অনুৰাধা আচাৰ্য (Anuradha Acharya; জন্ম: ১৯৭২) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অ'কিয়াম বায়' চলিউছন্যছ আৰু মেপমাইজিনম নামৰ প্ৰতিষ্ঠান দুটাৰ তেখেত প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া। ২০১১ চনত তেখেতক বিশ্ব অৰ্থনীতি মঞ্চই "যুৱ গোলকীয় নেত্ৰী" বঁটা প্ৰদান কৰে।১
প্ৰাৰম্ভিক জীৱন
অনুৰাধাই জীৱনৰ অধিকাংশ সময় খড়গপুৰতেই যাপন কৰে, যদিও তেখেতৰ জন্মস্থান আছিল বিকানেৰ। ১৯৯৫ চনত তেখেতে আইআইটি খড়গপুৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ পৰৱৰ্তী সময়ত তেখেত চিকাগোলৈ ৰাওনা হয় আৰু পদাৰ্থ বিজ্ঞান আৰু মেনেজমেণ্ট ইনফৰমেছন ছিষ্টেম (ব্যৱস্থাপনা তথ্য প্ৰণালী)ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। চিকাগোৰ ইলিয়নছ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এই দুটা ডিগ্ৰী অৰ্জন কৰে।৩
কৰ্মজীৱন
অনুৰাধা আচাৰ্য হৈছে অচিমাম বায়' চলিউশ্যনছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। ভাৰতৰ হায়দৰাবাদত থকা এই প্ৰতিষ্ঠানটো উদ্ভাৱন, বিকাশ আৰু চিকিৎসানিদানৰ লগত ২০০০ চনৰ পৰা ২০১৩ চনলৈকে জড়িত হৈ আছিল। বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা সংস্থাৰ কাৰ্যবাহী পৰিষদৰ লগতো তেখেত জড়িত।৪ পশ্চিম বংগৰ কল্যাণীত থকা "নেশ্যনেল ইনষ্টিটিউট অৱ বায়'মেডিকেল জেনোমিক্স"ৰ লগতো তেখেত জড়িত আছিল।৫ ইয়াৰ লগতে ২০১১ চনত "গ্লোবেল এজেণ্ডা কাউঞ্চিল"তো তেখেতে উপ-অধ্যক্ষ হিচাপে অংশ লৈছিল।৬
অনুৰাধা আচাৰ্য মেপমাইজিন'ম নামৰ প্ৰতিষ্ঠানৰো প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। এইটো প্ৰতিষ্ঠান ব্যক্তিগত জেনোমিক্স আৰু নিদান সম্বন্ধীয় দিশৰ লগত জড়িত।৭
তেখেত "এছ'ছিয়েছন বায়টেক এণ্টাৰপ্ৰাইজেছ"ৰো সদস্য।৮ ভাৰতৰ কাৰ্যপ্ৰণালী নিৰূপণৰ বাবে তেখেতে উপদেষ্টা হিচাপে কাম কৰে।৯ অনুৰাধা আইভিকেপ ভেঞ্চুৰছতো পৰিষদীয় সভাৰ মেণ্টৰ।১০
স্বীকৃতি
২০০৬ চনত ৰেড হেৰিং আলোচনীয়ে আচাৰ্যক ৩৫ অনুৰ্ধ পঁচিশগৰাকী টাইটানৰ তালিকাভুক্ত কৰে।১১ বায়স্প্ৰেকট্ৰাম আলোচনীয়ে অনুৰাধাক বৰ্ষটোৰ উদ্যোগী সন্মান প্ৰদান কৰিছে।১২ ২০০৮ চনতে তেখেতে এষ্টিয়া লাইফ ছায়ন্স ইনোভেটৰছ বঁটাও লাভ কৰে।১৩ ২০১১ চনত বিশ্ব অৰ্থনীতি মঞ্চই অনুৰাধাক "যুৱ গোলকীয় নেত্ৰী"ৰ সন্মানেৰে সন্মানীত কৰে।১৪ ২০১৫ চনত আচাৰ্যক ইটি ৱমেন এহেড সন্মানো প্ৰদান কৰা হয়। এইটো সন্মান তেখেতক ইক'নমিক টাইমছে প্ৰদান কৰে।১৫ফৰ্বছে ২০১৮ চনত তেখেতক W-Power trailblazers সন্মান প্ৰদান কৰে।
আচাৰ্যই এখন কবিতাৰ পুথিও প্ৰকাশ কৰিছে। কিতাপখনৰ নাম হৈছে "Atomic Pohe- Random Rhymes at odd times- On Science, Non Science and Nonsense."১৬ Pharmaceutical Outsourcing: Discovery and Preclinical Services (Pharmaceutical Outsourcing, Volume I নামৰ গ্ৰন্থখনত আচাৰ্যই এটা বিশেষ অধ্যায় লিখিছে। নাম হৈছে-Research as a Service (RaaS)১৭ নেছাৰ বায়'টেকন'লজীত আচাৰ্যৰ এটা বিশেষ প্ৰবন্ধ প্ৰকাশিত হৈছে। প্ৰবন্ধটোৰ নাম হৈছে-"What mergers can do for you"১৮ তেখেত বহুকেইখন আলোচনীৰ সক্ৰিয় লেখিকা। তাৰে ভিতৰত হিন্দু বিজনেছ লাইন অন্যতম।১৯
তথ্যসূত্ৰ
- ↑ Anu Acharya
- ↑ A toast to IIT Kharagpur
- ↑ Movers and Shakers with Anuradha Acharya. frost.com
- ↑ CSIR Members of the Governing Body. csir.res.in
- ↑ National Institute of Biomedical Genomics: Members of the Governing Body
- ↑ Global Agenda Council Members 2011
- ↑ Mapmygenome Official Website India. Default Store View
- ↑ ABLE Executive Council
- ↑ Advisory Board for Action for India
- ↑ Board of Mentors IvyCap Ventures
- ↑ Titans in Waiting
- ↑ Biospectrum Biotech Industry Awards declared. ciol.com
- ↑ Astia Award Winners
- ↑ Ocimum Biosolutions's CEO Anuradha Acharya honoured as 2011 Young Global Leader
- ↑ www.ETtech.com. ET startup awards: Anu Acharya becomes the "Women Ahead" – ETtech. ETtech.com
- ↑ Acharya, Anu. (6 October 2015). Atomic Pohe: Random Rhymes between the lines. On Science, Non Science and Nonsense. CreateSpace Independent Publishing Platform. ISBN 978-1-5176-2669-3
- ↑ Outsourcing: Discovery and Preclinical Services (Pharmaceutical Outsourcing, Volume I
- ↑ What Mergers can do for you. nature.com
- ↑ Musical ability — it's all in the genes. thehindubusinessline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৩৭২২৩ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।