অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰ্ণকুমাৰী দেৱী

স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

স্বৰ্ণকুমাৰী দেৱী (Swarnakumari Devi; ২৮ আগষ্ট ১৮৫৫ – ৩ জুলাই ১৯৩২) আছিল এগৰাকী ভাৰতৰ বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷১২ ভাৰতৰ প্ৰথমকেইগৰাকী ঔপন্যাসিকাৰ মাজত তেখেতৰ নামটোও লোৱা হয়৷৩ বংগত বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰা প্ৰথমকেইগৰাকী লেখিকাৰ ভিতৰতো স্বৰ্ণকুমাৰী দেৱী অন্যতম৷৪

পৰিয়াল আৰু প্ৰাৰম্ভিক জীৱন

স্বৰ্ণকুমাৰী দেৱী আছিল দেবেন্দ্ৰনাথ ঠাকুৰৰ কন্যা সন্তানসকলৰ চতুৰ্থগৰাকী৷ ইয়াৰ লগতে তেখেত আছিল দ্বাৰকানাথ ঠাকুৰৰ নাতি৷ স্বৰ্ণকুমাৰী দেৱীৰ তিনিগৰাকী ভগ্নী সৌদামিনী, সুকুমাৰী আৰু শৰৎকুমাৰী তেওঁতকৈ আছিল বয়সত ডাঙৰ৷ আনহাতে বৰ্ণকুমাৰী আছিল কনিষ্ঠগৰাকী৷ সৌদামিনী বেথুন কলেজৰ প্ৰথমকেইগৰাকী শিক্ষাৰ্থীৰ মাজত অন্যতম৷ পৰিয়ালৰ বাকীকেইগৰাকী ছোৱালীয়েও তেখেতক অনুসৰণ কৰি শিক্ষাগ্ৰহণ কৰিছিল৷ কিন্তু স্বৰ্ণকুমাৰীয়ে মূলতঃ ঘৰতে শিক্ষাগ্ৰহণ কৰিছিল বুলি ক'ব পাৰি৷ ২তেখেত ৰবীন্দ্ৰনাথ ঠাকুৰতকৈ পাঁচবছৰে জ্যেষ্ঠ আছিল৷৪

জৰাশংক ঠাকুৰবাড়ীত শিক্ষাক গুৰুত্ব দিয়া হৈছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে আত্মজীৱনীত লিখিছে, "বিদ্যালয়ৰ তুলনাত আমি ঘৰতহে অধিক শিকোঁ৷"৫কম বয়সৰ পৰাই স্বৰ্ণকুমাৰীয়ে বাকীসকল ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি তুলিব পৰাকৈ সক্ষম আছিল৷

বিবাহ আৰু সন্তান

১৮৬৮ চনত স্বৰ্ণকুমাৰীৰ বিবাহ সম্পন্ন হৈছিল জানকীনাথ ঘোষালৰ সৈতে৷ জানকীনাথ ঘোষাল আছিল এগৰাকী সুশিক্ষিত আৰু দৃঢ় মনোবলৰ মানুহ৷ নদীয়া জিলাৰ এটি জমিদাৰী পৰিয়ালৰ ল'ৰা জানকীনাথক পৰিয়ালৰ পৰা বৰ্জন কৰা হৈছিল৷ কাৰণ জানকীনাথে ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰিছিল আৰু বিতৰ্কিত ব্ৰাহ্ম ৰীতিৰ "আনুষ্ঠানিকতা"ৰ মাজেৰে বিবাহপাশত আবদ্ধ হৈছিল৷৬ তেখেতক সকলোধৰণৰ উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল৷ অৱশ্যে নিজৰ সামৰ্থ আৰু দৃঢ়তাৰ জোৰত তেখেতে ব্যৱসায় আৰম্ভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেখেতক 'ৰাজা' উপাধি প্ৰদান কৰা হৈছিল৷১ ২ জানকীনাথে কম বয়সৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সক্ৰিয়তা বৰ্তাই ৰাখিছিল৷ ৭ ১

দম্পতীটোৰ সন্তানকেইগৰাকী হৈছে-হিৰন্ময়ী দেৱী(১৮৭০-১৯২৫),৮ জ্যোৎস্নানাথ ঘোষাল (১৮৭১-১৯৬২) আৰু সৰলা দেৱী চৌধুৰাণী (১৮৭২-১৯৪৫)৷৯ জ্যোৎস্নানাথ ঘোষালে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পশ্চিম ভাৰতত সেৱাদান কৰিছিল৷১০

