অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীতা আম্বানী

নীতা দালাল মুকেশ আম্বানী (জন্ম ১ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় মহিলা উদ্যমী। তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান অধ্যক্ষ। ইয়াৰ লগতে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অ-কাৰ্যবাহী সঞ্চালক। তেওঁৰ স্বামী মুকেশ আম্বাণী ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নীতা দালাল মুকেশ আম্বানী (জন্ম ১ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় মহিলা উদ্যমী। তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান অধ্যক্ষ। ইয়াৰ লগতে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অ-কাৰ্যবাহী সঞ্চালক।১ তেওঁৰ স্বামী মুকেশ আম্বাণী ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক।২ তেওঁলোকৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০ মিলিয়ন আমেৰিকান ডলাৰতকৈ বেছি আৰু ভাৰতৰ আটাইতকৈ ধনী পৰিয়ালৰ অন্যতম। নীতা আম্বানী এগৰাকী কলা সংগ্ৰাহক৩৪ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ গৰাকী।৫ তেওঁ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় স্কুলৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান সঞ্চালক।

২০১৬ চনত তেওঁ "ইণ্ডিয়া টুডে"ৰ দা ফিফটি হাই এণ্ড মাইটি ইণ্ডিয়ানছ তালিকাত স্থান লাভ কৰিছিল।৬ একে বছৰে ফৰ্বছে তেওঁক দা মষ্ট ইনফ্লুয়েন্সীয়েল ৱমেন বিজনেছ লিডাৰছ ইন এছিয়াৰ তালিকাত ৰাখে।৭ নীতা আম্বাণী আন্তৰ্জাতিক অলিম্পিক সমিতি বৰ্তমান সদস্য। তেওঁ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰথম ভাৰতীয় মহিলা সদস্য।৮

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনৰ ১ নৱেম্বৰ তাৰিখে মুম্বাইৰ এক মধ্যবিত্ত গুজৰাটী পৰিয়ালত নীতা আম্বানীৰ জন্ম হৈছিল।৯ তেওঁৰ পিতৃ ৰবীন্দ্ৰভাই দালাল আৰু মাতৃ পূৰ্ণিমা দালাল।১০ নাৰ্চী মঞ্জি কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ সৰুৰে পৰা ভাৰতনাট্যম শিকিছিল আৰু পিছলৈ এগৰাকী পেছাদাৰী ভাৰতনাট্যম নৃত্যবিদত পৰিগণিত হৈছিল।

ব্যক্তিগত জীৱন

নীতা ৰবীন্দ্ৰভাই দালাল আৰু পূৰ্ণিমা দালালৰ দুহিতা।১১ তেওঁৰ ভগ্নী মমতা দালাল এগৰাকী শিক্ষয়িত্ৰী।১২ তেওঁৰ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ এগৰাকী ভাৰত নাট্যম নৃত্যশিল্পী।১৩ তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰি থাকোঁতে মুকেশ আম্বানীক লগ পাইছিল। তেওঁলোক ১৯৮৫ চনত বিবাহপাশত আবদ্ধ হয়। তেওঁ বিয়াৰ পিছতো কিছু বছৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।১৩

তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। আকাশ আৰু ঈশা আৰু কনিষ্ঠ অনন্ত আম্বানী। আকাশ আম্বানীয়ে ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি বৰ্তমান ৰিলাইয়েন্স জিঅ' ইনফ'কমৰ চীফ অফ ষ্ট্ৰেটেজি পদত অধিষ্ঠিত হৈ আছে।১৪ ঈশা আম্বানীয়ে য়েল বিশ্ববিদ্যালয়ৰপৰা মনস্তত্ত্ব বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি বৰ্তমান ৰিলাইয়েন্স জিঅ' ইনফ'কম আৰু ৰিলাইয়েন্স ৰিটেইলৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বঁটা আৰু সন্মান

তৃণমুল পৰ্যায়লৈ ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নীতা আম্বানীয়ে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে তেওঁক ভাৰত চৰকাৰে 'ৰাষ্ট্ৰীয় খেল প্ৰয়োৎসহন বঁটা ২০১৭' প্ৰদান কৰে। এই বঁটা তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা গ্ৰহণ কৰিছিল।১৫ তেওঁ টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ ভাৰতীয় ক্ৰীড়াৰ শ্ৰেষ্ঠ ব্যৱসায়ী সহযোগীৰ বঁটা লাভ কৰিছিল।১৬১৭২০১৬ চনত তেওঁ "ইণ্ডিয়া টুডে"ৰ দা ফিফটি হাই এণ্ড মাইটি ইণ্ডিয়ানছ তালিকাত স্থান লাভ কৰিছিল।১৮ একে বছৰতে ফৰ্বছে তেওঁক দা মষ্ট ইনফ্লুয়েন্সীয়েল ৱমেন বিজনেছ লিডাৰছ ইন এছিয়াৰ তালিকাত ৰাখে।১৯ নীতা আম্বাণী আন্তৰ্জাতিক অলিম্পিক সমিতি বৰ্তমান সদস্য। তেওঁ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ প্ৰথম ভাৰতীয় মহিলা সদস্য।২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nita Ambani Becomes First Woman Director on Reliance Board - NDTV. profit.ndtv.com
  2. ↑ How Nita Ambani was courted. www.hindustantimes.com
  3. ↑ (2016-03-23). Nita Ambani Met Breuer Nasreen Mohamedi-artnet News. artnet News
  4. ↑ Crow, Kelly. (2016-03-10). India’s Richest Woman Eyes the Art World. Wall Street Journal
  5. ↑ Nita Ambani hosted a party for IPL 2015 Champions Mumbai Indians - Firstpost. Firstpost
  6. ↑ High and Mighty rankings: 1 to 50. indiatoday.intoday.in
  7. ↑ Karmali, Naazneen. Meet Nita Ambani, The First Lady Of Indian Business. Forbes
  8. ↑ (2016-08-05). Rio 2016: Nita Ambani is first Indian IOC member. indianexpress.com
  9. ↑ (2008-02-08). Nita Ambani's sis is a school teacher · Latest News & Updates at Daily News & Analysis. dna
  10. ↑ (2014-07-03). Nita Ambani's father passes away. The Indian Express
  11. ↑ Express News Service. (July 3, 2014). Nita Ambani's father passes away. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  12. ↑ (Feb 8, 2008). Nita Ambani's sis is a school teacher. Daily News and Analysis
  13. ↑ Naazneen Karmali. (April 6, 2016). Meet Nita Ambani, The First Lady Of Indian Business. Forbes
  14. ↑ Ruchika Mehta. (July 20, 2014). My legacy only motivates me: Akash Ambani. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ (2017-08-29). nita-ambani-awarded-rashtriya-khel-protsahan-award.-/abpasmita.abplive.in. /abpasmita.abplive.in
  16. ↑ Mahindra Scorpio Times of India Sports Award TOISA
  17. ↑ Mahindra Scorpio TOISA: Nita Ambani receives Best Corporate Supporter of Indian Sports award
  18. ↑ High and Mighty rankings: 1 to 50. indiatoday.intoday.in
  19. ↑ Karmali, Naazneen. Meet Nita Ambani, The First Lady Of Indian Business. Forbes
  20. ↑ (2016-08-05). Rio 2016: Nita Ambani is first Indian IOC member. indianexpress.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতা আম্বানী” প্ৰবন্ধৰ সংশোধন ৩৯৫৩৮৪ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।