অমিষ ত্ৰিপাঠী (Amish Tripathi) এজন ভাৰতীয় লিখক। তেওঁক মূলতঃ দ্য ইমৰ্টেলছ অফ মেলুহা, দ্য ছিক্ৰেট অফ দ্য নাগাজ আৰু দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ উপন্যাসকেইখনৰ বাবে জনা যায়। ২০১০ চনত প্ৰকাশ পোৱা১ এই শিৱ ত্ৰিলজীৰ প্ৰথমখন উপন্যাস দ্য ইমৰ্টেলছ অফ মেলুহা মুক্তিৰ এসপ্তাহৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত স্থান পাইছিল।২৩
কেৰিয়াৰ
অমিষ ত্ৰিপাঠী ভাৰতীয় প্ৰৱন্ধন প্ৰতিষ্ঠান কলিকতাৰ এজন প্ৰাক্তন ছাত্ৰ। তেওঁ প্ৰথমে এজন ইতিহাসবিদ হ'বলৈ বিচাৰিছিল যদিও ইয়াৰ সামৰ্থ্য নথকাত বিত্ত বিষয়ক কেৰিয়াৰ বাছি লয়।৪ লেখা-মেলাক কেৰিয়াৰ হিচাপে লোৱাৰ আগতে তেওঁ ১৪ বছৰ বিত্তীয় সেৱা উদ্যোগত, যেনে ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড, ডিবিএছ বেঙ্ক আৰু আইডিবিআই ফেডাৰেল লাইফ ইন্সিওৰেঞ্চ আদি প্ৰতিষ্ঠানত কাম কৰে।৫
২০১০ চনৰ ফেব্ৰুৱাৰীত ত্ৰিপাঠীৰ প্ৰথমখন উপন্যাস দ্য ইমৰ্টেলছ অফ মেলুহা প্ৰকাশ পায়। এইখন শিৱ ত্ৰিলজীৰ প্ৰথমখন উপন্যাস। ২০১১ চনৰ আগষ্টত শৃংখলাটোৰ দ্বিতীয়খন গ্ৰন্থ দ্য ছিক্ৰেট অফ দ্য নাগাজ প্ৰকাশ পায়।৬ এই ত্ৰিলজী ভাৰতীয় দেৱতা শিৱৰ জীৱনপঞ্জীৰ এক ন-কল্পিত পুনৰ্কথন।
ত্ৰিপাঠীৰ প্ৰথম দুয়োখন উপন্যাসেই বাণিজ্যিক সফলতা লাভ কৰে। দুবছৰৰ ভিতৰত তেওঁৰ কিতাপৰ এক মিলিয়ন কপিৰ বিক্ৰী হয় যাৰ মুঠ খুচুৰা বিক্ৰী মূল্য ২২ কোটি টকা। শিৱ ত্ৰিলজীক ভাৰতীয় গ্ৰন্থ প্ৰকাশৰ ইতিহাসত এক সফলতম গ্ৰন্থ হিচাপে গণ্য কৰা হয়।৭
২০১২ চনৰ আৰম্ভণিতে ধৰ্ম প্ৰডাকচনে দ্য ইমৰ্টেলছ অফ মেলুহাৰ বোলছবি স্বত্ব ক্ৰয় কৰে।৮
২০১৩ চনৰ জানুৱাৰীত দ্য ইমৰ্টেলছ অফ মেলুহাক ফ্লেট্চাৰ বুকছৰ জৰিয়তে ইংলেণ্ডতে মুক্তি দিয়া হয়।৯
২০১৫ চনৰ ২২ জুনত অমিষৰ চতুৰ্থখন গ্ৰন্থ চায়ন অফ ইক্ষাকু প্ৰকাশ পায়। এই গ্ৰন্থখন ৰামায়ণৰ পুনৰ্কথন আৰু শিৱ ত্ৰিলজীৰ প্ৰিকুৱেল।১০ পাঠকৰ আগতীয়া অৰ্ডাৰৰ প্ৰতি সঁহাৰি জনাই আগশাৰীৰ অনলাইন শ্বপিং কোম্পানী আমাজনৰ সহযোগত গ্ৰন্থখন ২২ জুনৰ মাজৰাতি ১২ বজাতেই মুম্বাই, দিল্লী আৰু বেংগালুৰুৰ গ্ৰাহকসকলৰ ঘৰত দিয়াৰো ব্যৱস্থা কৰা হৈছিল।১১
অনুকুলন
ভাৰত উপমহাদেশত হিন্দী ভাষা আৰু ইংৰাজী ভাষাত দ্য ইমৰ্টেলছ অফ মেলুহা আৰু দ্য ছিক্ৰেট অফ দ্য নাগাজ উন্মোচন কৰা হয়। পিছলৈ দ্য ইমৰ্টেলছ অফ মেলুহা কেইবাটাও ভাৰতীয় ভাষা যেনে গুজৰাটী, মাৰাঠী, অসমীয়া আৰু তেলুগুত প্ৰকাশ পায়।
