অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰ্গিজ কুৰিয়েন

ভাৰ্গিজ কুৰিয়েন (Verghese Kurien; ২৬ নৱেম্বৰ, ১৯২১--৯ ছেপ্টেম্বৰ, ২০১২) এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ"।

হালনাগাদ: ১৪ আগষ্ট ২০২৫ ৯০২ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভাৰ্গিজ কুৰিয়েন (Verghese Kurien; ২৬ নৱেম্বৰ, ১৯২১--৯ ছেপ্টেম্বৰ, ২০১২) এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়।১ এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ"।২ এই কাৰ্যসূচীয়ে ভাৰতৰ দুগ্ধ উৎপাদনক পৃথিৱীৰ ভিতৰতে সৰ্ব্বোচ্চ কৰি তোলে। ইয়াৰ আগলৈ ভাৰতৰ দুগ্ধ উৎপাদন ক্ষেত্ৰই দেশৰ চাহিদা পূৰণ কৰিব পৰা নাছিল।৩ এখেতৰ যত্নতে দুগ্ধ উৎপাদন ভাৰতৰ বৃহত্তম স্ব-নিৰ্ভৰশীল কৃষি উদ্যোগত পৰিণত হয়।৪ পাছলৈ খোৱাতেলৰ ক্ষেত্ৰতো কুৰিয়েনে ভাৰতক স্ব-নিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হয়।৫

গুজৰাটৰ আনন্দ জিলাত 'দুগ্ধ উৎপাদন'ৰ লগত কাৰ্যৰত অৱস্থাতে কুৰিয়েনে আৰু তেখেতৰ সহকৰ্মী তথা গুৰুসদৃশ 'ত্ৰিভুৱনদাস পেটেল'-ৰ সতে মিলি সমবায় ভিত্তিক দুগ্ধ উৎপাদন আৰু বিক্ৰীৰ এক সফল প্ৰকল্প ৰূপায়ণ কৰে। এই প্ৰকল্পই পাছলৈ 'আমুল' (Amul) প্ৰকল্পৰ আধাৰ হিচাপে পৰিগণিত হয়। কুৰিয়েনে প্ৰায় ৩০-টা বিশেষ উৎকৰ্ষৰ উদ্যোগ প্ৰতিষ্ঠা কৰে, ইয়াৰ ভিতৰত Amul, GCMMF, IRMA, NDDB আদি প্ৰধান। কুৰিয়েনেই আমুলক এক অত্যন্ত সফল উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ় দিয়ে। কুৰিয়েন ভাৰতৰ 'ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ সমিতি' (National Dairy Development Board, NDDB) প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।২

সমবায় ভিত্তিক উদ্যোগৰ এক শক্তিশালী সংগঠক ভাৰ্গিজ কুৰিয়েনক 'ভাৰতৰ দুগ্ধ মানৱ' হিচাপে জনা যায়। পদ্মবিভূষণ, বিশ্ব খাদ্য পুৰস্কাৰ, মেগছেছে পুৰস্কাৰকে ধৰি কেবাটাও ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পুৰস্কাৰ এখেতে লাভ কৰিছে।

শৈশৱ আৰু শিক্ষা

১৯২১ চনৰ ২৬ নৱেম্বৰত ব্ৰিটিছ অধ্যুষিত ভাৰতৰ মাদ্ৰাজ ৰাজ্যৰ কালিকট-ত ভাৰ্গিজ কুৰিয়েনৰ জন্ম হয়। কুৰিয়েনৰ পিতৃ এগৰাকী চিভিল ছাৰ্জন আছিল। জন্মসূত্ৰে কুৰিয়েন খ্ৰীষ্ট ধৰ্মী যদিও পাছলৈ তেখেতে ধৰ্মবিশ্বাস পৰিত্যাগ কৰি 'নাস্তিক' বুলি চিনাকি দিয়ে।৬৭

