অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱী প্ৰসাদ শেট্টী

দেৱী প্ৰসাদ শেট্টী (Devi Prasad Shetty) হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। তেখেত নাৰায়ণা হেল্থ (Narayana Health) নামৰ ২১টা চিকিৎসা-কেন্দ্ৰযুক্ত সংস্থাটোৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেখেতে ১৫,০০০ টাতকৈও অধিক হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিছে।

হালনাগাদ: ১১ মে’ ২০২৬ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দেৱী প্ৰসাদ শেট্টী (Devi Prasad Shetty) হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। তেখেত নাৰায়ণা হেল্থ (Narayana Health) নামৰ ২১টা চিকিৎসা-কেন্দ্ৰযুক্ত সংস্থাটোৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ।১ তেখেতে ১৫,০০০ টাতকৈও অধিক হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিছে।২ ভাৰতৰ স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০০৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ২০১২ চনত পদ্মভূষণ প্ৰদান কৰে।৩৪

প্ৰাৰম্ভিক জীৱন

১৯৫৩ চনৰ ৮ মে'ত কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ এখন গাঁৱত দেৱী প্ৰসাদ শেট্টীৰ জন্ম হৈছিল। তেওঁ আছিল পিতৃ-মাতৃৰ অষ্টমগৰাকী সন্তান। তেওঁলোকৰ মুঠতে নগৰাকী সন্তান আছিল। বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই তেওঁ হৃদৰোগৰ চাৰ্জন হ'ম বুলি সিদ্ধান্ত লৈছিল, যেতিয়া তেওঁ দক্ষিণ আফ্ৰিকাৰ চিকিৎসক ক্ৰিষ্টিয়ান বাৰ্নাডে কৰা পৃথিৱীৰ প্ৰথমটো হৃদযন্ত্ৰ প্ৰতিষ্ঠাপনৰ বিষয়ে শুনিছিল।৫ ১৯৭৯ চনত এমবিবিএছৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ৬মাংগালোৰস্থিত কস্তুৰবা চিকিৎসা মহাবিদ্যালয়ত সাধাৰণ অস্ত্ৰোপচাৰ বিষয়ত পষ্ট-গ্ৰেজুৱেট কৰিছিল। তাৰপিছত তেখেতে ইংলেণ্ডৰ ৰয়েল কলেজ অৱ চাৰ্জনছৰ পৰা এফআৰচিএছ (FRCS) অৰ্জন কৰিছিল।৭

কৰ্মজীৱন

১৯৮৯ চনত শেট্টী ভাৰতলৈ ঘূৰি আহে আৰু আৰম্ভণিতে কলিকতাস্থিত বি.এম. বিৰলা হস্পিতালত কাম কৰে। ১৯৯২ চনত "ৰনি" নামৰ এটা নবছৰীয়া শিশুৰ দেহত পোনপ্ৰথমে তেখেতে হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰে। কলিকতাত মাদাৰ টেৰেছাৰ হাৰ্ট-এটেক এটা হোৱাৰ পিছত শেট্টীয়ে তেখেতৰ অস্ত্ৰোপচাৰ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতৰ ব্যক্তিগত চিকিৎসকৰ দায়িত্ব পালন কৰে। কিছুদিনৰ পিছত তেখেত বেংগালুৰুলৈ আহে আৰু বাংগালোৰৰ মণিপাল চিকিৎসালয়ত মণিপাল হৃদযন্ত্ৰ সংস্থা প্ৰতিষ্ঠা কৰে। তেখেতৰ শহুৰেকে ইয়াক প্ৰতিষ্ঠা কৰাত আৰ্থিকভাৱে সহায় কৰিছিল।

২০০১ চনত শেট্টীয়ে নাৰায়ণা হৃদয়ালয় প্ৰতিষ্ঠা কৰে। বাংগালোৰৰ পৰা নাতিদূৰৈৰ বোমাচন্দ্ৰাত এইখন প্ৰতিষ্ঠা কৰা হয়। তেওঁ বিশ্বাস কৰিছিল যে স্বাস্থ্যখণ্ডত হোৱা খৰচ পৰৱৰ্তী পাঁচ-দহটা বছৰত ৫০% পৰ্যন্ত কমাব পৰা যায়, যদিহে চিকিৎসালয়সমূহ পৰিমাপৰ অৰ্থনীতি (economies of scale)ৰ ধাৰণাটো অৱলম্বন কৰে।৮ ২০১২ চনৰ আগষ্টত শেট্টীয়ে ট্ৰিমেডএক্স(TriMedx)ৰ লগত এক চুক্তিত আৱদ্ধ হয়। এই চুক্তি অনুসৰি ভাৰতত এটা হাস্পতালৰ শৃংখলা সৃষ্টি কৰিবলৈ যুগ্ম উদ্যোগ লোৱা হয়।৯

