অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিস্কা চোপ্ৰা

টিস্কা চোপ্ৰা (Tisca Chopra; জন্ম: ১ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই ৪৫খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টিস্কা চোপ্ৰা (Tisca Chopra; জন্ম: ১ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই ৪৫খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে।

তেওঁৰ আটাইতকৈ পৰিচিত বৈশিষ্ট্যপূৰ্ণ ছবি আছিল তাৰে জামিন পাৰ, যিখনে ভাৰতৰ পৰা একাডেমী বঁটালৈ আনুষ্ঠানিক এণ্ট্ৰি হিচাপে প্ৰৱেশ কৰিছিল।১ ছবিখনৰ জৰিয়তে তেওঁ ফিল্মফেয়াৰ আৰু অন্যান্য শীৰ্ষ প্ৰতিযোগিতাৰ মনোনয়ন লাভ কৰে। তেওঁৰ আন এখন বৈশিষ্ট্যপূৰ্ণ ছবি হৈছে কিছা৷২ ছবিখনৰ ২০১৩ চনত টৰণ্টো চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হয় আৰু শ্ৰেষ্ঠ এছিয়ান চলচ্চিত্ৰৰ বাবে ছবিখনে নেটপাক বঁটা লাভ কৰে। ছবিখনে ২৪টাতকৈও অধিক মহোৎসৱ ভ্ৰমণ কৰি প্ৰায় সকলো শীৰ্ষ বঁটা অৰ্জন কৰে৷ সমান্তৰালভাৱে ছবিখনে দৰ্শক আৰু সমালোচকৰ বহু প্ৰশংসা লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰা টিস্কাই থিয়েটাৰতো ব্যাপকভাৱে কাম কৰিছিল। নাছিৰুদ্দিন শ্বাহ আৰু নাট্য পৰিচালক ফিৰোজ খানৰ সৈতে তেওঁ কাম কৰিছে। আধুনিক বিবাহৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা পুলিৎজাৰ বঁটা বিজয়ী নাটক ডিনাৰ উইথ ফ্ৰেণ্ডছত আগবঢ়োৱা তেওঁৰ অভিনয় ভাৰত, দক্ষিণ-পূব এছিয়া আৰু মধ্যপ্ৰাচ্যত প্ৰশংসিত হৈছিল৷ লগতে সমালোচক আৰু দৰ্শক উভয়ৰে পৰা সমাদৰ লাভ কৰিছিল। ৰাষ্ট্ৰীয় জ্ঞান আয়োগত ছেম পিট্ৰ’ডাৰ সৈতে তেওঁ কাম কৰিছে, যাৰ উদ্দেশ্য হৈছে শিক্ষা ব্যৱস্থাৰ নতুন ৰূপত সহায় কৰা।

