অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহাশয় ধৰমপাল গুলাটি

মহাশয় ধৰমপাল গুলাটি (Mahashay Dharampal Gulati, ২৭ মাৰ্চ ১৯২৩ – ৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মহাশয় ধৰমপাল গুলাটি (Mahashay Dharampal Gulati, ২৭ মাৰ্চ ১৯২৩ – ৩ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড, MDH) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল।১২ উদ্যোগ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ২০২০ চনৰ ৩ ডিচেম্বৰ তাৰিখে ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

জীৱনী

১৯২৩ চনৰ ২৭ মাৰ্চত বৰ্তমানৰ পাকিস্তানৰ ছিয়ালকোটত ধৰ্মপাল গুলতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এমডিএইছ মছলা কোম্পানীৰ প্ৰতিষ্ঠাপক মহাশয় চুন্নী লাল গুলাটি।১ ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকৰ পৰিয়ালে অমৃতচৰৰ এটা শৰণাৰ্থী শিবিৰত কিছু সময় কটাইছিল, আৰু তাৰ পিছত তেওঁলোকে কামৰ সন্ধানত দিল্লীলৈ আহে।১

দিল্লীত গুলাটিয়ে প্ৰথমতে ক'ৰল বাগত মছলাৰ দোকান এখন খুলিছিল। ১৯৫৩ চনত তেওঁ চান্দনী চ'কত দ্বিতীয় এখন দোকান ভাড়া লৈছিল। ১৯৫৯ চনত তেওঁ মহাশাইন ডি হাত্তি নামৰ মছলা প্ৰস্তুতকৰণ উদ্যোগ স্থাপন কৰিবলৈ নিৰ্মাণ দিল্লীৰ কীৰ্তি নগৰত ভূমি ক্ৰয় কৰে।১ ২০১৭ চনলৈকে তেওঁ ভাৰতৰ সৰ্বাধিক পৰিশ্ৰমিক লাভ কৰা দ্ৰুত গতিত গতিকৰা উপভোক্তা সামগ্ৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। তেওঁ বিগত বিত্তীয় বৰ্ষত বেতন হিচাপে ₹২১ কোটি টকাতকৈ অধিক টকা লাভ কৰিছিল।১

গুলাটিয়ে তেওঁৰ বেতনৰ প্ৰায় ৯০% ধন মহাশয় চুন্নী লাল দাতব্য ন্যাসৰ জৰিয়তে দান কৰিছিল। এই ন্যাসে দিল্লীত ২৫০খন বিছনাযুক্ত এখন চিকিৎসালয় পৰিচালিত কৰে। ইয়াৰ লগতে ই এখন ভ্ৰাম্যমাণ চিকিৎসালয় আৰু চাৰিখন বিদ্যালয় পৰিচালনা কৰে।৩ উদ্যোগ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৪৫

মৃত্যু

মহাশয় ধৰমপাল গুলাটি তিনি সপ্তাহ ধৰি দিল্লীৰ মাতা চানন দেৱী চিকিৎসালয়ত চিকিৎসাধীন আছিল। ২০২০ চনৰ ২৬ নৱেম্বৰৰ ৰাতিপুৱা তেওঁ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল। ২০২০ চনৰ ৩ ডিচেম্বৰ তাৰিখে পুৱা ৫ বাজি ৩৮ মিনিটত তেওঁৰ মৃত্যু হয়।৬৭

পদবীসমূহ

  • ব্যৱস্থাপক নিৰ্দেশক: চুপাৰ ডেলিকেচিছ প্ৰাইভেট লিমিটেড৮
  • সঞ্চালক: মহাশাইন ডি হাত্তি প্ৰাইভেট লিমিটেড৮
  • অধ্যক্ষ: মাতা চানন দেৱী চিকিৎসালয়, নতুন দিল্লী৯

তথ্যসূত্ৰ

  1. ↑ Malviya, Sagar. (17 January 2017). FMCG sector's highest paid CEO is a 94-year-old school drop-out. The Economic Times
  2. ↑ (12 February 2018). The Spice King and Founder of MDH: A Journey of Grit, Courage and Determination
  3. ↑ (7 October 2018). Inspiring! MDH owner 'Mahashay' Dharampal Gulati still earns more than Godrej, ITC, HUL bosses. Zee Business
  4. ↑ (26 January 2019). MDH Masala Owner Mahashay Dharampal Gulati Conferred With Padma Bhushan. Latestly
  5. ↑ President of India. (16 March 2019). President Kovind presents Padma Bhushan to Mahashay Dharampal Gulati
  6. ↑ MDH Owner Death News Live: Condolences pour in for Mahashay Dharampal Dharampal. The Economic Times
  7. ↑ 3 Dec, PTI / Updated:; 2020; Ist, 10:53. Dharampal Gulati death: Mahashay Dharampal Gulati of MDH Masala passes away at 99 · India News - Times of India. The Times of India
  8. ↑ Dharam Pal Gulati – Director information and companies associated with · Zauba Corp. www.zaubacorp.com
  9. ↑ Mahashay Dharam Pal – Chairman, Mata Chaman Devi Hospital, Chairman's message. www.mcdh.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাশয় ধৰমপাল গুলাটি” প্ৰবন্ধৰ সংশোধন ৫৩৭৬৩১ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।