শেট্টীয়ে কলিকতাত ৰবীন্দ্ৰনাথ ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় হৃদবিজ্ঞান প্ৰতিষ্ঠান (RTIICS) প্ৰতিষ্ঠা কৰে আৰু বাংগালোৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত ৫,০০০ বিছনাযুক্ত বিশেষ চিকিৎসালয় স্থাপন কৰিবলৈ কৰ্ণাটক চৰকাৰৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ঠিক একেদৰে আহমেদাবাদতো ৫,০০০ বিছনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰিবলৈ গুজৰাট চৰকাৰৰ লগত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।১০

২০১৩ চনত বাংগালোৰত অনুষ্ঠিত হোৱা IACCCON ৰ বাৰ্ষিক বৈজ্ঞানিক অধিৱেশনত শেট্টীক Indian Association of Clinical Cardiologists ৰ মুখ্য পৃষ্ঠপোষক নিৰ্বাচিত কৰা হয়।১১

বঁটা-সন্মান

  • পদ্মভূষণ, ২০১২ চনত।১২
  • কৰ্ণাটক ৰত্ন, ২০০১ চনত।১৩
  • বছৰটোৰ উদ্যোগী বঁটা, ইক'নমিক টাইমছৰ দ্বাৰা ২০১২ চনত।৮
  • দ্য ইকোনমিষ্ট ইনোভেছন বঁটা, ২০১১ চনত।১৪
  • সামাজিক উদ্যোগৰ বাবে স্বাব সংস্থা বঁটা (Schwab Foundation's award), ২০০৫ চনত।১৫
  • ডা: বি.চি. ৰয় ৰাষ্ট্ৰীয় বঁটা, ২০০৩ চনত, চিকিৎসাৰ প্ৰখ্যাত ব্যক্তি শিতানত।১৬
  • পদ্মশ্ৰী, ২০০৪ চনত।১৭
  • বৰ্ষটোৰ আৰ্ণষ্ট আৰু যুৱ উদ্যোগী সন্মান, ২০১২ চনত।১৮

তথ্যসূত্ৰ

  1. ↑ Gokhale, Ketaki. (28 July 2013). Heart Surgery in India for $1,583 Costs $106,385 in U.S.. Bloomberg.com
  2. ↑ (15 April 2010). First break all the rules. The Economist
  3. ↑ (27 January 2013). Padma Awards. pib
  4. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  5. ↑ (25 November 2009). The Henry ford of heart surgery. The Wall Street Journal
  6. ↑ Directorate of Printing, Government of India. (1981-01-03). Gazette of India, 1981, No. 452
  7. ↑ Brief Profile - Devi Prasad Shetty
  8. ↑ (19 September 2012). ET Awards 2012. Economic Times
  9. ↑ (28 August 2012). Devi Shetty to leverage frugal engineering for medical fraternity. Business Standard
  10. ↑ (17 January 2009). Narayana Hrudayalaya, Gujarat join hands for health city project. Thehindubusinessline.in
  11. ↑ Publications. Accindia.org
  12. ↑ Dr. Devi Prasad Shetty, Padma Bhushan. Padma Bhushan to Dr. Shetty. Ndtv.com
  13. ↑ karnataka.gov.in/page/Awards/State%20Awards/Karn
  14. ↑ Business Process award winner 2011. The Economist
  15. ↑ 'Social enterprises' rise in Asia amid skepticism. Nikkei Asian Review. TOMOMI KIKUCHI
  16. ↑ আৰ্কাইভ কপি
  17. ↑ (2 January 2018). Devi Shetty hails NMC bill, says it’s a good move by govt. The Indian Express
  18. ↑ Entrepreneur Of The Year 2017 program - Past winners. Ernst & Young

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদভাৰতৰ ব্যৱসায়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী প্ৰসাদ শেট্টী” প্ৰবন্ধৰ সংশোধন ৬০৫৮০৯ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।