খুছৱন্ত সিং (Khushwant Singh; ২ ফেব্ৰুৱাৰী, ১৯১৫ – ২০ মাৰ্চ, ২০১৪) এজন প্ৰসিদ্ধ ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ আছিল। তেওঁ ইংৰাজীত সাহিত্য চৰ্চা কৰিছিল। ১৯৭০ ৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ বহুতো আলোচনী আৰু বাতৰিকাকতত সম্পাদক হিচাপে কাম কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক পদক পদ্মবিভূষণেৰে সন্মানিত খুছৱন্ত সিং ভাৰতৰ লগতে পাকিস্তানতো সমানে জনপ্ৰিয় আছিল। তেওঁক ডাৰ্টী অ'ল্ড মেন অৱ ইণ্ডিয়া বুলি বহুতে অভিহিত কৰে। তেওঁৰ নামেৰে কছৌলি নামৰ ঠাইত খুছৱন্ত সিং সাহিত্য উৎসৱো পালন কৰা হয়।১
প্ৰাৰম্ভিক জীৱন
খুছৱন্ত সিং অবিভক্ত ভাৰতবৰ্ষৰ পঞ্জাব প্ৰদেশৰ হাদালিৰ (বৰ্তমান পাকিস্তানৰ) এটা শিখ ধৰ্মী পৰিয়ালত ১৯১৫ চনৰ ২ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল।১ তেওঁৰ দেউতাক ছাৰ শোভা সিং এজন প্ৰসিদ্ধ ঠিকাদাৰ আছিল। তেওঁ যথাক্ৰমে মডাৰ্ণ স্কুল, নতুন দিল্লী; গৱৰ্ণমেণ্ট কলেজ, লাহোৰ; চেইণ্ট ষ্টিফেন কলেজ, দিল্লী আৰু কিংছ কলেজ, লণ্ডনত শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ লাহোৰত ওকালতি কৰিছিল।
ব্যাক্তিগত জীৱন
খুছৱন্ত সিং কাৱাল মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ ৰাহুল সিং নামৰ এজন পুত্ৰ আৰু মালা নামৰ এজনী জীয়ৰী আছে। তেওঁ মৃত্যুৰ আগলৈ দিল্লীৰ খান মাৰ্কেটৰ ওচৰৰ 'চুজান সিং পাৰ্ক'ত (দিল্লীৰ প্ৰথম এপাৰ্টমেণ্ট কমপ্লেক্স,তেওঁৰ দেউতাকে ১৯৪৫ চনত নিৰ্মাণ কৰিছিল) বসবাস কৰিছিল। তেওঁ প্ৰতিদিনে ৰাতিপুৱা ৪ বজাত শোৱাপাটী এৰে আৰু নিজ হাতে বাতৰিকাকতৰ স্তম্ভ লিখা আৰম্ভ কৰে বুলি জনা যায়।১
২০১৪ চনৰ ২০ মাৰ্চ তাৰিখে স্বাভাৱিক কাৰণত ৯৯ বছৰ বয়সত মৃত্যু বৰণ কৰে।১
কৰ্মজীৱন
খুছৱন্ত সিঙে প্ৰথমে লাহোৰ উচ্চ ন্যায়ালয়ত কিছুবছৰ ওকালতি কৰিছিল।২
সাংবাদিকতা
১৯৫১ চনত আকাশবাণীত যোগদান কৰি তেওঁ সাংবাদিক জীৱন আৰম্ভ কৰে। পৰৱৰ্ত্তী সময়ত তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশিত 'যোজনা' নামৰ আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক হয়। পিছলৈ তেওঁ 'ইলাষ্ট্ৰেটেড উইকলী'ৰ সম্পাদক ৰূপে নবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ যোগেদি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৯৮০ -১৯৮৮ চনলৈ তেওঁ 'দ্য হিন্দুস্তান টাইমছ' কাকতৰ সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে।
সাহিত্যচৰ্চা
