Chakraborty (Symbiosis Law School). (July 2016). HUMAN RIGHTS AND DIGITAL MEDIA: A STUDY ON THE STATUS OF FREE SPEECH IN VIRTUAL WORLD WITH RESPECT TO US, UK & INDIAN OUTLOOK. International Journal of Law and Legal Jurisprudence Studies. পৃ. 384–385
  7. ↑ (September 2013). List of organisations and individuals supporting civil society input to the UN Working Group looking at institutional mechanisms for global governance of the Internet. IT For Change
  8. ↑ (September 2013). Response to the questionnaire issued by CSTD Working Group on Enhanced Cooperation. United Nations Commission on Science and Technology for Development
  9. ↑ Kim Arora. (2 May 2014). Activists bemoan absence of "active" Pirate Party in India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ Khuldune Shahid. (8 January 2016). Peace after Pathankot. The Friday Times
  11. ↑ DIVYA RAJAGOPAL. (10 February 2015). Team AIB apologises to Christian community. India Times
  12. ↑ Lazarus, Susanna Myrtle. Meet India's spoof PM of an Alt Sarkar on Twitter. The Hindu
  13. ↑ Kapur, Manavi. (29 August 2019). A poll on Twitter has birthed an all-spoof alternative Indian government. Yahoo finance
  14. ↑ Dhingra, Sanya. (23 August 2019). With #AltSarkar, India gets a new 'government' and 'prime minister' — on Twitter. ThePrint
  15. ↑ Articles by Vidyut Kayle. psainath.org
  16. ↑ (18 May 2018). Dear Centre & UIDAI, Please Stop Misdirecting Us on Aadhaar. The Quint
  17. ↑ Articles by Vidyut Kale. DailyO
  18. ↑ Vidyut Kale; Nikhil Pahwa. (1 May 2018). Cracked Aadhaar enrollment and updation software for sale on the black market: Report. MediaNama
  19. ↑ (29 May 2018). Articles by Vidyut Kale. MediaNama
  20. ↑ AEKTA KAPOOR. (4 May 2019). From 'Jumla' to 'Urban Naxal', Her Soaps Make a Political Statement. eShe
  21. ↑ Prasun Chaudhuri. (8 March 2014). Girls just wanna have.. a voice. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যুৎ গোৰে” প্ৰবন্ধৰ সংশোধন ৬৩০৪৯৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।