লয়লা কলেজ, মাদ্ৰাজৰপৰা পদাৰ্থবিজ্ঞান বিষয়ত স্নাতক উপাধি লোৱাৰ পাছত কুৰিয়েনে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰপৰা মেকানিকেল ইঞ্জিনীয়াৰিঙত বি.ই. ডিগ্ৰী লয়। ইয়াৰ পাছত তেওঁ জামছেদপুৰ টাটা ষ্টীল টেক্‌নিকেল ইন্‌ষ্টিটিউটত ভৰ্তি হয় আৰু ১৯৪৬ চনত তাৰ স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত কুৰিয়েনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ইউনিভাৰ্ছিটিলৈ যায়। তেওঁ দুগ্ধ ইঞ্জিনীয়াৰিং পঢ়াৰ কথা আছিল যদিও, তেওঁ তাত বিভাগ সলনি কৰি ধাতুবিদ্যা আৰু আণৱিক ইঞ্জিনীয়াৰিং পঢ়ে।৮ আমেৰিকালৈ যোৱাৰ আগেয়ে কুৰিয়েনে বেংগালুৰুৰ 'ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান' (National Dairy Research Institute)-ত 'দুগ্ধ প্ৰযুক্তি' বিষয়ত এটা ৯ মহীয়া প্ৰশিক্ষণ লৈছিল।৯ পাছলৈ নিউজিলেণ্ডত কুৰিয়েনে দুগ্ধ প্ৰযুক্তিৰ বিষয়ে চৰকাৰী পৃষ্ৱপোষকতাত শিক্ষা লাভ কৰিছিল। নিউজিলেণ্ড সেই সময়ত সমবায়ভিত্তিক দুগ্ধ উৎপাদনৰ অতি সফল দেশ আছিল।

কৰ্ম জীৱন

১৯৪৮ চনত কুৰিয়েন স্বদেশলৈ উভতি আহে আৰু ভাৰত চৰকাৰৰ 'ডেইৰী ডিপাৰ্টমেণ্ট'-ত যোগদান কৰে।৯ ১৯৪৯ চনৰ ১৩ মে-ত তেখেতক গুজৰাটৰ খেড়া (কৈৰা) জিলাৰ আনন্দত অৱস্থিত 'কৈৰা জিলা সমবায় দুগ্ধ উৎপাদক সংগঠন (সী.)'-ত (Kaira District Co-operative Milk Producers' Union Ltd.) কৰ্মৰত হয়। এই কামত তেখেতৰ মন বহা নাছিল, আৰু চৰকাৰী জলপানিৰ চৰ্তত উল্লিখিত বণ্ড শেষ হোৱাৰ পাছতেই তাৰ পৰা আঁতৰি যাবলৈ তেওঁ মন ঠিৰ কৰিছিল। কিন্তু সংগঠনটোৰ অধ্যক্ষ ত্ৰিভুৱনদাস পেটেলে তেখেতক আনন্দতে কাম কৰাৰ বাবে মান্তি কৰায়।১০ পেটেলে ইতিমধ্যে খেড়া জিলাৰ খেতিয়কসকলক সংগঠিত কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত গাখীৰ একত্ৰিত কৰি তাক প্ৰক্ৰম কৰি বিক্ৰী কৰাৰ বাবে আঁচনি তৈয়াৰ কৰিছিল। সমবায় ভিত্তিক ব্যৱস্থাৰ এইটো এটা দিগদৰ্শী প্ৰকল্প আছিল।১১

ভাৰ্গিজ কুৰিয়েনে পেটেলৰ লগত লগ-লাগি এই প্ৰত্যাহ্বানমূলক কামত লাগি পৰে। তেওঁলোকৰ এই প্ৰকল্পই ভৱিষ্যতৰ আমুল উদ্যোগৰ বীজ হিচাপে পৰিগণিত হয়। একে সময়তে কুৰিয়েনৰ সহকৰ্মী তথা দুগ্ধ বিশেষজ্ঞ এইচ.এম. দালায়া-ই ম'হৰ গাখীৰৰপৰা 'গাখীৰ পাউদাৰ' আৰু ঘন গাখীৰ (Condensed Milk) প্ৰস্তুত কৰাৰ কৌশল বিকশিত কৰে।১২১৩ ইয়াৰ আগলৈ অকল গৰুৰ গাখীৰৰ পৰাহে এনে সামগ্ৰী প্ৰস্তুত কৰিব পৰা গৈছিল। এই উদ্ভাৱনৰ লগে লগেই আমুল কোম্পানীয়ে পশ্চিমৰ বৃহৎ দুগ্ধ প্ৰতিষ্ঠান 'নেছ্‌লে' (Nestle)-ৰ লগত ফেৰ মাৰিব পৰা হৈ উঠে। দেশৰ উদ্যোগিক ক্ষেত্ৰত সোনকালেই আমুল এক অতি সফল উদ্যোগ হিচাপে চিহ্নিত হয়। আমুলৰ সাফল্যত উৎসাহিত হৈ ১৯৬৫ চনত প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী-য়ে 'ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন সমিতি' (National Dairy Development Board (NDDB)) গঠন কৰে আৰু কুৰিয়েনক ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নিয়োজন কৰে।

