অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনিতা বালী

বিনিতা বালী (Vinita Bali) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী যি ব্ৰিটানিয়া ইণ্ড্ৰাষ্টিছ লিমিটেডৰ পৰিচালন সঞ্চালক আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিনিতা বালী (Vinita Bali) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী যি ব্ৰিটানিয়া ইণ্ড্ৰাষ্টিছ লিমিটেডৰ পৰিচালন সঞ্চালক আছিল।১

শিক্ষা

১৯৭৫ চনত বিনিতা বালীয়ে দিল্লী বিশ্ববিদ্যালয় অধীনস্থ লেডি শ্ৰীৰাম কলেজ অৱ ৱমেনৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপিছত তেখেতে যমনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিছৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত এটা জলপানি লাভ কৰি তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটীত পঢ়িবলৈ যায় আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এগৰাকী ইণ্টাৰ্ণ হিচাপে কাম কৰে।২

কৰ্মজীৱন

গ্ৰেট লেকছ ইনষ্টিটিউট অৱ মেনেজমেণ্টত বিনিতা বালী আৰু ডা. বালা
গ্ৰেট লেকছ ইনষ্টিটিউট অৱ মেনেজমেণ্টত বিনিতা বালী আৰু ডা. বালাছবি: Great Lakes Institute of Management from Manamai, India · CC BY-SA 2.0

তেখেতৰ প্ৰথমটো চাকৰি আছিল ভল্টাছত। তেখেতে সেইটো কোম্পানীত ৰাছনা নামৰ শীতল পানীয়ৰ ব্ৰেণ্ডটোৰ প্ৰাৰম্ভণৰ লগত জড়িত আছিল। কেডবেৰীৰ ভাৰতীয় শাখাত তেখেতে চৌধ্যবছৰ ধৰি কাম কৰিছিল। ভাৰত আৰু আফ্ৰিকাত কোম্পানীৰ বজাৰ বৃদ্ধিত তেখেতে সহায় কৰিছিল। ১৯৯৪ চনত কোকাকোলাই তেখেতেক বিপণন সঞ্চালক হিচাপে নিযুক্তি দিয়ে আৰু পাছলৈ তেখেত লেটিন আমেৰিকাত বিপণনৰ উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। কোকাকোলাৰ নবছৰীয়া কাৰ্যকালৰ সময়ত বালীয়ে "কৰ্পোৰেট কৌশল"ৰ উপ-অধ্যক্ষ হিচাপে কাম কৰে।৩৪ ২০০৩ চনত তেখেতে কোকাকোলা ত্যাগ কৰে আৰু "Zyman Group"ত যোগদান কৰে। গ্ৰুপটোৰ আটলাণ্টা শাখাত তেখেতে পৰিচালন অধ্যক্ষ আৰু ব্যৱসায়িক কৌশলৰ মুৰব্বী হিচাপে কাম কৰে।২

২০০৫ চনত তেখেতে সেই গ্ৰুপ ত্যাগ কৰি ভাৰতীয় খাদ্য কোম্পানী ব্ৰিটানিয়াত যোগদান কৰে আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব চম্ভালে। ২০০৬ চনত তেখেতক ব্ৰিটানিয়াৰ পৰিচালন সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হয়। তেখেতৰ পৰিচালনাত ব্ৰিটানিয়াৰ আয় তিনিগুণ বৃদ্ধি হৈ ৮৪১ মিলিয়ন ডলাৰ হয়গৈ।৫ ইক'নমিক টাইমছ এৱাৰ্ডছৰ তৰফৰ পৰা বিনিতা বালীক ২০০৯ চনত "বৰ্ষটোৰ উদ্যোগী মহিলা"ৰ সন্মান প্ৰদান কৰা হয়।৬ ২০০৯ চনত তেখেতে "ব্ৰিটানিয়া পুষ্টি সংস্থা" স্থাপন কৰে যিয়ে ভাৰতীয় শিশুৰ পুষ্টিহীনতা ৰোধ কৰিবলৈ কাম কৰে। সংস্থাই ভাৰতীয় স্কুলীয়া শিশুৰ বাবে সুৰক্ষিত আৰু পুষ্টিকৰ বিস্কুটৰ বিতৰণ আৰম্ভ কৰে। সংস্থাৰ লগত জড়িত হৈ কৰা কামবোৰৰ বাবে তেখেতে কৰ্পোৰেট সামাজিক দায়িত্ব বঁটা লাভ কৰে।৭ ২০১১ চনত ফৰ্বছ্ আলোচনীয়ে বিনিতা বালীক এছিয়াৰ ৫০ গৰাকী শক্তিশালী উদ্যোগী নাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰে।৫

২০২০ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰিখে আমেৰিকান প্ৰযুক্তি কোম্পানী ক'গনিজেণ্টে বিনিতা বালীক স্বাধীন সঞ্চালকৰ নিযুক্তি দিয়ে। ক'গনিজেণ্টে ভাৰতীয় ভূ-খণ্ডত এক বিশাল পৰিসৰত কাম কৰি আছে। ক'গনিজেণ্ট পৰিষদৰ অধ্যক্ষ মাইকেল পেটচোলাচ-ফক্সে বিনিতা বালীৰ যোগদানত মন্তব্য কৰে যে-বিনিতা বালীয়ে ক'গনিজেণ্ট পৰিষদত যোগদান কৰাত আমি উৎফুল্ল হৈছোঁ। আমি আশাবাদী যে ভাৰতীয় আৰু আন্তৰ্জাতিক বহু বিশাল উদ্যোগৰ লগত কাম কৰি অহা বিনিতাৰ সফল আৰু বিস্তৃত অভিজ্ঞতাবোৰে ক'গনিজেণ্টলৈ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াব। ("We are delighted that Vinita Bali has joined the Cognizant Board," said Michael Patsalos-Fox, Cognizant's Chairman of the Board. "We believe Vinita's extensive and successful experience at large companies, both India-based and multinational, will make a significant contribution to Cognizant.")৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Karmali, Naazneen. (31 January 2012). Britannia's Tough Cookie. Forbes.com
  2. ↑ Management Team: Vinita Bali. Britannia Industries
  3. ↑ Vinita Bali. Businessweek
  4. ↑ (8 November 2004). Meet Vinita Bali, Britannia CEO. Rediff.com Money
  5. ↑ (March 2012). Asia's 50 Power Businesswomen: Karen Agustiawan. Forbes
  6. ↑ "ET Awards 2009 winners" Economic Times, 25 August 2009
  7. ↑ (12 December 2010). Britannia Industries get CSR Award. The Hindu
  8. ↑ investors.cognizant.com/news-and-events/news/new

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনিতা বালী” প্ৰবন্ধৰ সংশোধন ৬৪০০৭৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।