সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।১ ১৮৪৮ চনত ফুলে আৰু তেওঁৰ স্বামীয়ে পুণেৰ ভিড়া ৱাডাত ভাৰতৰ প্ৰথম মহিলা বিদ্যালয় স্থাপন কৰে। মানুহৰ জাতি আৰু লিংগৰ ভিত্তিত কৰা অন্যায় আৰু আৰু বৰ্ণ বৈষম্য আঁতৰ কৰিবলৈ তেওঁ কঠিন পৰিশ্ৰম কৰিছিল। সেইবাবে তেওঁক মহাৰাষ্ট্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰক বুলি গণ্য কৰা হয়।
২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।২৩
প্ৰাৰম্ভিক জীৱন
১৮৩১ চনত মহাৰাষ্ট্ৰৰ নাইগাঁৱত সাৱিত্ৰীবাইৰ জন্ম হয়। সাধাৰণ কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিল।৪ মাত্ৰ ন বছৰ বয়সতে ১৮৪০ চনত তেওঁ বাৰ বছৰীয়া জ্যোতিৰাও ফুলেৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ কোনো সন্তান নাছিল। কিন্তু পিছলৈ তেওঁলোকে যশৱন্তৰাও নামৰ বিধৱা ব্ৰাহ্মণ এগৰাকীৰ পুত্ৰ তুলি লয়।৫
কবিতা
সাৱিত্ৰীবাই এগৰাকী আগশাৰীৰ মাৰাঠী কবি আছিল। তেওঁ ভেদ-ভাৱৰ ওপৰত কেইবাটাও কবিতা লিখি মানুহক শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল।৬৭ মৰণোত্তৰ ভাবে তেওঁৰ দুখনি কবিতা পুথি "কাব্য ফুলে (১৯৩৪)" আৰু "বাভানকাশী সুৱধ ৰত্নাকৰ (১৯৮১)" প্ৰকাশিত হয়।
মৃত্যু
১৮৯৭ চনৰ ১০ মাৰ্চ তাৰিখে প্লেগ ৰোগত সাৱিত্ৰীবাইৰ মৃত্যু হয়। প্লেগ মহামাৰীত তেওঁ ৰোগী সমূহক সেৱা শুশ্ৰূষা কৰিছিল। প্লেগ এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। সেয়ে ৰোগীৰ সংস্পৰ্শত থকাৰ বাবে তেওঁৰো প্লেগ বেমাৰ হৈ পৰে আৰু মৃত্যু হয়।
বঁটা আৰু সন্মান
- মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ নামত এক বঁটা প্ৰদান কৰে। সমাজৰ সংস্কাৰ সাধন কৰা ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা নাৰীক এই বঁটা প্ৰদান কৰা হয়।
- ২০১৫ চনত পুণে বিশ্ববিদ্যালয় তেওঁৰ সন্মানাৰ্থে সাৱিত্ৰীবাই ফুলে পুণে বিশ্ববিদ্যালয় হিচাপে নামকৰণ কৰা হয়।৮
- ১৯৯৮ চনৰ ১০ মাৰ্চত তেওঁৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এক ডাক টিকট প্ৰচলন কৰে।
- ২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।৯১০
গ্ৰন্থৰাজি
- A Forgotten Liberator – The Life And Struggle of Savitribai Phule, Mountain Peak Publishers, New Delhi ISBN 978-81-906277-0-2
- Rao, Parimala V. (2002). Education and the Disprivileged: Nineteenth and Twentieth Century India. Orient Blackswan. ISBN 978-8-12502-192-6
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Mariam Dhawale. AIDWA Observes Savitribai Phule Birth Anniversary
- ↑ (3 January 2017). Google doodle pays tribute to social reformer Savitribai Phule. The Hindu
- ↑ (3 January 2017). Savitribai Phule, Google Doodle Tribute To Social Reformer. NDTV.com
- ↑ Wayne. (2011). Feminist Writings from Ancient Times to the Modern World: A Global Sourcebook and History. ABC-CLIO. পৃ. 243. ISBN 978-0-31334-581-4
- ↑ O'Hanlon, Rosalind. (2002). Caste, Conflict and Ideology: Mahatma Jotirao Phule and Low Caste Protest in Nineteenth-Century Western India. Cambridge University Press. পৃ. 135. ISBN 978-0-52152-308-0
- ↑ Few Poems by Savitribai Phule drambedkarbooks.com/2015/01/03/few-poems-by-savi
- ↑ A Forgotten Liberator – The Life And Struggle of Savitribai Phule, Mountain Peak Publishers, New Delhi ISBN 978-81-906277-0-2
- ↑ Kothari, Vishwas. (8 July 2014). Pune university to be renamed after Savitribai Phule. Times of India
- ↑ (3 January 2017). Google doodle pays tribute to social reformer Savitribai Phule. The Hindu
- ↑ (3 January 2017). Savitribai Phule, Google Doodle Tribute To Social Reformer. NDTV.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৱিত্ৰীবাই ফুলে” প্ৰবন্ধৰ সংশোধন ৬৩২৬৯০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।