কে আৰ মীৰা (K. R. Meera; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সাংবাদিক। তেওঁ মালয়ালম ভাষাত লিখা-মেলা কৰে। কেৰালাৰ কোল্লম জিলাৰ সস্তমকোট্টাত তেওঁৰ জন্ম হয়। 'মালায়লা মনোৰমা'ত তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল, কিন্তু লেখা-মেলাত অধিক মনোনিৱেশ কৰিবৰ বাবে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰে। ২০০১ চনত তেওঁ কল্পকাহিনী লিখিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ প্ৰথমখন চুটি গল্প সংকলন 'অ'ৰময়ুড়ে নিআৰাম্বু' ২০০২ চনত প্ৰকাশ হয় আৰু তেতিয়াৰ পৰা তেওঁ পাঁচখন চুটি গল্প সংকলন, দুখন উপন্যাসিকা, পাঁচখন উপন্যাস আৰু দুখন শিশু গ্ৰন্থ প্ৰকাশ কৰিছে। 'আৱে মাৰিয়া' গল্পৰ বাবে তেওঁ ২০০৯ চনত কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰে।১ তেওঁৰ উপন্যাস 'আৰাচাৰ' (২০১২) মালয়ালম ভাষাৰ এটা শ্ৰেষ্ঠ সাহিত্য কৰ্ম ৰূপে বহুলভাৱে সমাদৃত।২ এই কিতাপখনে কেৰালা সাহিত্য অকাডেমি বঁটা (২০১৩), অ'ড়াক্কুঝল বঁটা (২০১৩), ভায়ালাৰ বঁটা আৰু সাহিত্য অকাডেমি বঁটা (২০১৫) লাভ কৰিছে। কিতাপখন ২০১৬ চনৰ দক্ষিণ এছিয়াৰ সাহিত্যৰ বাবে প্ৰদান কৰা 'ডি এছ চি পুৰস্কাৰ'ৰ বাবেও নিৰ্বাচিত হৈছিল।
জীৱনী
ৰামচন্দ্ৰন পিল্লাই আৰু অমৃতকুমাৰী কন্যা হিচাপে কেৰালাৰ কোল্লম জিলাৰ সস্তমকোট্টাত মীৰাৰ জন্ম হৈছিল। মাক দেউতাক দুয়োজনেই আছিল অধ্যাপক। সস্তমকোট্টাৰ ডি বি কলেজৰ পৰা মীৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। তামিলনাডুৰ দিণ্ডিগালত অৱস্থিত 'গান্ধীগ্ৰাম ৰুৰেল ইনষ্টিটিউটৰ পৰা' মীৰাই 'কম্যুনিকেটিভ ইংৰাজী'ত স্নাতকোত্তৰ ডিগ্ৰী লৈছে।
'মালয়লা মনোৰমা'ৰ সাংবাদিক স্বামী এম এচ দিলীপৰ সৈতে মীৰা কোট্টায়ামত বাস কৰে। তেওঁলোকৰ একমাত্ৰ কন্যা শ্ৰুতি অন্ধ্ৰপ্ৰদেশৰ 'ঋষি ভেলী স্কুল'ৰ আৱাসিক শিক্ষাৰ্থী।৩
সাংবাদিকতা
১৯৯৩ চনত, তেওঁ কোট্টায়ামৰপৰা ওলোৱা মালায়ালম দৈনিক 'মালায়লা মনোৰমা'ত সাংবাদিক হিচাপে যোগদান কৰে, তেওঁ বাতৰি কাকতত চাকৰি কৰা প্ৰথম মহিলা সাংবাদিক আছিল।৪২০০৬ চনত, কেইবাটাও গল্প প্ৰকাশ হোৱাৰ পছত মীৰাই সাংবাদিকতা এৰি দিয়ে আৰু লিখাতে সম্পূৰ্ণ সময় নিয়োজিত কৰে।৫চাকৰিৰপৰা পদত্যাগ কৰাৰ সময়ত মীৰা 'মালায়লা মনোৰমা'ৰ জেষ্ঠ সহকাৰী সম্পাদক আছিল। তেওঁৰ সাংবাদিক জীৱনত, তেওঁ বহুতো বিশেষ কাহিনী প্ৰকাশ কৰিছিল; যিসমূহে বহুতো পুৰস্কাৰ আৰু স্বীকৃতি লাভ কৰিছিল। তেওঁ কেৰালাত মহিলা শ্ৰমিকসকলৰ দুৰ্দশাৰ ওপৰত এক অনুসন্ধানকাৰী শৃংখলাৰ বাবে ১৯৯৮ চনত সাংবাদিকতাৰ বাবে পি.ইউ.চি.এল. মানৱ অধিকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। এই শৃংখলাটোৱে 'কেৰালা প্ৰেছ একাডেমী'ৰ দ্বাৰা প্ৰতিষ্ঠিত 'চোৱাৰা পৰমেশ্বৰন' বঁটাও লাভ কৰিছিল। শিশুৰ ওপৰত এটা শৃংখলাই তেওঁক ২০০১ চনত শিশু অধিকাৰৰ বাবে দীপলয়া ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা লাভত সহায় কৰিছিল।
বঁটা আৰু সম্মান
- ১৯৯৮: সাংবাদিকতাৰ বাবে পি.ইউ.চি.এল. মানৱ অধিকাৰ ৰাষ্ট্ৰীয় বঁটা
- ১৯৯৮: চোৱাৰা পৰমেশ্বৰন বঁটা
- ২০০১: শিশুৰ অধিকাৰৰ বাবে দীপালয়া ৰাষ্ট্ৰীয় সাংবাদিক বঁটা
- ২০০৪: ললিথম্বিকা সাহিত্য বঁটা
- ২০০৪: কেৰালা সাহিত্য অকাডেমিৰ দ্বাৰা গীতা হিৰন্যন এণ্ডোমেণ্ট বঁটা -অ'ৰময়ুড়ে নিআৰাম্বু