তেওঁৰ গ্ৰন্থ Acting Smart হাৰপাৰ কলিনছে প্ৰকাশ কৰিছে৷৩ গ্ৰন্থখন বেষ্ট চেলাৰ৷ লগতে গ্ৰন্থখনক হিন্দীলৈ অনুবাদ কৰা হৈছে। তেওঁৰ দ্বিতীয়খন কিতাপ ৱাটছ আপ উইথ মি? ২০২১ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল।৪৫ এই কিতাপখন সৰু ছোৱালীৰ ঋতুস্ৰাৱ আৰু যৌৱনকালক অধিক ৰহস্যমুক্ত কৰাৰ বিষয়ত আধাৰিত।৬ টিস্কাই 10Ml Loveৰ বাবে নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হৈছে৷৭ ছবিখনৰ আধাৰ হৈছে এ মিডছামাৰ নাইটছ ড্ৰিম। এই ধাৰাবাহিকখনে শ্ৰেষ্ঠ এনচেম্বল কাষ্টৰ সন্মান লাভ কৰে। মুম্বাইৰ মামী (মুম্বাই একাডেমী অৱ মুভিং ইমেজ) চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে টিস্কা চোপ্ৰাই অংশগ্ৰহণ কৰিছে। তেওঁৰ কোম্পানী দ্য ইষ্টাৰ্ণ ৱেৰ অধীনত লিখা আৰু প্ৰযোজনা কৰা চাটনী নামৰ চুটি ছবিখনে দুটা ফিল্মফেয়াৰ বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ চুটি ছবি) লাভ কৰে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৭৩ চনৰ ১ নৱেম্বৰত হিমাচল প্ৰদেশৰ কশৌলীত৮ এটা শিক্ষাবিদৰ পৰিয়ালত টিস্কা চোপ্ৰাৰ জন্ম হৈছিল। তেওঁ আফগানিস্তানৰ কাবুলত ডাঙৰ-দীঘল হৈছিল, কাৰণ তেওঁৰ পিতৃয়ে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ অধ্যক্ষ হিচাপে তাতেই নিযুক্তি পাইছিল৷ অৱশ্যে পাছলৈ তেওঁলোক দিল্লীলৈ গুচি আহে।৯১০টিস্কাই নয়ডাৰ আপীজয় স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ স্কুলখনত তেওঁৰ পিতৃ অধ্যক্ষ আছিল। পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ত তেওঁ ইংৰাজী সাহিত্য অধ্যয়ন কৰে। সমান্তৰালভাৱে তেওঁ অপেছাদাৰী থিয়েটাৰৰ সৈতেও সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। কলেজত থাকোঁতে তেওঁ কেইবাখনো প্ৰকাশনৰ বাবে লিখিবলৈ আৰম্ভ কৰে আৰু এটা অপেছাদাৰী নাট্যদল আৰু কলেজৰ উৎসৱৰ বাবে নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায় আৰু উল্লেখযোগ্য ব্যক্তি ফিৰোজ আব্বাছ খান আৰু নাছিৰুদ্দিন শ্বাহৰ সৈতে অভিনয়ৰ প্ৰশিক্ষণ লয়১১ তেওঁ ভাৰতীয় বিশিষ্ট লেখক খুছৱন্ত সিঙৰ নাতি-ভতিজী।১২

তথ্যসূত্ৰ

  1. ↑ Rockstah Media. Review: Taare Zameen Par may change your life · Rajeev Masand – movies that matter: from bollywood, hollywood and everywhere else. www.rajeevmasand.com
  2. ↑ Qissa Movie Review - NDTV Movies. NDTVMovies.com
  3. ↑ Cinecurry. (29 January 2014). 'Acting Smart' Book Launch│Tisca Chopra, Imtiyaz Ali
  4. ↑ (15 March 2021). Tisca Chopra unveils cover of new book. The Times of India. IANS
  5. ↑ NDTV. (29 January 2021). In Conversation With Actor Tisca Chopra Banega Swasth India. ইউটিউব
  6. ↑ Deb Roy, Lachmi. (16 March 2021). Tisca Chopra On Her Book 'What's Up With Me' And OTT Censorship. Outlook
  7. ↑ Review: 10 ml Love is silly but sweet. Rediff
  8. ↑ (1 November 2018). Tisca Chopra birthday: 12 times the Qissa actress swept us off our feet with her radiant beauty; in pics. Times Now
  9. ↑ (7 May 2015). The stage is set. The Hindu
  10. ↑ Kaushik, Divya. (19 August 2021). Tisca Chopra: It's heartbreaking to see the people of Afghanistan suffer like this. The Times of India
  11. ↑ 'I enjoyed working with Aamir', Rediff.com, 8 June 2007
  12. ↑ Sen, Somit; Manthan K Mehta. (12 April 2014). Only 10 public transport services for every 90 private vehicles in Mumbai. The Times of India. TNN

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকঅভিনয় শিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীচলচ্চিত্ৰ প্ৰযোজকহিমাচল প্ৰদেশৰ ব্যক্তিভাৰতীয় সাহিত্যিকহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীঅভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিস্কা চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৪৭১৬৪৩ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।