গুজৰাটৰ আন আন জিলাতো আমুলৰ একে আদৰ্শৰে অন্যান্য দুগ্ধ প্ৰতিষ্ঠান স্থাপিত হৈছিল। ভাৰ্গিজ কুৰিয়েনে সকলো এনে প্ৰতিষ্ঠান একত্ৰীত কৰি ১৯৭৩ চনত GCMMF (Gujarat Co-operative Milk Marketing Federation Ltd.) গঢ় দিয়ে। GCMMF-এ উৎপাদিত সামগ্ৰী একেটা ব্ৰেণ্ড নাম আমুলৰ অধীনত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান আমুল-এ সামগ্ৰী দেশৰ লগতে কেবাখনো বিদেশ ৰাষ্ট্ৰটো উপলব্ধ। ২০০৬ চনত GCMMF-ৰ বোৰ্ডসদস্যৰ লগত হোৱা মতানৈক্যৰ বাবে কুৰিয়েনে অব্যাহতি লয়।১৪১৫ আমুল, NDDB, GCMMF-ৰ বাহিৰেও আৰু কেবাটাও প্ৰতিষ্ঠানৰ লগত কুৰিয়েন জড়িত আছিল। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা স্থাপিত Viksit Bharat Foundation, 'গ্ৰাম্য ব্যৱস্থাপনা শিক্ষা প্ৰতিষ্ঠান' (Institute of Rural Management (IRMA) আদিত কুৰিয়েনে উল্লেখনীয় পদবীত কৰ্মৰত হৈ প্ৰতিষ্ঠানকেইখনত গতি প্ৰদান কৰিছিল।

আমোদজক ভৱে দুগ্ধ উন্নয়নত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত কৰোৱা কুৰিয়েনে নিজে গাখীৰ নেখাইছিল।১৬

মৃত্যু

২০১২ চনৰ ৯ ছেপ্টেম্বৰত কেইদিনমানৰ শাৰীৰিক অসুস্থতাৰ পাছত ভাৰ্গিজ কুৰিয়েনৰ মৃত্যু হয়। গুজৰাটৰ আনন্দৰ ওচৰৰে নদিয়াদ নামে ঠাইত ৯০ বছৰত কুৰিয়েনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতে স্ত্ৰী মলি, জীয়ৰী নিৰ্মলা কুৰিয়েন আৰু নাতি সিদ্ধাৰ্থ-ক এৰি যায়।১৭ এই ঘটনাৰ পাছতে আমুল কোম্পানীৰ বিজ্ঞাপনত ব্যৱহৃত 'আমুল গাৰ্ল' নামৰ চৰিত্ৰটোৱে প্ৰথমবাৰৰ বাবে চকু পানী টোকা দেখা যায়।১৮

সমবায় ভিত্তিক চলচ্চিত্ৰ

আমুল কোম্পানীৰ বিজ্ঞাপনৰ বাবে কাম কৰা থকা অৱস্থাত চলচ্চিত্ৰ পাৰিচালক শ্যাম বেনেগাল-এ ভাৰ্গিজ কুৰিয়েনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ 'মন্থন' নামে এখন চলচ্চিত্ৰৰ পৰিকল্পনা কৰে। কিন্তু ছবিখনৰ বাবে আৰ্থিক জোগাৰ কৰিবলৈ অক্ষম হোৱাত কুৰিয়েনে আমুলৰ লগত জড়িত আধা নিযূত খেতিয়কক এটকাকৈ ছবিখনৰ বাবে বৰঙনি আগবঢ়াবলৈ অনুৰোধ জনায়। এই অৰ্থসাহায্যৰে ছবিখন ১৯৭৬ চনত নিৰ্মাণ হৈ ওলায়। সমালোচকৰ দ্বাৰা বিশেষভাৱে সমাদৃত ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা উপৰিও অৱশেষত পৰিবেশকৰ দ্বাৰা চলচ্চিত্ৰ গৃহতো প্ৰদৰ্শিত হয়।