- ২০০৪: আনকানম সাহিত্য বঁটা- অ'ৰময়ুড়ে নিআৰাম্বু৬
- ২০০৬: কেৰালা ৱাৰ্মা কথা পুৰস্কাৰম - অ'ৰময়ুড়ে নিআৰাম্বু
- ২০০৬: ই ভি কৃষ্ণা পিল্লাই স্মাৰক সাহিত্য বঁটা- মহামঞ্জা
- ২০০৬: থপ্পিল ৰবি স্মাৰক সাহিত্য বঁটা- কৰিনীলা
- ২০০৯: গল্পৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা - আৱে মাৰিয়া৭
- ২০১৩: অড়াকুঝল বঁটা - আৰাচাৰ৮
- ২০১৩: উপন্যাসৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা- আৰাচাৰ৯
- ২০১৪: ভায়ালাৰ বঁটা - আৰাচাৰ১০
- ২০১৫: ওমান কেৰালা সাহিত্য পুৰস্কাৰম১১
- ২০১৫: সাহিত্য অকাডেমি বঁটা- আৰাচাৰ১২
- ২০১৬: চাম্বাশিৱন স্মাৰক বঁটা (কুৱেইট কলা ট্ৰাষ্ট্ৰ)১৩
- ২০১৬: দক্ষিণ এছীয় সাহিত্যৰ বাবে ডিএচছি প্ৰাইজ- হেং ৱমেন (জে দেৱীকাৰ দ্বাৰা অনূদিত। )১৪
- ২০১৮: মুট্টাথু ভাৰ্কি বঁটা- আৰাচাৰ
- ২০২০: ভি ভি কে বঁটা - আৰাচাৰ১৫
গ্ৰন্থপঞ্জী
উপন্যাস
- নেত্ৰনমিলানাম
- মীৰাসাধু
- য়ুদাহিন্তে সুভিশেশম
- মালাকাইউড়ে মাৰুকুকাল
- কৰিনীলা
- আ মাৰাথেয়ম মৰান্নু মৰান্নু নজান
- আৰাচাৰ (২০১২)
- চুৰিয়ানে এনিনজা অৰু শ্ৰী
- ঘটকন
- খবৰ
চুটি গল্প
- সৰ্পায়াজনাম (২০০১)
- অ'ৰময়ুড়ে নিআৰাম্বু (২০০২)
- মহা মাঞ্জা (২০০৪)
- আৱে মাৰিয়া
- কে. আৰ. মীৰায়ুদে কথাকাল
- গিলোটিন
- মীৰায়ুদে নভেলকাল (২০১৪)
- পেনপাঞ্জতন্দ্ৰম (২০১৬)
- ভগৱন্তে মৰণম (২০১৭)
স্মৃতিকথা
- মাঝায়িল পৰকুন্না পক্ষীকাল
- এন্তে জীৱিতাট্টিলে চিলাৰ
- কাধায়েঝুথ
তথ্যসূত্ৰ
- ↑ "Sahitya Academy awards announced"
- ↑ "ആരാച്ചാര് മലയാളത്തിലെ ഏറ്റവും നല്ല നോവലുകളിലൊന്ന്: ഡോ. എം ലീലാവതി" . DC Books. 3 February 2014. Retrieved 23 March 2014
- ↑ Varuna Verma. (18 January 2015). 'A writer is inherently a feminist, humanist, environmentalist and a socialist'. Telegraph
- ↑ Kuruvilla, Elizabeth. (2017-03-03). Writing is my revenge: K.R. Meera. Livemint
- ↑ Nandini Nair. Telling Herstory. Business Line
- ↑ (8 March 2004). Ankanam award for KR Meera. Deccan Herald
- ↑ (2014-08-01). Death Becomes Her: Malayalam writer KR Meera on plotting the history of Indian women through Hangwoman. The Indian Express
- ↑ "കെ ആര് മീരയുടെ ആരാച്ചാറിന് ഓടക്കുഴല് പുരസ്കാരം" . DC books. 12 January 2014. Retrieved 23 March 2014
- ↑ (December 2014). 2013-ലെ കേരള സാഹിത്യ അക്കാദമി അവാര്ഡുകള് പ്രഖ്യാപിച്ചു. Kerala Sahitya Akademi
- ↑ (11 October 2014). K R Meera gets Vayalar award. Business Standard
- ↑ "ഒമാന് കേരള സാഹിത്യ പുരസ്കാരം കെ.ആര്. മീരയ്ക്ക്" . DC books. 12 February 2015. Retrieved 12 February 2015
- ↑ "KR Meera wins Kendra Sahitya Akademi award". Malayala Manorama. 17 December 2015. Retrieved 17 December 2015
- ↑ (2016-08-14). Sambashivan memorial award presented to K.R. Meera. The Hindu
- ↑ (26 November 2015). DSC Prize 2016 Finalists. DSC Prize
- ↑ (13 June 2020). K.R Meera bags V. V. K Award. Madhyamam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে আৰ মীৰা” প্ৰবন্ধৰ সংশোধন ৩৯৫৪১৬ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।