চেতন ভগত (Chetan Bhagat; चेतन भगत) এজন ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ। তেওঁ কৰ্মৰাজীৰ ভাষা ইংৰাজী। আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ ভগতে তেওঁ প্ৰথম উপন্যাস "ফাইভ পইণ্ট চামৱান"-ৰ জৰিয়তে ভাৰতীয়ৰ লগতে বিদেশী পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হয়। বৰ্তমানলৈকে তেওঁৰ দ্বাৰা লিখিত পাঁচোখন উপন্যাসেই বেষ্টছেলাৰৰ খিতাপ লাভ কৰিছে তাৰে মাজৰ দুখনক বলিউডৰ চলচ্চিত্ৰৰ ৰূপো দিয়া হৈছে।
ঔপন্যাসিকৰ লগতে ভগত এজন স্তম্ভ লেখক। তেওঁৰ প্ৰধানতঃ কেৰিয়াৰ, যুবশক্তি,১ আৰু ৰাষ্ট্ৰীয় উন্নয়নক২৩ উদ্দেশ্য কৰি লিখা নিবন্ধসমূহ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি কাকতত নিয়মীয়াকৈ প্ৰকাশ পায়। এনে কেইখনমান উল্লেখযোগ্য কাকত হৈছে দা গাৰডিয়ান, টাইম্ছ অফ ইণ্ডিয়া, দৈনিক ভাস্কৰ আদি। ভগত এজন প্ৰেৰণাদায়ী বক্তাও। তেওঁ বহুদেশীয় প্ৰতিষ্ঠান আৰু অন্য অনুষ্ঠানবোৰত তেওঁৰ বক্তিতা প্ৰদান কৰে।৪৫৬ ভগতে সম্পূৰ্ণ সময় লেখাত মনোনিবেশ কৰাৰ উদ্দেশ্যে ২০০৯ চনত তেওঁৰ আন্তৰাষ্ট্ৰীয় বেংকিংৰ চাকৰি এৰি দিয়ে।
২০০৮ চনত দা নিউয়ৰ্ক টাইমছ-এ ভগতক "ভাৰতৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰীপ্ৰাপ্ত ইংৰাজী ভাষাৰ ঔপন্যাসিক" ৰূপে মত প্ৰদান কৰে।৭৮ টাইম আলোচনীয়ে এখেতক ২০১০ চনৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাবকাৰি ব্যক্তিৰ মাজত স্থান দিয়ে।৯
ভগতে জানুৱাৰী ২০১১ৰ আৰম্ভণিত তেওঁৰ নিবন্ধৰ জৰিয়তে আন্না হাজাৰেৰ জন লোকপাল বিলৰ সপক্ষে মত প্ৰকাশ কৰে।১০
জন্ম আৰু শিক্ষা
নতুন দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালত ১৯৭৪ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে চেতন ভগতৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এজন সৈনিক আৰু মাতৃ এগৰাকী কৃষি বিভাগৰ চৰকাৰী কৰ্মচাৰী আছিল।
চেতন ভগতে দিল্লীতেই শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিছিল। তেওঁ আৰ্মী পাব্লিক স্কুলত (১৯৭৮-১৯৯১) শিক্ষা গ্ৰহণ কৰিছিল। আই.আই.টি. দিল্লীত (১৯৯১-১৯৯৫) তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিকী বিভাগত ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ইণ্ডিয়ান ইনষ্টিটিউট অফ্ মেনেজমেণ্ট, আহমেদাবাদৰ (১৯৯৫-১৯৯৭) পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়। তাত তেওঁক The Best Outgoing Student নামাংকিত কৰা হৈছিল।
কৰ্মজীৱন
এজন ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে হংকংত তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। মুম্বাইলৈ অহাৰ পূৰ্বে হংকংত তেওঁ সুদীৰ্ঘ ১১ বছৰ কাল চাকৰি কৰিছিল। তেওঁ বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ লিখি উলিয়াইছে। এই আটাইকেইখন সৰ্ব্বোচ্চ বিক্ৰীত গ্ৰন্থ হিচাপে পৰিগণিত হৈছে।
ব্যক্তিগত জীৱন
চেতন ভগত তেওঁৰ পত্নী অনুশা সূৰ্যানাৰায়ণক আই আই এম আহমেদাবাদত প্ৰথম লগ পাইছিল। তেওঁলোক ১৯৯৯ চনত বিবাহপাশত আবদ্ধ হয়। পাচত তেওঁলোক কৰ্মসূত্ৰে হংকংলৈ যায় আৰু তাত বৰ্তমান তেওঁ মুম্বাইত অধিষ্ঠিত আৰু সাহিত্য-চৰ্চাত ব্যস্ত। চেতন আৰু তেওঁৰ পত্নী দুটা যমজ সন্তানৰ পিতৃ-মাতৃ, শ্যাম আৰু ঈশান। তেওঁৰ টু ষ্টেটচ গ্ৰন্থখন তেওঁ আৰু অনুশাৰ প্ৰেম কাহিনীৰপৰা অনুপ্ৰাণিত।
কৰ্মৰাজী
প্ৰকাশিত গ্ৰন্থ
| নাম | ইংৰাজী নাম | প্ৰকাৰ | চন |
|---|---|---|---|
| ফাইভ পইণ্ট চামৱান - হোৱাট নট্ টু দু এট আই.আই.টি. | Five Point Someone – What not to do at IIT! | উপন্যাস | ২০০৪ |
| ৱান নাইট্ এট্ দা কল চেণ্টাৰ | One Night @ the Call Center | উপন্যাস | ২০০৫ |
| দ্য থ্ৰি মিচটেকচ অফ মাই লাইফ | The 3 Mistakes of My Life | উপন্যাস | ২০০৮ |
