অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কামিনী ৰায়

কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩) ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩)১ ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।২৩

প্ৰাৰম্ভিক জীৱন

১৮৬৪ চনৰ ১২ অক্টোবৰ তাৰিখে বঙালী প্ৰেসিডেন্সিৰ বাকেৰগঞ্জ জিলাৰ বছন্দ গাঁও তথা বৰ্তমান বাংলাদেশৰ বৰিশাল জিলাত তেখেতৰ জন্ম হয়। ১৮৮৩ চনত তেওঁ বেথুন কলেজত নামভৰ্তি কৰে। কমিনী ৰায় সেইসময়ৰ ব্ৰিটিছ শাসন কালত স্নাতক পঢ়িবলৈ আগবঢ়া প্ৰথম মহিলা সকলৰ ভিতৰত এগৰাকী। ১৮৮৬ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেওঁ সংস্কৃত বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰেই সেই কলেজত শিক্ষকতা আৰম্ভ কৰে। দেশৰ প্ৰথম দুই মহিলা স্নাতক ডিগ্ৰী ধাৰীৰ মাজৰ এগৰাকী কাদম্বিনী গাংগুলী একেই প্ৰতিষ্ঠানৰ পৰা ৰায়তকৈ তিন বছৰ পূৰ্বেই স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩ কামিনী ৰায় কলিকতাৰ এটি অভিজাত পৰিয়ালৰ সন্তান আছিল। তেওঁৰ দেউতাক চণ্ডী চৰণ সেন এজন ন্যায়াধীশ আৰু লেখক তথা ব্ৰহ্ম সমাজৰ অন্যতম সদস্য আছিল। তেওঁ, তেওঁ সংগ্ৰহ কৰা কিতাপ পঢ়িয়ে নানান কথা শিকিছিল। তেওঁ তৈয়াৰ কৰা পুথিভঁৰালতোৰ প্ৰয়োগ তেওঁ বিস্তাৰিত ৰূপত কৰিছিল। কামিনী ৰায় এগৰাকী গাণিত প্ৰবক্তা আছিল যদিও পিছলৈ তেওঁ সংস্কৃতৰ প্ৰতি হে ধাউতি দেখুৱায়।৪ তেওঁৰ ভায়েক নিশিথ চন্দ্ৰ সেন কলকাতা হাইক'ৰ্টৰ এজন সুপৰিচিত ব্যাৰিষ্টাৰ আৰু পিছলৈ কলিকতাৰ মেয়ৰ হৈছিল আকৌ ভনীয়েক জামিনী সেইসময়ৰ নেপালৰ ৰাজকীয় পৰিয়ালটিৰ গৃহ চিকিৎসক আছিল। ১৮৯৪চনত কামিনী ৰায় কেদাৰনাথ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩

সাহিত্য

তেখেতৰ লিখন শৈলী সহজ তথা মাৰ্জিত। ১৮৮৯চনত তেওঁৰ প্ৰথম সংগ্ৰহ 'আলো ছায়া' প্ৰকাশ কৰে তাৰ পিছত আৰু দুখন পুথি প্ৰকাশ কৰি তেওঁ বিবাহ আৰু মাতৃৰ ভূমিকা পালন কৰি এই যাত্ৰাৰ পৰা দীৰ্ঘ দিনলৈ বিৰতি লয়। তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক নাৰীবাদী নাৰী আছিল যি নেকি সেই সময়ৰ মানুহে নাৰীৰ শিক্ষা গ্ৰহণ ব্যৱস্থাটোকে নিষিদ্ধ মানিছিল। কলিকতাৰ এখন বালিকা বিদ্যালয়ত তেওঁ এবাৰ ভাষণ দি কৈছিল যে নাৰীৰ শিক্ষাৰ লক্ষ্য হ'ল তেওঁলোকৰ সৰ্বাংগীণ বিকাশ তথা তেওঁলোকৰ সম্ভাব্যতাক পূৰ্ণতা প্ৰদান কৰা। শৈশবত তেওঁৰ পিতামহে তেওঁক কবিতা তথা স্তোত্ৰ আবৃত্তি কৰিবলৈ শিকায়। এনেদৰেই নিচেই কম বয়সতে কামিনী ৰায়ে সাহিত্য ৰচনা কৰে তথা কবিত্ব-শক্তিৰ স্ফূৰণ ঘটায়। তেওঁৰ মাকেই তেওঁক আঙুলিধৰি গোপনে আখৰ শিকাইছিল। কাৰণ তেতিয়াৰ দিনত হিন্দু মহিলা সকলে লেখা-পঢ়া, শিক্ষা কৰাটো একান্তই নিন্দনীয় আৰু গৰ্হিত কাম হিচাপে বিবেচনা কৰা হৈছিল।

মাত্ৰ ৮ বছৰ বয়সতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ৰচিত কবিতা সমূহত জীবনৰ সুখ-দুঃখ, আশা-আকাঙ্ক্ষা, আনন্দ-বেদনাৰ সহজ-সৰল তথা সাবলীল প্ৰকাশ ঘটিছে।৫

ৰচিত কবিতা পুথি

তেওঁ লিখা উল্লেখযোগ্য কাব্যগ্ৰন্থৰ কেইখনমান হ'ল-

  • আলো ও ছায়া (১৮৮৯)
  • নিৰ্মাল্য (১৮৯১)
  • পৌৰাণিকী (১৮৯৭)
  • মাল্য ও নিৰ্মাল্য (১৯১৩)
  • অশোক সঙ্গীত (সনেট সংগ্ৰহ, ১৯১৪)
  • অম্বা, নাট্যকাব্য, ১৯১৫
  • দীপ ও ধূপ" (১৯২৯)
  • জীবন পথে (১৯৩০)
  • একলব্য
  • দ্ৰোণ-ধৃষ্টদ্যুম্ন
  • শ্ৰাদ্ধিকী

তথ্যসূত্ৰ

  1. ↑ Kamini Roy's 82nd death anniversary today. www.observerbd.com
  2. ↑ Sarna, Jasveen Kaur. (7 July 2017). Kamini Roy: Poet, Teacher And The First Woman Honours Graduate In British India. Feminist India
  3. ↑ Sengupta, Subodh Chandra and Bose, Anjali (editors), 1976/1998, Sansad Bangali Charitabhidhan (Biographical dictionary) Vol I,, p83, ISBN 81-85626-65-0
  4. ↑ StreeShakti - The Parallel Force. www.streeshakti.com
  5. ↑ বঙালী একাডেমী চৰিতাভিধান, সম্পাদক: সেলিনা হোসেন ও নূৰুল ইসলাম, ২য় সংস্কৰণ, ২০০৩, বঙালী একাডেমী, ঢাকা, পৃ. ১১৯

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকবঙালী সাহিত্যিকভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামিনী ৰায়” প্ৰবন্ধৰ সংশোধন ৫৯২০৬৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।