অনিতা দেশাই, বা অনিতা মজুমদাৰ (জন্ম ২৪ জুন, ১৯৩৭) এগৰাকী ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা।১২ লেখিকা হিচাপে তেখেত তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে।২ ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।৩ The Village by the Sea উপন্যাসৰ বাবে তেখেতে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।৪
প্ৰাৰম্ভিক জীৱন
১৯৩৭ চনত মুছ'ৰীত দেশাইৰ জন্ম হয়। তেখেতৰ মাক টনি নাইম জাৰ্মান আৰু দেউতাক ডি এন মজুমদাৰ বঙালী।৫১
সৰুকালত তেখেতে ঘৰত জাৰ্মান আৰু ঘৰৰ বাহিৰত বঙালী, উৰ্দু, হিন্দী আৰু ইংৰাজী কৈছিল। ডাঙৰ হোৱালৈকে তেখেতে জাৰ্মানী গৈ পোৱা নাছিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া বাবে ইংৰাজীয়েই তেখেতৰ "সাহিত্যৰ ভাষা" হৈ পৰে। তেখেতে সাত বছৰ বয়সত লিখা আৰম্ভ কৰে আৰু ন বছৰ বয়সত তেখেতৰ প্ৰথমটো গল্প প্ৰকাশ পায়।৫
দিল্লীৰ কুইন মেৰী মাধ্যমিক বিদ্যালয়ত পঢ়াৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছৰ পৰা তেখেতে ইংৰাজী সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী বছৰত তেখেতে এটা ছফ্টৱেৰ কোম্পানীৰ সঞ্চালক আৰু Between Eternities: Ideas on Life and The Cosmos কিতাপৰ লেখক অশ্বিন দেশাইৰ লগত বিবাহপাশত আবদ্ধ হয়।৬
বুকাৰ বঁটা বিজয়ী কিৰণ দেশাইকে ধৰি তেওঁলোকৰ সন্তান চাৰিটা। বন্ধৰ দিনৰ সন্তানসকলক আলিবাগৰ ওচৰৰ থুল নামৰ ঠাইলৈ লৈ যোৱা হৈছিল। এই ঠাইকে কেন্দ্ৰ কৰি দেশাইয়ে The Village by the Sea উপন্যাস লিখে।৬৫ ইয়াৰ বাবে তেখেতে ১৯৮৩ চনত ব্ৰিটিছ শিশু গ্ৰন্থ লেখকৰ পেনেলে বাছনি কৰা গাৰ্ডিয়ান বঁটা লাভ কৰে।৪
কৰ্মজীৱন
১৯৬৩ চনত দেশাইৰ প্ৰথম উপন্যাস Cry The Peacock প্ৰকাশ পায়। তেখেতে Clear Light of Day (১৯৮০) উপন্যাসক সকলোতকৈ বেছি আত্মজীৱনীমূলক বুলিছে।৭
১৯৮৪ চনত জনপ্ৰিয়তা হ্ৰাস পোৱা এজন উৰ্দু কবিৰ বিষয়ে লিখা In Custody উপন্যাসৰ বাবে তেখেতক বুকাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। ১৯৯৩ চনত তেখেত মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীত সৃষ্টিমূলক লেখাৰ শিক্ষকৰূপে যোগদন কৰে।৮
১৯৯৯ চনত বুকাৰ বঁটাৰ বাবে মনোনীত Fasting Feasting উপন্যাসে তেখেতৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। ২০০৪ চনত মেক্সিক'ৰ পটভূমিত লিখা উপন্যাস The Zigzag Way আৰু ২০১১ চনত চুটিগল্পৰ সংকলন The Artist of Disappearance প্ৰকাশ পায়।৯
দেশাইয়ে মাউণ্ট হ'লয়'ক কলেজ, বাৰুক কলেজ আৰু স্মিথ কলেজতো শিক্ষাদান কৰিছে। তেখেত ৰয়েল চ'চাইটী অৱ লিটাৰেচাৰ, আমেৰিকান একাডেমী অৱ আৰ্ট্ছ এণ্ড লেটাৰ্ছ আৰু গ্ৰিটন কলেজ, কেমব্ৰিজৰ ফেল'।১০
চলচ্চিত্ৰ
১৯৯৩ চনত তেখেতৰ উপন্যাস In Custodyৰ অভিযোজনাৰে একে নামৰ এখন ইংৰাজী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। পৰিচালক আছিল ইছমাইল মাৰ্চেণ্ট আৰু চিত্ৰনাট্যকাৰ শ্বাহৰুখ হুছেইন। শশী কাপুৰ, শাবানা আজমী আৰু ওম পুৰীয়ে অভিনয় কৰা চলচ্চিত্ৰখনে ১৯৯৪ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে।
উৎস
- Abrams, M. H. and Stephen Greenblatt. "Anita Desai". The Norton Anthology of English Literature, Vol. 2C, 7th Edition. New York: W.W. Norton, 2000: 2768 – 2785.
- Alter, Stephen and Wimal Dissanayake. "A Devoted Son by Anita Desai". The Penguin Book of Modern Indian Short Stories. New Delhi, Middlesex, New York: Penguin Books, 1991: 92–101.
- Gupta, Indra. India's 50 Most Illustrious Women. (ISBN 81-88086-19-3)
- Selvadurai, Shyam (ed.). "Anita Desai:Winterscape". Story-Wallah: A Celebration of South Asian Fiction. New York: Houghton Mifflin, 2005:69–90.
- Nawale, Arvind M. (ed.). "Anita Desai's Fiction: Themes and Techniques". New Delhi: B. R. Publishing Corporation, 2011.
বাহ্যিক সংযোগ
- Anita Desai discusses Fasting, Feasting on the BBC World Book Club
- Voices from the Gaps
- SAWNET bio
- MIT page
- Revisiting Anita Desai's "In Custody" for the Agrégation-Relire "Un héritage exorbitant" d'A. Desai
সাক্ষাৎকাৰ
- Jabberwock: a conversation with Anita Desai
- (14 January 2014). "You Turn Yourself into an Outsider": An interview with Anita Desai. Sampsonia Way Magazine
বাতৰি কাকত
তথ্যসূত্ৰ
- ↑ Anita Desai- Biography. British Council. Chatto & Windus
- ↑ Anita Desai. Goodreads
- ↑ Sahitya Akademi Award – English (Official listings). সাহিত্য অকাডেমি
- ↑ "Guardian children's fiction prize relaunched: Entry details and list of past winners", guardian.co.uk, 12 March 2001; retrieved 5 August 2012
- ↑ Liukkonen, Petri. Anita Desai. Books and Writers. Kuusankoski Public Library
- ↑ Dr. Kajal Thakur. Man-Woman Bonding In Socio-Cultural Indian Concept. Lulu.com. পৃ. 9–. ISBN 978-1-329-13103-3
- ↑ Elizabeth Ostberg. "Notes on the Biography of Anita Desai"
- ↑ Archived copy
- ↑ A Page in the Life: Anita Desai
- ↑ Baumgartner's Bombay, Penguin, 1989
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিতা দেশাই” প্ৰবন্ধৰ সংশোধন ৩০৪৯২৮ (২৫ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।