ভাৰতীয় বোলছবি স্বত্ব ধৰ্ম প্ৰডাকচনক বিক্ৰী কৰাৰ উপৰিও দ্য ইমৰ্টেলছ অফ মেলুহাৰ আন্তঃৰাষ্ট্ৰীয় বোলছবি স্বত্ব চৰ্চিত হৈ আছে। হলিউডৰ এক আগশাৰীৰ 'টেলেন্ট এজেঞ্চী' ক্ৰিয়েটিভ আৰ্টিষ্টছ এজেঞ্চীয়ে ত্ৰিলজীৰ বোলছবি সম্পৰ্কীয় লেনদেনত ত্ৰিপাঠীক প্ৰতিনিধিত্ব কৰে।১২১৩
এই গ্ৰন্থকেইখনে বহুকেইজন খ্যাতনামা ব্যক্তিৰ ইতিবাচক সমালোচনা লাভ কৰিছে। আধ্যাত্মিক গুৰু দীপক চোপ্ৰাই মন্তব্য কৰে, "অমিষৰ কিংবদন্তিমূলক কল্পনাই অতীত খনন কৰে আৰু ভৱিষ্যতৰ সম্ভাৱনাবোৰ চুই যায়।"১৪
প্ৰভাৱ
ত্ৰিপাঠীৰ আটাইবোৰ গ্ৰন্থ ধৰ্মীয় বিষয়ৰ ওপৰত।১৫১৬ ত্ৰিপাঠী হিন্দু দেৱতা শিৱৰ নিষ্ঠাৱান ভক্ত আৰু তেওঁ ভাবে যে তেওঁৰ গ্ৰন্থসমূহ ভগৱান শিৱৰ কৃপাৰ ফল।১৭ তেওঁৰ ককাদেউতাক হিন্দুসকলৰ এক পৱিত্ৰ স্থান বাৰাণসীৰ এক সংস্কৃত বিদ্বান আৰু পণ্ডিত আছিল। অমিষে কয় যে তেওঁ হিন্দু কিংবদন্তি আৰু ধৰ্মীয় জ্ঞানৰ সৰহভাগ ককাদেউতাক আৰু ধাৰ্মিক মাক-দেউতাকৰ পৰা লাভ কৰিছিল। ১৯৯০ চনৰ প্ৰথমৰফালে তেওঁ নাস্তিকলৈ পৰিৱৰ্তিত হৈ পৰে যদিও কিতাপকেইখন লিখিবলৈ লোৱাৰ সময়ত পুনৰ ধৰ্মবিশ্বাসী হৈ পৰে। ২০১১ চনত জয়পুৰ সাহিত্য উসৱত কোৱা মতে তেওঁ বিশ্বাস কৰে যে ভাৰতত ধাৰ্মিকতা আৰু উদাৰতা একেলগে হাত ধৰাধৰিকৈ আগবাঢ়ে।১৮ হিন্দু ধৰ্মগ্ৰন্থ ঋকবেদৰ উদ্ধৃতি দি তেওঁ কয় যে 'সত্য এটাই, কিন্তু এজন জ্ঞানীলোকে ইয়াক ভিন্নধৰণে জানে; ঈশ্বৰ এজনেই, কিন্তু আমি ভিন্নধৰণে তেওঁৰ কাষ চাপিব পাৰোঁ।' তেওঁ কয় যে তেওঁ এই দৰ্শন মানি চলে; ঘৰৰ পূজাগৃহত, ভগৱান শিৱ তথা অন্যান্য দেৱতাৰ মূৰ্ত্তিৰ লগতে তেওঁ নিয়মীয়াকৈ ইছলাম কাবা, মাতৃ মেৰী, যীশুখ্ৰীষ্ট, গৌতম বুদ্ধ আৰু আন বহু ধৰ্মৰ চিহ্নৰ ছবিতো উপাসনা কৰে।১৮
বজাৰিকৰণ
]]
ভাৰতীয় কিতাপৰ বজাৰত ত্ৰিপাঠীৰ গ্ৰন্থসমূহ ভালকৈয়ে সফল। ইয়াৰ বাবে ত্ৰিপাঠীৰ বজাৰীকৰণৰ কৌশল আৰু নক্সাকে সুবাদ দিয়া হয়।১৯২০ তেওঁ নিজেই কৈছে:
"ভাল কিতাপ এখন নিজে নিজে বিক্ৰী হ'ব বুলি ভবাটো ভুল ধাৰণা। মই আপোনালোকক এনে কিতাপৰ এখন দীঘল তালিকা দিব পাৰোঁ যিবোৰ মই ভাবোঁ বেষ্টচেলাৰ হ'ব লাগিছিল কিন্তু কোনোৱে এইবোৰৰ নামেই শুনা নাই। মাৰ্কেটিঙৰ অভিজ্ঞতাৰ লগতে মোৰ পৰিচালনাৰ সংস্কাৰে কিতাপখন আগবঢ়াই নিয়াৰ ফলৱতী নক্সা তৈয়াৰ কৰাত মোক সহায় কৰিলে।"১৯
