অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শংখ ঘোষ

শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১) হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শংখ ঘোষ (Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১)১২ হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক।৩ ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বাবৰৰ প্ৰাৰ্থনা কাব্যগ্ৰন্থৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১১ চনত পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটাৰে বিভূষিত হৈছিল। ‘গন্ধৰ্ব কবিতা গুচ্ছ’ কাব্য-সংকলনৰ বাবে কে কে বিৰলা ফাউণ্ডেচনে ১৯৯৮ চনত ঘোষক সৰস্বতী সন্মান প্ৰদান কৰিছিল।

জন্ম আৰু ব্যক্তিগত জীৱন

শংখ ঘোষৰ প্ৰকৃত নাম আছিল চিত্তপ্ৰিয় ঘোষ। তেওঁৰ দেউতাক মনীন্দ্ৰকুমাৰ ঘোষ আৰু মাতৃ অমলা ঘোষ। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চাঁদপুৰ জিলাত ১৯৩২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে শংখ ঘোষৰ জন্ম হৈছিল। পৈতৃক গৃহ আছিল বাংলাদেশৰ বৰিশাল জিলাত। কিন্তু তেওঁ ডাঙৰ হৈছিল পাবনাত। দেউতাকৰ চাকৰিসূত্ৰে পাবনাত থাকি তেওঁ তাৰ চন্দ্ৰপ্ৰভা বিদ্যাপীঠৰপৰা মেট্ৰিক পাছ কৰিছিল।

কেৰিয়াৰ

ঘোষে বংগভাষী কলেজ, চিটি কলেজ, যাদৱপুৰ বিশ্ববিদ্যালয়, জংগীপুৰ কলেজ, বঢ়হমপুৰ গাৰ্লচ কলেজ আদি কলিকতা আৰু পশ্চিমবংগৰ বহুকেইটা শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদান কৰিছিল। ১৯৯২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ আইৱাত অনুষ্ঠিত এখন আন্তৰ্জাতিক লেখক সন্মিলনত অংশগ্ৰহণ কৰিছিল। ঘোষে দিল্লী বিশ্ববিদ্যালয়, ছিমলাৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ’ আৰু বিশ্ব-ভাৰতীতো অধ্যাপনা কৰিছিল।

কুন্তক আছিল তেওঁৰ ছদ্মনাম।৪ বঙালী সাহিত্যক এক নতুন পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত, শক্তি চট্টোপাধ্যায়, সুনীল গংগোপাধ্যায়, বিনয় মজুমদাৰ আৰু উৎপল কুমাৰ বসুৰ দৰে সমকালীন বঙালী সাহিত্যৰ আটাইতকৈ আদৰণীয় লিখকসকলৰ সৈতে শংখ ঘোষৰ নাম ‘পঞ্চ পাণ্ডৱ’ ৰূপে উল্লেখ কৰা হয়।

মৃত্যু

২০২১ চনৰ ১৮ এপ্ৰিল তাৰিখে ঘোষ ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হয় আৰু ২১ এপ্ৰিলৰ দিনা কলিকতাৰ নিজা গৃহত তেওঁৰ মৃত্যু হয়।৫৬৭ তেওঁৰ মৃত্যুৰ ঠিক আঠ দিন পাছতে তেওঁৰ পত্নী প্ৰতিমা ঘোষো ক'ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

কবিতাসমূহ

  • দিনগুলি ৰাতগুলি (ফাৰ্ষ্ট ষ্ট'ৰি)
  • নিহিত পাতাল ছাঁয়া
  • পাঁজৰে দাঁৰেৰ শব্দ
  • জল এ পাষাণ হয়ে আছে
  • ধুম লেগেছে হৃদ কমলে
  • গোটা দেশ জোৰা জৌঘৰ
  • প্ৰতি প্ৰশ্নে কেঁপে উঠে ভিটে
  • হাচি খুচি মুখে সৰ্বনাশ
  • আদিম লতা-গুল্মময় (এঞ্চিয়েণ্ট ভাইনচ্‌ এণ্ড ট্ৰীজ)
  • মূৰ্খ বৰ, সামাজিক নয় (বিগ ফুল, ন'ট ছ'চিয়েল)
  • কবিৰ অভিপ্ৰায় (দ্য পয়েট্‌চ ইণ্টেনচন)
  • মুখ ধেকে যায় বিজ্ঞাপনে (ফেচেচ আৰ হিডিন বাই এডভাৰটাইজমেণ্ট)
  • বাবৰেৰ প্ৰাৰ্থনা (বাবৰ'চ্‌ প্ৰেয়াৰ)
  • দ্য নীল মানুষ চিৰিজ (ষ্ট'ৰি অৱ দ্য ব্লু জিয়াণ্ট)

বঁটা

তথ্যসূত্ৰ

  1. ↑ Pharida Kabira. (1986). Pañcāsa Bacharera Premera Kabitā: Bāṃlādeśa O Paścimabāṃlāra Kabitāra Panḍulipi Saṃkalana. Signorinā. পৃ. 82
  2. ↑ Inc., Parabaas. Sankha Ghosh - Biographical Sketch (Parabaas Translation). parabaas.com
  3. ↑ (11 January 2016). Sankha Ghosh, 1932-. Library of Congress, New Delhi Office
  4. ↑ (23 December 2016). Acclaimed Bengali poet Shankha Ghosh to get 2016 Jnanpith Award. Daily News Analysis
  5. ↑ KolkataApril 21, India Today Web Desk; April 21, 2021UPDATED; Ist, 2021 13:00. Celebrated Bengali poet Sankha Ghosh dies of Covid at 89 in Kolkata. India Today
  6. ↑ frontline.thehindu.com/dispatches/legendary-beng
  7. ↑ Atri, Mitra. (21 April 2021). Bengali poet Shankha Ghosh passes away due to Covid-19 complications. The Indian Express
  8. ↑ (23 December 2016). Bengali poet Shankha Ghosh chosen for Jnanpith Award. Hindustan Times
  9. ↑ .:: SAHITYA: Akademi Awards::.. sahitya-akademi.gov.in
  10. ↑ (6 February 1999). Saraswati Samman for Shankha Ghosh. The Tribune
  11. ↑ Kumar, Kuldeep. (14 December 2018). Shankha Ghosh: A gifted and sensitive writer. The Hindu
  12. ↑ (24 December 2016). Jnanpith award for veteran poet Shankha Ghosh. The Times of India

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তিভাৰতীয় সাহিত্যিকবঙালী সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীকমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীবঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ীবঙালী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংখ ঘোষ” প্ৰবন্ধৰ সংশোধন ৫৭৬৩৩৪ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।