এই চলচ্চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ কুৰিয়েনে পশু চিকিৎসক, দুগ্ধ প্ৰযুক্তিবিদ আৰু পশুখাদ্য বিশাৰদৰ একোটা গোট গঠন কৰি ছবিখনৰ লগতে গাঁৱসমূহলৈ প্ৰেৰণ কৰে। তেওঁলোকে ছবিখন দেখুওৱাৰ পাছতে দুগ্ধ উৎপাদন বঢ়াবলৈ সংকৰ গো-ধনৰ উপযোগিতাৰ ওপৰত ব্যাখ্যাকৰে। খেতিয়কসকলক দুগ্ধ আন্দোলনৰ প্ৰতি উন্মুখ কৰিবলৈ কুৰিয়েনে এই ব্যৱস্থা হাতত লৈছিল।১৯ ৰাষ্ট্ৰ সংঘৰ বিকাশ কাৰ্যসূচী (United Nations Development Program) (UNDP) য়ে এই চলচ্চিত্ৰখন দক্ষিণ আমেৰিকাৰ প্ৰদৰ্শন কৰি একে আন্দোলন গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।

কুৰিয়েন আৰু নৰেন্দ্ৰ মোদীৰ মনোমালিন্য

২০০৪ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত একেখন মঞ্চতে উপবিষ্ট কুৰিয়েনে মোদীৰ দ্বাৰা প্ৰস্তাৱিত গুজৰাট কৃষি বিশ্ববিদ্যালয়ক দ্বিখণ্ডন কৰা প্ৰস্তাৱৰ বিৰূদ্ধে মন্তব্য কৰে আৰু দুয়োৰে মাজত তাৰ্কিক আদান-প্ৰদান হয়।২০২১ এই ঘটনাৰ পাছতে মোদী আৰু কুৰিয়েনৰ মাজত মতবিৰোধ দেখা যায়। ইয়াৰ পাছতে ২০০৬ চনত কুৰিয়েনে GCMMF-ৰপৰা অব্যাহতি লয়। ২০০৯ চনত গুজৰাট চৰকাৰে কুৰিয়েনে লাভ কৰা ব্যক্তিগত ৰান্ধনী, গাড়ী আৰু নিৰাপত্তা ৰক্ষী আঁতৰাই দিবলৈ আদেশ জাৰী কৰে। অৱশ্যে GCMMF-ৰ অনুৰোধত এই আদেশ উঠাই লোৱা হয়।২২ কুৰিয়েনৰ মৃত্যুৰ পাছতো আনন্দৰপৰা ২০ কি.মি. দূৰত্বত থকা নৰেন্দ্ৰ মোদীয়ে কুৰিয়েনৰ নশ্বৰ দেহক শেষ শ্ৰদ্ধা জনাবলৈ নহাটোক দেশৰ বাতৰি-কাকতে মোদী আৰু কুৰিয়েনৰ মতবিৰোধৰ প্ৰতিফলন বুলি ক'ব খোজে। অৱশ্যে নৰেন্দ্ৰ মোদীয়ে কুৰিয়েনৰ শোক-বাৰ্তাত তেখেতক ভূয়সী প্ৰশংসা কৰে।২৩

গ্ৰন্থ-ৰাজী

  1. I Too Had A Dream, গৌৰী ছাল্‌ভিৰ লগত সহলিখিত, ISBN-13: 978-8174364074
  2. An Unfinished Dream, ISBN-13: 978-0074622148

সন্মান আৰু বঁটা

বছৰবঁটাৰ নামবঁটা দিয়া প্ৰতিষ্ঠান
১৯৯৯পদ্মবিভূষণ২৪ভাৰত চৰকাৰ
১৯৯৩বছৰটোৰ ব্যক্তি বঁটা (International Person of the Year Award)২৫World Dairy Expo
১৯৮৯বিশ্ব খাদ্য বঁটা (World Food Prize)২৬বিশ্ব খাদ্য বঁটা (World Food Prize), আমেৰিকা যুক্তৰাষ্ট্ৰ.
১৯৮৬ৱাটেলাৰ শান্তি বঁটা (Wateler Peace Prize Award)কাৰ্নেগি ফাউণ্ডেছন, (Carnegie Foundation, হলেণ্ড.
১৯৮৬কৃষি ৰত্ন বঁটাভাৰত চৰকাৰ.
১৯৬৬পদ্মভূষণ২৪ভাৰত চৰকাৰ.
১৯৬৫পদ্মশ্ৰী২৪ভাৰত চৰকাৰ.
১৯৬৩ৰেমন মেগছেছে বঁটা (Ramon Magsaysay Award)২৭Ramon Magsaysay Award Foundation.

