অমৃতা পেটেল (Amrita Patel, জন্ম: ১৩ নৱেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ সমবায় দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু লগতে এগৰাকী পৰিবেশবিদ। তেওঁ ১৯৯৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ নেতৃত্ব দিছিল। এই বোৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ উন্নয়ন কাৰ্যসূচী 'অপাৰেচন ফ্লাদ'ৰ নেতৃত্ব দিছিল। তেওঁ আন কেইবাটাও প্ৰতিষ্ঠানৰ অধ্যক্ষতা কৰিছিল আৰু বেংকৰ বোৰ্ডৰ সদস্য আছিল। ২০০১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১
প্ৰাৰম্ভিক জীৱন
অমৃতা পেটেলৰ জন্ম ১৯৪৩ চনৰ ১৩ নৱেম্বৰত নতুন দিল্লীৰ সফদৰজং ৰোডৰ এক গুজৰাটী পৰিয়ালত হৈছিল। তেওঁ অসামৰিক সেৱাৰ বিষয়া আৰু ৰাজনীতিবিদ হিৰুভাই এম পেটেল আৰু সাৱিত্ৰীবেনৰ কন্যা। তেওঁ পৰিয়ালৰ পাঁচগৰাকী কন্যাৰ ভিতৰত আটাইতকৈ সৰু আছিল। তেওঁৰ দেউতাকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ পৰিয়াল ১৯৫৯ চনত গুজৰাটৰ আনন্দলৈ উভতি গৈছিল। তেওঁ মুম্বাইৰ পৰা উচ্চ শিক্ষা লাভ কৰিছিল আৰু পশু চিকিৎসা বিজ্ঞান আৰু পশুপালনৰ স্নাতক ডিগ্ৰী লাভ কৰি অধ্যয়ন সম্পূৰ্ণ কৰিছিল। ১৯৬৫ চনত তেওঁ দুগ্ধসমবায় আমুলত যোগদান কৰে আৰু ভাৰ্গিজ কুৰিয়েনৰ অধীনত প্ৰশিক্ষণ লাভ কৰিছিল।২৩
কৰ্মজীৱন
আমুলত প্ৰায় চাৰি দশক জুৰি কাম কৰাৰ পিছত তেওঁ ১৯৯৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ (এনডিডিবি) অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। এনডিডিবিৰ পৰিচালনা সঞ্চালক হিচাপে তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ বিকাশ কাৰ্যসূচী অপাৰেচন ফ্লাদৰ নেতৃত্ব দিছিল।৪
তেওঁ দিল্লীৰ মাদাৰ ডেইৰীৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল। ইয়াৰ লগতে তেওঁ আন্তৰ্জাতিক দুগ্ধ ফেডাৰেচনৰ ভাৰতীয় ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি আৰু পিছত হিমাচল প্ৰদেশ চৰকাৰৰ পৰিকল্পনা আয়োগৰ সদস্যও আছিল।১ তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বোৰ্ডৰ বৰ্তমান সদস্য।৪
তেওঁ পৰিৱেশ আৰু পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ পোষকতা কৰে। তেওঁ পৰিৱেশৰ ক্ষেত্ৰত কাম কৰা পৰিৱেশ নিৰাপত্তা ফাউণ্ডেচনৰ অধ্যক্ষ আছিল।২৫ তেওঁ বৰ্তমান চৰ্দাৰ পেটেল নৱীকৰণযোগ্য শক্তি গৱেষণা প্ৰতিষ্ঠান আৰু লগতে চাৰুতাৰ আৰোগ্য মণ্ডলৰ অধ্যক্ষ হিচাপে কৰ্মৰত।৪
বঁটা আৰু সন্মান
দুগ্ধ খণ্ডৰ বিকাশ আৰু ব্যৱস্থাপনাত তেওঁৰ অৱদানৰ বাবে তেওঁ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ হৈছে: ফাইনেঞ্চিয়েল এক্সপ্ৰেছ জীৱনজোৰা সাধনা বঁটা, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জৱাহৰলাল নেহৰু জন্ম শতবৰ্ষী বঁটা (১৯৯৯-২০০০), ৱৰ্ল্ড ডেইৰী এক্সপোৰ বৰ্ষশ্ৰেষ্ঠ আন্তৰ্জাতিক ব্যক্তি (১৯৯৭), ভাৰতীয় ডেইৰী এছোচিয়েচন ফেল'শ্বিপ, কৃষিমিত্ৰ বঁটা, ফুয়েল ইঞ্জেক্সন ইঞ্জিনিয়াৰিং কোম্পানীৰ পৰা ফাউণ্ডেচন ৰাষ্ট্ৰীয় বঁটা, সহকাৰিতা বন্ধু বঁটা, বৰলাগ বঁটা (১৯৯১),১৪ ইন্দিৰা গান্ধী পৰিৱেশ পুৰস্কাৰ (২০০৫), মহিন্দ্ৰা সমৃদ্ধি কৃষি শিৰোমণি সন্মান জীৱনজোৰা সাধনা বঁটা (২০১৬) ইত্যাদি।৬
ভাৰত চৰকাৰে ২০০১ চনত তেওঁক বাণিজ্য শিতানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।১৪
তথ্যসূত্ৰ
- ↑ Vyas, Rajani. (2012). ગુજરાતની અસ્મિતા. Akshara Publication. পৃ. 314
- ↑ (2003-12-17). The lonely mission of Amrita Patel. The Financial Express
- ↑ (2012-09-12). Amrita Patel on Kurien's ideologies, the road ahead. Rediff
- ↑ Dr. Amrita Patel · nddb.coop. www.nddb.coop
- ↑ (2008-06-06). Amrita Patel gets environ award. The Hindu Business Line
- ↑ Srivastava, Shilpika. (2016-03-08). Amrita Patel awarded with Mahindra Samriddhi Krishi Shiromani Samman. Jagranjosh.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৃতা পেটেল” প্ৰবন্ধৰ সংশোধন ৬২৮৬৪৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।