খুছৱন্ত সিং এগৰাকী প্ৰসিদ্ধ সাহিত্যিকো। ১৯৫০ চনত ' দা মাৰ্ক অৱ বিষ্ণু এণ্ড আদাৰ ষ্টৰীজ' নামৰ গ্ৰন্থখনেৰে তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰে। জীৱনকালত তেওঁ প্ৰায় ৮৪খন গ্ৰন্থ ৰচনা কৰিছে বুলি জনা যায়। তেওঁৰ প্ৰখ্যাত গ্ৰন্থসমূহৰ ভিতৰত 'দ্য হিষ্টৰী অৰ শিখছ' (১৯৫৩), 'টে্ৰইন টু পাকিস্তান' (১৯৫৬), 'দিল্লী: এ ন'ভেল' (১৯৯০) ইত্যাদি প্ৰধান। তেওঁৰ আত্মজীৱনীখন হৈছে 'ট্ৰুথ, লাভ এণ্ড এ লিটল মেলাইছ'। তেওঁৰ অন্তিম গ্ৰন্থখন হৈছে ২০১৩ চনত প্ৰকাশ পোৱা 'দা গুড, দা বেড এণ্ড দা ৰিডিকুল্যাছ'।
ৰাজনীতি
১৯৮০ চনত খুছৱন্ত সিং ৰাজ্যসভালৈ মনোনীত হয় আৰু ১৯৮৬ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰে।২
অৱদান
গ্ৰন্থ
- দ্য হিষ্টৰী অৰ শিখছ (১৯৫৩)
- টে্ৰইন টু পাকিস্তান (১৯৫৬)
- দিল্লী: এ ন'ভেল (১৯৯০)
- ট্ৰুথ, লাভ এণ্ড এ লিটল মেলাইছ
- ৰঞ্জিত সিং: দ্য মহাৰাজ অৱ পঞ্জাব (১৯৬৩)
- ছেক্স, স্কটছ এণ্ড স্ক'লাৰশ্বিপ (১৯৯২)
- দ্য ছানছেট ক্লাব (২০১০)
- দ্য গুড, দা বেড এণ্ড দা ৰিডিকুল্যাছ (২০১৩)
চুটিগল্প সংকলন
- দ্য মাৰ্ক অৱ বিষ্ণু এণ্ড আদাৰ ষ্টৰীজ (১৯৫০)
- ব্লেক জেচমিন (১৯৭১)
- ভইচ অৱ গড এণ্ড আদাৰ ষ্টৰীজ (১৯৫৯)
- A Bride for the Sahib and Other Stories. New Delhi, Hind, 1967.
- The Collected Stories. N.p., Ravi Dayal, 1989.
- ''The Portrait of a Lady
- The Strain
- Success Mantra
- A Love Affair In London
বঁটা আৰু সন্মান
- ১৯৭৪: ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মান২
- ২০০৭: ভাৰত চৰকাৰৰ পদ্মবিভূষণ সন্মান১
- Rockfeller Grant,1966৩
- Honest Man of the Year, Sulabh International (2000)৪
- Punjab Rattan Award, The Government of Punjab (2006)৫
- Sahitya academy fellowship award by Sahitya academy of India (2010)৬
- ‘All-India Minorities Forum Annual Fellowship Award’ by উত্তৰ প্ৰদেশ Chief Minister Akhilesh Yadav (2012)
- Lifetime achievement award by Tata Literature Live! The Mumbai Litfest in 2013৫
- Fellow of King's College London on January 2014৩
তথ্যসূত্ৰ
- ↑ (২১ মাৰ্চ, ২০১৪). আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি
- ↑ (২১ মাৰ্চ, ২০১৪). দৈনিক জনমভূমি কাকতত প্ৰকাশিত বাতৰি
- ↑ Khushwant Singh awarded Fellowship. King's College London
- ↑ Khushwant Singh, 1915-. Library of Congress, New Delhi
- ↑ Life and times of Khushwant Singh l. India Today
- ↑ Mukherjee, Abishek. Khushwant Singh and the cricket connection. The Cricket Country
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুছৱন্ত সিং” প্ৰবন্ধৰ সংশোধন ৫৩২১৩১ (১৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।