কুৰিয়েনক অশোক ফাউণ্ডেছনে বৰ্তমান বিশ্বৰ এগাৰকী প্ৰতিষ্ঠিত সমাজ উদ্যোগী বুলি উল্লেখ কৰিছে। কুৰিয়েনক বৰ্ণাঢ্য জীৱনৰ কাহিনী তেখেতৰ জীৱনী I Too Had a Dream গ্ৰন্থত লিপিবদ্ধ হৈছে। .২৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 1989: Dr. Verghese Kurien. (The World Food Prize Foundation)
  2. ↑ Singh, Katar. (1999). Rural Development: Principles, Policies and Management. SAGE. পৃ. 201. ISBN 81-7036-773-5
  3. ↑ (2011-12-20). India largest milk producing nation in 2010-11: NDDB. Hindustan Times
  4. ↑ Pendleton, Andrew; Narayanan, Pradeep. The white revolution: milk in India. Taking liberties: poor people, free trade and trade justice. Christian Aid. পৃ. 35
  5. ↑ Aneja, R. P. Life and times of Verghese Kurien. The Hindu Business Line
  6. ↑ Amul brand builder Verghese Kurien: The man who turned India into largest milk producer
  7. ↑ Report on Dr Verghese Kurien in Tehelka
  8. ↑ Obla, Vishvesh. Twenty-Second Convocation of Indian Institute of Technology Kanpur, May 23. 2000. Wings of Fire --> Responses. (Forum Hub)
  9. ↑ প্ৰমোদ শৰ্মা, নীৰৱ বিপ্লৱৰ মহানায়ক, পূৰ্বাচল, আমাৰ অসম কাকতৰ দেওবৰীয়া আলোচনী, (১৬ ছেপ্টেম্বৰ, ২০১২)
  10. ↑ Heredia, Ruth. (1997). The Amul India Story. Tata Mc-Graw Hill. পৃ. 65. ISBN -13: 978-0-07-463160-7
  11. ↑ Misra, Udit. (Sep 10, 2012). V. Kurien: India’s White Knight. Forbes India
  12. ↑ Heredia, Ruth. (1997). The Amul India Story. Tata Mc-Graw Hill. পৃ. 112-115. ISBN -13: 978-0-07-463160-7
  13. ↑ Damodaran, Harish. (Sep 13, 2004). Amul's tech wizard, Dalaya passes away. The Hindu Business Line
  14. ↑ Katakam, Anupama. (Mar. 25 - Apr. 07, 2006). Controversy: Milkman's exit. Frontline (Volume 23 - Issue 06)
  15. ↑ Mahurkar, Uday. (Apr 17, 2006). A White Evolution: Verghese Kurien quits Gujarat co-operative, diary body faces politicking risk. India Today
  16. ↑ Press Trust of India. Verghese Kurien: India's cooperative dairy movement founder. -. DNA India
  17. ↑ (11 Sep '12). Modi had soured relations with the milkman of India. Times of India
  18. ↑ (Sep 10, 2012). Amul girl pays tribute to Kurien. Business Standard
  19. ↑ (Sep 10, 2012). Amul's Verghese Kurien never suffered fools: Shyam Benegal. The Economic Times
  20. ↑ articles.economictimes.indiatimes.com/2012-09-15 আহৰণ কৰা তাৰিখ: ১৬-০৯-২০১২
  21. ↑ www.indiatvnews.com/news/india/modi-had-a-public link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }} আহৰণ কৰা তাৰিখ: ১৬-০৯-২০১২
  22. ↑ economictimes.indiatimes.com/news/news-by-indust আহৰণ কৰা তাৰিখ: ১৬-০৯-২০১২
  23. ↑ www.hindustantimes.com/India-news/Ahmedabad/Dr-K আহৰণ কৰা তাৰিখ: ১৬-০৯-২০১২
  24. ↑ পদ্ম বঁটা প্ৰাপকৰ সমূহ তালিকা (১৯৫৪-২০১১), গৃহ মন্ত্ৰালয়, ভাৰত চৰকাৰ, আহৰণ কৰা তাৰিখ: ১৭-০৯-২০১২
  25. ↑ World Dairy Expo-ৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ কৰা তাৰিখ: ১৭-০৯-২০১২
  26. ↑ World Food Prize-ৰ ৱেবছাইট, আহৰণ কৰা তাৰিখ: ১৭-০৯-২০১২
  27. ↑ মেগছেছে বঁটা স্থাপকৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ কৰা তাৰিখ: ১৭-০৯-২০১২
  28. ↑ I too had a dream - on Amazon.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীৰমন মেগছেছে বঁটা বিজয়ীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰ্গিজ কুৰিয়েন” প্ৰবন্ধৰ সংশোধন ৫৩২৪১১ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।