ড. জয়কান্তন (Jayakanthan; জন্ম: ২৪ এপ্ৰিল, ১৯৩৪ – ৮ এপ্ৰিল, ২০১৫), জনপ্ৰিয় নাম: জেকে,১ হ'ল এগৰাকী ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু সক্ৰিয় সমাজ-কৰ্মী। ৯ বছৰ বয়সতে, পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ পাছত তেওঁ বিদ্যালয়লৈ যোৱা বাদ দিছিল২ আৰু মাদ্ৰাজলৈ গৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল।৩চিপিআইৰ অফিচতে তেওঁ চিনাকী হৈছিল বিশ্ব সাহিত্যৰ সৈতে আৰু তেওঁৰ প্ৰথমটো লেখা ছপা হৈছিল পাৰ্টিৰ পুস্তিকাত। তাৰ পিছত আৰু তেওঁ থমকি ৰোৱা নাই। ছয় দশকজোৰা সাহিত্যিক জীৱনত জয়কান্তনে লিখি উলিয়াইছে, দুখনকৈ আত্মজীৱনীৰ উপৰিও ৪০খন উপন্যাস আৰু ২০০ গল্প। কেৱল সাহিত্যকাৰ হৈ নাথাকি তেওঁ দুখনকৈ চলচ্চিত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ চাৰিখন উপন্যাসৰ আধাৰতো চলচ্চিত্ৰ নিৰ্মিত হৈছে।
তেওঁৰ অৱদানক স্বীকৃতি জনাই তেওঁক ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা (২০০২) আৰু সাহিত্য অকাডেমি বঁটা (১৯৭২) প্ৰদান কৰা হৈছে।৪ ভাৰত চৰকাৰে ২০০৯ চনত তেওঁ পদ্মভূষণেৰে বিভূষিত কৰিছে।৫ ১৯৭৮ চনত তেওঁ ছোভিয়েট দেশ নেহৰু বঁটা আৰু ২০১১ চনত ৰাছিয়ান চৰকাৰৰ অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ লাভ কৰিছে। শ্ৰেষ্ঠ কাহিনী লেখক হিচাপে ১৯৭৮ চনত তেওঁ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
৮ এপ্ৰিল, ২০১৫ চনত তেওঁ মৃত্যুবৰণ কৰে।৪
তথ্যসূত্ৰ
- ↑ S., Dorairaj. (2012). Social realist. Frontline
- ↑ S, Viswanthan. A writer in his world. Frontline
- ↑ (8 April 2015). Jnanapith winner Jayakanthan dead. দ্য হিন্দু
- ↑ (9 April 2015). Legendary Tamil writer Jayakanthan 'JK' passes away. Rediff.com
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়কান্তন” প্ৰবন্ধৰ সংশোধন ৩৮০৯৭৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।