ইমৰ্টেলছ অফ মেলুহা কিতাপৰ দোকানসমূহ পোৱাৰ আগতেই তেওঁলোকক ত্ৰিপাঠীয়ে প্ৰথম অধ্যায়টোৰ কিছুমান নমুনা কপি তৈয়াৰ কৰি গ্ৰাহকক বিনামূলীয়াকৈ বিতৰণ কৰাৰ বাবে দিছিল।২ এয়া এক দৃষ্টান্তমূলক পদক্ষেপ আছিল আৰু ত্ৰিপাঠী সেই সময়ত এক সৰ্বসাধাৰণে চিনি নোপোৱা লেখক হোৱা কথালৈ চাই কিতাপখনক এক উচ্চখাপৰ দৃশ্যমানতা দিছিল। তেওঁ আনকি ক্ষুদ্ৰ খুচুৰা বিক্ৰেতা তথা স্থানীয় বিতৰণকাৰীসকলকো লগ ধৰিছিল আৰু কিতাপ জমা ৰখাসকললৈ নিয়মীয়া ইমেইল পথাইছিল। তেওঁ প্ৰথমখন কিতাপক অগ্ৰগতি দিবলৈ সামাজিক মিডিয়া ৱেবছাইটসমূহক লক্ষ্য হিচাপে লৈছিল আৰু তৌফিক কুৰেছিৰ আৱহ সংগীতেৰে এক ট্ৰেইলাৰ নিৰ্মাণ কৰি ইউটিউবত যোগ কৰিছিল।২০
দ্বিতীয়খন গ্ৰন্থক অগ্ৰগতি দিবলৈ ত্ৰিপাঠীয়ে ভিডিঅ' ট্ৰেইলাৰ নিৰ্মাণ কৰি ছবিঘৰসমূহত প্ৰদৰ্শন কৰোৱাই। এই ট্ৰেইলাৰসমূহ বোলছবি ট্ৰেইলাৰৰ গুণমানৰ আছিল আৰু ভিজুৱেল এফেক্টেৰে সম্পূৰ্ণ আছিল।২১ শ্বাহৰুখ খান অভিনীত ৰা.ৱান ছবিৰ লগতে ই মুক্তি পাইছিল।১৯ ত্ৰিপাঠীয়ে বিশ্বাস কৰিছিল যে এই পদক্ষেপে কামত দিব কিয়নো থিয়েটাৰলৈ যোৱা আৰু তেওঁৰ কিতাপ পঢ়া লোকসকল একেই।২২ ইউটিউবত আন তিনিটা ট্ৰেইলাৰো মুক্তি দিয়া হয়।২৩
২০১৩ চনত শিৱ ত্ৰিলজীৰ অন্তিম গ্ৰন্থ দ্য অ'থ অফ দ্য বায়ুপুত্ৰজৰ আধাৰত বায়ুপুত্ৰ নামৰ এটা সংগীত এলবাম মুকলি কৰা হয়। চনু নিগম, তৌফিক কুৰেশ্বি, পলাশ সেন, বিক্ৰম ঘোষ আদি শিল্পীয়ে ইয়াত কণ্ঠদান কৰিছিল। এক গ্ৰন্থ শৃংখলাৰ বাবে সংগীত ৰচনা ইতিহাসত এয়াই প্ৰথম।২৪
গ্ৰন্থসমূহ
| বৰ্ষ | নাম | টোকা |
|---|---|---|
| ২০১০ | দ্য ইমৰ্টেলছ অফ মেলুহা | শিৱ ত্ৰিলজীৰ প্ৰথম গ্ৰন্থ |
| ২০১১ | দ্য ছিক্ৰেট অফ দ্য নাগাজ | শিৱ ত্ৰিলজীৰ দ্বিতীয় গ্ৰন্থ |
| ২০১৩ | দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ | শিৱ ত্ৰিলজীৰ তৃতীয় গ্ৰন্থ |
| ২০১৫ | ৰাম: চায়ন অফ ইক্ষাকু | ৰামচন্দ্ৰ শৃংখলাৰ প্ৰথম গ্ৰন্থ |
| ২০১৭ | সীতা: ৱৰিয়াৰ অফ মিথিলা | ৰামচন্দ্ৰ শৃংখলাৰ দ্বিতীয় গ্ৰন্থ |
| ২০১৯ | ৰাৱণ: এনিমি অফ আৰ্যৱৰ্ত্ত | ৰামচন্দ্ৰ শৃংখলাৰ তৃতীয় গ্ৰন্থ |
| ২০১৯ | ইমৰ্টেল ইণ্ডিয়া | নন ফিকছন |
| ২০২০ | লিজেণ্ড অফ সহলদেৱ: দ্য কাইণ্ড হু ছেভড ইণ্ডিয়া | ক্ৰ'নিকল |
| ২০২০ | ধৰ্ম: ডিক'ডিং দ্য এপিকছ ফৰ এ মিনিংফুল লাইফ | নন ফিকছন |
তথ্যসূত্ৰ
- ↑ (28 July 2011). MBA, myth and 'Meluha', a phenomenon called Amish. The Times of India
