কৃষ্ণা সোব্তি (Krishna Sobti; ১৮ ফেব্ৰুৱাৰী, ১৯২৫ – ২৫ জানুৱাৰী, ২০১৯) হ'ল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ। তেওঁৰ উপন্যাস 'জিন্দেগিনামা'ৰ বাবে তেওঁ ১৯৮০ চনত হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৬ চনত অকাডেমিয়ে আগবঢ়োৱা সৰ্বোচ্চ সম্মান 'সাহিত্য অকাডেমি ফেলোশ্বিপ' লাভ কৰে। ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে সোব্তিয়ে ২০১৭ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ২০১০ চনত ভাৰত চৰকাৰে সোব্তিলৈ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা আগবঢ়ায় যদিও “লেখক হিচাপে মই প্ৰতিষ্ঠাৰপৰা আঁতৰি থাকিব লাগিব। মই ভাবোঁ মই উচিত কামেই কৰিছোঁ।”, বুলি কৈ তেওঁ এই সন্মান গ্ৰহণ কৰাৰপৰা বিৰত থাকে।১
সোব্তিক তেওঁৰ ১৯৬৬ চনৰ উপন্যাস 'মিত্ৰৌ মৰজানি'ৰ বাবে জনা যায়, য'ত বিবাহিত মহিলাৰ যৌনতাক সাহসিকতাৰে চিত্ৰন কৰা হৈছে। সোব্তি ১৯৮১ চনৰ 'শিৰোমণি বঁটা', ১৯৮২ চনৰ 'হিন্দী অকাডেমি বঁটা', দিল্লীৰ হিন্দী অকাডেমিৰ 'চলাকা বঁটা'ৰ উপৰিও জীৱনজোৰা সাহিত্য সাধনাৰ বাবে ১৯৯৯ চনত 'কথা চূড়ামণি' বঁটা পোৱা প্ৰথমগৰাকী সাহিত্যিক।২ ২০০৮ চনত তেওঁৰ উপন্যাস 'সময় সৰগম', 'কে কে বিৰলা ফাউণ্ডেচন'ৰ দ্বাৰা স্থাপিত 'ব্যাস সম্মান'ৰ বাবে নিৰ্বাচিত হয়।৩
হিন্দী সাহিত্যৰ প্ৰখ্যাত লেখকসকলৰ এগৰাকী, কৃষ্ণা সোব্তিৰ জন্ম ১৯২৫ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে পঞ্জাবৰ গুজৰাট নগৰত হয়, যি এতিয়া পাকিস্তানৰ অন্তৰ্গত।৪তেওঁ 'হছমত' ছদ্মনামেৰে লিখা মেলা কৰিছিল আৰু 'হম হছমত' নামেৰে লেখক আৰু বন্ধুবৰ্গৰ এটি প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছিল। তেওঁৰ অন্যান্য উপন্যাসবোৰ হ'ল- 'ডৰ চে বিচ্চুৰি', 'সূৰজমুখী অন্ধেৰে কে', 'য়াৰৌ কে য়াৰ', 'জিন্দেগীনামা' আদি। সোব্তিৰ জনপ্ৰিয় গল্প-সংকলনসমূহ হ'ল- 'নাছিফা', 'চিক্কা বদল গয়া', 'বাদলৌ কে ঘেৰে' আদি। তেওঁৰ নিৰ্বাচিত কামৰ এটি সংকলন 'সোব্তি একা চ'হাবাটা'ই প্ৰকাশ কৰিছে। তেওঁৰ যথেষ্ট সংখ্যক গ্ৰন্থ ইংৰাজী ভাষা আৰু উৰ্দু ভাষা ভাষাত উপলব্ধ।৫
২০১৫ চনত তেওঁৰ উপন্যাস 'দিল-অ'-ডেনিচ'ক 'দ্য হাৰ্ট হেজ ইটচ্ ৰিজন' নাম দি 'কথা বুকচ্'ৰ ৰীমা আনন্দ আৰু মিনাক্ষী স্বামীয়ে ইংৰাজীলৈ অনুবাদ কৰে। কিতাপখনে ভাৰতীয় ভাষাৰ কল্পকাহিনী অনুবাদ বিভাগত 'ক্ৰছবৰ্ড বঁটা' লাভ কৰিছিল।৬তেওঁৰ গ্ৰন্থৰাজি কেইবাটাও ভাৰতীয় ভাষাৰ লগতে চুইডিছ, ৰাছিয়ান আৰু ইংৰাজী আদি কেইবাটাও বিদেশী ভাষালৈ অনূদিত হৈছে।
বঁটা আৰু সম্মান
- সাহিত্য অকাডেমি বঁটা, ১৯৮০
- সাহিত্য অকাডেমি ফেলোশ্বিপ, ১৯৯৬ (দাদ্ৰিৰ ৰায়তৰ প্ৰতিবাদত এই দুয়োটা সন্মানেই তেওঁ ওভোটাই দিছিল)
- জ্ঞানপীঠ বঁটা, ২০১৭
- শিৰোমণি বঁটা, ১৯৮১
- মৈথেলী চৰণ গুপ্ত সম্মান আৰু অন্যান্য
ভাৰতীয় জ্ঞানপীঠে এটা বিবৃতিত উল্লেখ কৰিছে যে,
“সোব্তিয়ে তেওঁৰ লিখাত ব্যৱহাৰ কৰা ভাষা হিন্দী, উৰ্দু আৰু পঞ্জাবী সংস্কৃতিৰ আন্তঃমিশ্ৰণৰ দ্বাৰা প্ৰভাৱিত, য'ত তেওঁৰ চৰিত্ৰবোৰ সদায় শক্তিশালী আৰু সাহসী – সমাজৰ দ্বাৰা নিক্ষেপ কৰা সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু।”৭
তথ্যসূত্ৰ
- ↑ (9 February 2010). Look who declined Padma Bhushan this year: two giants of art, literature. Indian Express
- ↑ Profile www.abhivyakti-hindi.org
- ↑ Vyas Samman for Sobti’s novel Samay Sargam The Hindu, 1 February 2008
- ↑ Uniquely Sobti The Hindu, 18 September 2005
- ↑ Author page
- ↑ Another award in her kitty The Hindu, New Delhi, 29 March 2006
- ↑ (3 November 2017). Krishna Sobti gets prestigious Jnanpith award 2017. The Indian Awaaz
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণা সোব্তি” প্ৰবন্ধৰ সংশোধন ৪২৩৬৪৬ (২০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।