সৃজনীমূলক প্ৰয়াস

স্বৰ্ণকুমাৰী দেৱীৰ প্ৰথমখন উপন্যাস হৈছে দ্বীপ নিৰ্বাণ৷ প্ৰকাশ হৈছিল ১৮৭৬ চনত৷৪৩ এটা বিশেষ সূত্ৰৰ মতে, হানা কেথেৰিন মুলেন্স হৈছে বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী মহিলা; যিখন প্ৰকাশ হৈছিল ১৮৫২ চনত৷১১ তেনে এক প্ৰেক্ষাপটত স্বৰ্ণকুমাৰী আছিল বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী বাংলা মহিলা৷১২১৩ ১৪

১৮৭৯ চনত স্বৰ্ণকুমাৰীয়ে সম্ভৱতঃ বাংলা ভাষাত প্ৰথমখন অপেৰা লিখে৷ নাম আছিল বসন্ত উৎসৱ৷১৫

কৰ্মৰাজি

উপন্যাস

  1. দ্বীপ নিৰ্বাণ, ১৮৭৬৩
  2. মীবাৰ ৰাজ, ১৮৭৭
  3. ছিন্ন মুকুল, ১৮৭৯৩
  4. মালতী, ১৮৮১
  5. হুগলীৰ ইমাম বাড়ী, ১৮৮৭
  6. বিদ্ৰোহ, ১৮৯০
  7. স্নেহলতা বা পালিটা, ১৮৯২
  8. ''ফুলেৰমালা, ১৮৯৪
  9. কাহাকে, ১৮৯৮
  10. বিচিত্ৰ, ১৯২০
  11. স্বপ্নভূমি, ১৯২১
  12. মিলনৰাতি, ১৯২৫
  13. ফুলেৰ মালা১

নাটক

  1. দ্য ৱেডিং টেংগল, ১৯০৪
  2. কোনেই বাদল, ১৯০৬
  3. পাক চক্ৰ, ১৯১১
  4. ৰাজকন্যা
    1. দিব্যকমল১

অপেৰা

  1. বসন্ত উৎসৱ, ১৮৭৯

কাব্য

  1. গাঁথা
  2. বসন্ত উৎসৱ
  3. গীতিগুচ্ছ১

প্ৰবন্ধ

  1. পৃথিৱী১

বঁটা আৰু সন্মান

কলিকতা বিশ্ববিদ্যালয়ে স্বৰ্ণকুমাৰী দেৱীক ১৯২৭ চনত জগততাৰিণী সোণৰ পদক প্ৰদান কৰে৷১৫

তথ্যসূত্ৰ

  1. ↑ Sengupta, Subodh Chandra and Bose, Anjali (editors), 1976/1998, Sansad Bangali Charitabhidhan (Biographical dictionary) Vol I,pp. 609-610
  2. ↑ Devi Choudhurani, Indira, Smritisamput, Rabindrabhaban, Viswabharati, pp.16-26
  3. ↑ Dutta, Swapna. (August 3, 2013). The home and the world. দ্য হিন্দু
  4. ↑ Banerjee, Hiranmay, Thakurbarir Katha,p. 119, Sishu Sahitya Sansad
  5. ↑ Deb, Chitra. (1990). Calcutta: The Living City. Oxford University Press. পৃ. 66. ISBN 978-0-19-563696-3
  6. ↑ Ghoshal was 1 of 9 such grooms who petitioned for Brahmo Marriage Bill 1871 to Sir Henry Maine. per Sibnath Sastri
  7. ↑ Devi Choudhurani, Indira, Smritisamput, Notes, p. 190
  8. ↑ Devi Choudhurani, Indira, Smritisamput, Notes, p. 218
  9. ↑ Banerjee, Hiranmay, Thakurbarir Katha, family chart, p. 224
  10. ↑ Devi Choudhurani, Indira, Smritisamput, Notes, p. 195
  11. ↑ Sengupta, Subodh Chandra and Bose, p. 423
  12. ↑ Aziz, Mahibul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  13. ↑ Bandopadhyay, Brajendranath, Sahitye Banga Mahila, in Bethune College and School Centenary Volume, edited by Dr. Kalidas Nag, 1949, p. 199
  14. ↑ The Tagores and society. Rabindra Bharati University
  15. ↑ Amin, Sonia. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় সংগীতজ্ঞসমাজকৰ্মীবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্ণকুমাৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮৩২২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।