| টু ষ্টেটচ্: দ্য ষ্ট'ৰি অফ মাই মেৰেজ | 2 States: The Story of My Marriage | উপন্যাস | ২০০৯ |
| ৰিভ'লিউচন ২০২০: লাভ, কৰাপচন, এম্বিচন | Revolution 2020: Love, Corruption, Ambition | উপন্যাস | ২০১১ |
| হোৱাট ইয়ং ইণ্ডিয়া ৱাণ্টচ্ | What Young India Wants | প্ৰবন্ধ সংগ্ৰহ | ২০১২১১ |
| হাফ গাৰ্লফ্ৰেইণ্ড | Half Girlfriend | উপন্যাস | ২০১৪ |
| মেকিং ইণ্ডিয়া অস্ব'ম | Making India Awesome | প্ৰবন্ধ সংগ্ৰহ | ২০১৫ |
| ৱান ইণ্ডিয়ান গাৰ্ল | One Indian Girl | উপন্যাস | ২০১৬ |
| দ্য গাৰ্ল ইন ৰুম ১০৫ | The Girl in Room 105 | উপন্যাস | ২০১৮ |
| ইণ্ডিয়া পজিটিভ | India Positive | প্ৰবন্ধ সংগ্ৰহ | ২০১৯ |
| ওৱান এৰেণ্ডজ মাৰ্ডাৰ | One Arranged Murder | উপন্যাস | ২০২০ |
| ৪০০ ডে'জ | 400 Days | উপন্যাস | ২০২১ |
দূৰদৰ্শন
চেতন ভগত ষ্টাৰ নিউজ টিভিৰ ৰিয়েলিটী শ্ব' ষ্টাৰ এংকৰ হাণ্টৰ এজন নিৰ্বাচক আছিল।
বক্তা
বাতৰি কাকত আৰু মিডিয়া হাউচ্ যেনে দৈনিক ভাস্কৰ, দা টাইমচ্ অফ্ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত উল্লেখযোগ্য সভাত ব্যক্তৃতা প্ৰদান কৰি চেতন ভগতে এজন নিপুণ বক্তা হিচাপে সুনাম অৰ্জন কৰিছে। ইয়াৰ উপৰিও সমাজৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে তেওঁ নিজৰ ভাৱসমূহ মাইক্ৰ-ব্লগিং ছাইট টুইটাৰত প্ৰকাশ কৰে।
উপন্যাসক আধাৰ কৰি নিৰ্মাণ কৰা ছবি
| বৰ্ষ | উপন্যাস | চলচ্চিত্ৰ ৰূপান্তৰ | ভাষা | প্ৰযোজক | পৰিচালক | টোকা |
|---|---|---|---|---|---|---|
| ২০০৮ | ৱান নাইট এট দা কল চেণ্টাৰ | হেল্লো | হিন্দী | অতুল অগ্নিহোত্ৰী | অতুল অগ্নিহোত্ৰী | ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰে ভগতে |
| ২০০৯ | ফাইভ পইণ্ট চামৱান | থ্ৰী ইডিয়টচ্ | হিন্দী | বিধু বিনোদ চোপ্ৰা | ৰাজকুমাৰ হিৰাণী | |
| ২০১২ | ফাইভ পইণ্ট চামৱান | নন্বন | তামিল | জেমিনি ফিল্ম চাৰ্কিটচ্ | এচ. সংকৰ | "থ্ৰী ইডিয়টচ্"ৰ পুনৰনিৰ্মাণ |
| ২০১৩ | টু ষ্টেটচ্ | টু ষ্টেটচ্ | হিন্দী | চাজিদ নাদিয়াদৱালা, কৰণ জোহৰ | অভিশেষ বৰ্মন | ১২ |
| ২০১৩ | দা থ্ৰি মিচটেকচ্ অফ মাই লাইফ | কাই প' ছে! | হিন্দী | ৰণী স্ক্ৰুৱালা, সিদ্ধাৰ্থ ৰয় কাপুৰ | অভিশেষ কাপুৰ | ১৩ |
বঁটা আৰু কৃতিত্ব
- চচাইটি য়ং এচিভাৰ্চ এৱাৰ্ড ২০০৪১৪
- পাব্লিচাৰ্চ ৰিকগনেচন এৱাৰ্ড ২০০৫১৪
- টাইম আলোচনীৰ বিশ্বৰ ১০০ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি ২০১০১৫
তথ্যসূত্ৰ
- ↑ Chetan Bhagat in Kathmandu Rejuvenates Youth Potential
- ↑ Bhagat, Chetan. (19 August 2011). Anna Hazare's fight for change has inspired millions of Indians. The Guardian
- ↑ www.chetanbhagat.com/columns/
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি. The Times Of India
- ↑ www.chetanbhagat.com/speeches/becoming-one-with-
- ↑ Greenlees, Donald (March 26, 2008). "An Investment Banker Finds Fame Off the Books". The New York Times
- ↑ (09/20/2011). Chetan Bhagat's much-anticipated novel will be released this October. Asia Pacific Arts
- ↑ Time 100 most influential people in the world list
- ↑ http://articles.timesofindia.indiatimes.com/2011-01-29/edit-page/28370196_1_cbi-raid-kings-cbi-officials/2. The Times Of India
- ↑ What Young India Wants. chetanbhagat.com
- ↑ (June 28, 2012). Imran out, Arjun Kapoor steps in as Punjabi boy in '2 States'. Daily Bhaskar
- ↑ (18 May 2012). "Kai Po Che!" to be released in 2013. IBNLive
- ↑ আৰ্কাইভ কপি
- ↑ (21 April 2011). আৰ্কাইভ কপি. Time
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেতন ভগত” প্ৰবন্ধৰ সংশোধন ৫০৭৫৩০ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।