ভাৰতৰ ব্যৱসায়ী
৩৪ প্ৰবন্ধ
-
ৰামনাথ গোৱেঙ্কা
ৰামনাথ গোৱেংকা (Ramnath Goenka; ২২ এপ্ৰিল ১৯০৪ – ৫ অক্টোবৰ ১৯৯১) এজন ভাৰতীয় কাকত প্ৰকাশক। ১৯৩০ চনত তেওঁ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। তেওঁ বিভিন্ন ইংৰাজী আৰু আঞ্চলিক ভাষাৰ প্ৰকাশনেৰে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপ গঠন কৰে।
-
ৰেণু সুখেজা
ৰেণু সুখেজা (ইংৰাজী: Renu Sukheja; জন্ম: ২৫ ডিচেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা, ছচিয়েল মিডিয়া ব্যক্তিত্ব আৰু প্ৰাক্তন মডেল। তেওঁ ফেশ্বন আৰু মিডিয়া কনচালটিং প্ৰতিষ্ঠান 'এন্থিম কনচালটিং প্ৰাইভেট লিমিটেড'ৰ মুখ্য পৰিচালন বিষয়া।
-
ৰোশনী নাদাৰ
ৰোশনী নাদাৰ মালহোত্ৰা (Roshni Nadar Malhotra, জন্ম: ১৯৮০/১৯৮১) এগৰাকী ভাৰতীয় ব্যৱসায়ী, এইচচিএল টেকনলজিছৰ অধ্যক্ষ আৰু ভাৰতত তালিকাভুক্ত আই টি কোম্পানীৰ নেতৃত্ব দিয়া প্ৰথম মহিলা। তেওঁ এইচচিএলৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ একমাত্ৰ সন্তান।
-
ৰোষেশ্বৰ বৰুৱা
ৰোষেশ্বৰ বৰুৱা(Rosheswar Barua) আছিল অসম, ভাৰতৰ এগৰাকী চাহ-খেতিয়ক৷ ঊনৈশ শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহখেতি কৰিছিল৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী আৰু দুই-এক তথ্যসূত্ৰ মতে, ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ-খেতিয়ক৷