- ↑ Sheela Reddy. (18 July 2011). The Lo-Cal Literati. Outlook (magazine)
- ↑ Amish Tripathi. (18 September 2010). The MBA Writer. OPEN (Indian magazine)
- ↑ (9 April 2010). Amish Tripathi’s going digital. DNA
- ↑ (2011-10-30). Bestselling bosses. Business Today
- ↑ (12 January 2012). The Oath of the Vayuputras – Book Preview. Latest Book Reviews
- ↑ Trilogy's final book to release in March 2013
- ↑ Upala K Basu. (4 January 2012). Karan Johar brings Meluha to life. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ TNN Jan 16, 2013, 02.55PM IST. (2013-01-16). The Shiva Trilogy overseas rights bought by Jo Fletcher Books - Times Of India. Articles.timesofindia.indiatimes.com
- ↑ Vamsi Krishna. (June 23, 2015). Amish’s Scion of Ikshvaku releases, author says Indian myths meaningful as they are living myths - See more at: indianexpress.com/article/lifestyle/books/amishs. The Indian Express
- ↑ Chengappa Sangeetha. (June 22, 2015). Amazon innovates with midnight deliveries. The Hindu Business LIne
- ↑ (2012-02-05). Myths with a modern twist
- ↑ (2011-07-09). Karma cola and masala mythology
- ↑ (16 January 2013). Shiva Trilogy. Times Of India
- ↑ (2012-01-12). Interview with the author of The Immortals of Meluha. Rediff
- ↑ Fame by name. Pune Mirror
- ↑ (2012-06-12). My books are Shiva’s blessings. Times of India
- ↑ Jaipur Literature Festival
- ↑ BHAWNANI, NAMRATA. Myth and match: Talk with Amish Tripathi. The Times of India
- ↑ (2011-08-28). Romancing the market. The Telegraph (Calcutta)
- ↑ The secret of amish. The Telegraph (Calcutta)
- ↑ A film on The Immortals of Meluha?. Hindustan Times
- ↑ The Secret of the Nagas, 2011, Acknowledgements, p. xii
- ↑ TNN Feb 16, 2013, 12.00AM IST. (2013-02-16). Shiva trilogy music released - Times Of India. Articles.timesofindia.indiatimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিষ ত্ৰিপাঠী” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।