অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জগন্নাথ বৰুৱা

ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল।১২ বিশ্ববিদ্যালয়ৰ স্নাতক উপাধি থকা তেৱেঁই অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক। ইংৰাজসকলে তেওঁক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল।

জন্ম আৰু শিক্ষা

১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত জগন্নাথ বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ সংস্কৃতজ্ঞ৩ হেমধৰ বৰুৱা আছিল অসমৰ এগৰাকী আগশাৰীৰ চাহ খেতিয়ক।৪ ১৮৬৪ খ্ৰীষ্টাব্দত তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উৰ্ত্তীণ হৈছিল।৩ এফএ বা ফাৰ্ষ্ট আৰ্টছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বৰুৱাই জলপানি পাই কলিকতাৰ প্ৰেসিডেন্সি কলেজত নামভৰ্তি কৰে। ১৮৬৮ চনত তেওঁ সেই কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। তেওঁ আছিল উজনি অসমৰ প্ৰথমজন স্নাতক; সেয়ে বি এ পাছ কৰি তেওঁ মানুহৰ মাজত 'বি-এ' জগন্নাথ নামেৰে জনাজাত হৈছিল।৩ ইয়াৰ পিছতে ১৮৭৫ চনত তেওঁ সফলতাৰে অসামৰিক সেৱাত অৱত্তীৰ্ণ হৈ উপ-দণ্ডাধীশৰ পদবী লাভ কৰে যদিও অচিৰেই এই ক্ষেত্ৰখন এৰে।৫

চাহ খেতিত মনোনিৱেশ

অসামৰিক সেৱা এৰাৰ পিছত জগন্নাথ বৰুৱাই পিতৃ হেমধৰ বৰুৱা আৰু ভ্ৰাতৃ কৃষ্ণকান্ত বৰুৱাৰ সৈতে মিলি নিজাকৈ চাহ খেতি কৰিবলৈ অহোপুৰুষাৰ্থ কৰে আৰু সেইমতে লেটেকুজান গ্ৰাণ্ট ইংৰাজ চৰকাৰৰ পৰা ক্ৰয় কৰাৰ লগতে টিপমীয়া আৰু বচাবাৰীত চাহ বাগিছা খোলে। পিছলৈ তিৰুৱাল, বাঁহনি আৰু ৰৰৈয়াৰ বাগিছাও এই তালিকাত যোগ হয়।৬ ইয়াৰে তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল। ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল। আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।৪

সাৰ্ব্বজনীন সভা স্থাপন

১৮৮৪ চনৰ ৯ ডিচেম্বৰত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটত সাৰ্ব্বজনীন সভা৩ নামেৰে এক ৰাজনৈতিক অনুষ্ঠান গঠন হয়। এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল জনতাৰ আশা-আকাংক্ষাসমূহ ইংৰাজ চৰকাৰৰ সন্মুখত উপস্থাপন কৰা।৭ এই কামবোৰত মানিক চন্দ্ৰ বৰুৱা তেওঁৰ প্ৰধান সহযোগী আছিল। ছাত্ৰাৱস্থাতে তেওঁ মানিক চন্দ্ৰ বৰুৱা আৰু ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ সৈতে গোট খাই জনহিতাৰ্থে সদৌ অসমৰ হৈ বৰলাট বাহাদুৰ নৰ্থব্ৰুকলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ৩

ৰায়বাহাদুৰ উপাধি লাভ

অসমৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শাসনাধিস্থিত ইংৰাজ চৰকাৰে জগন্নাথ বৰুৱাক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল আৰু অধনুৱা মেজিষ্ট্ৰেট পাতিছিল। সপ্তম এডৱাৰ্ডৰ ৰাজ্যাভিষেকৰ বাবে তেওঁ নিমন্ত্ৰণ লাভ কৰিছিল।৩

মৃত্যু

১৯০৭ চনৰ ২১ এপ্ৰিলত জগন্নাথ বৰুৱাৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।৩

তেওঁৰ মৃত্যুৰ পিছত ১৯৩৮ চনত জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই সমস্ত মাটিৰে সৈতে বাসগৃহ বৰপাত্ৰ কুটীৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে দান কৰে।১

তথ্যসূত্ৰ

  1. ↑ The College: A Peep in to the Past. জেবি কলেজৰ আনুষ্ঠানিক ৱেবছাইট
  2. ↑ About us. Assam Tea Planters Assocition
  3. ↑ অতুল চন্দ্ৰ হাজৰিকা. (আগষ্ট, ১৯৪৭). সোণালী পাঠ. বিভুভূষণ চৌধুৰী, চপলা বুক ষ্টল. পৃ. ১১১-১১৪. ISBN ১৫-১৯-১২-৬৪
  4. ↑ Davey, Tom. PIONEERING INDIGENOUS ASSAMESE TEA PLANTERS. World Tea Directory
  5. ↑ Impact of British Administration on the inhabitants of the centres. Shodhganga
  6. ↑ Historical Background. Tea World..an initiative of KKHSOU
  7. ↑ Goswami, Shrutidev. The Jorhat Sorbojanik Sabha: Its Role in Socio-Poloitical Awakening of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগন্নাথ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৩৩ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।