অৰ্জুমন মুঘল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।১ তেওঁ ২০০৩ চনত মনোৰঞ্জন ক্ষেত্ৰত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ “বেষ্ট ফেচ অৱ দ্য ইয়েৰ” আৰু “মডেল অৱ দ্য ইয়েৰ” আদি বঁটা লাভ কৰে। গহনাৰ বিজ্ঞাপনৰ বাবে তেওঁ বিশেষভাৱে জনপ্ৰিয় মুখ হিচাপে পৰিচিত আছিল। তেওঁ ২,১৬০টা বিজ্ঞাপনত অভিনয় কৰিছে। সফল মডেলিং কেৰিয়াৰৰ পিছত তেওঁ ২০০৮ চনত তামিল চলচ্চিত্ৰ পাঝানিয়াপ্পা কল্লুৰিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰ বলিউডত ইয়া ৰব চলচ্চিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।২৩
প্ৰাৰম্ভিক জীৱন
১৯৮৮ চনৰ ১৭ জানুৱাৰীত জম্মুৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ লেম্বেৰী গাঁৱত মুঘলৰ জন্ম হৈছিল। বৰ্তমান তেওঁ ভাৰতৰ পশ্চিম মুম্বাইত থাকে। তেওঁৰ পিতৃ মোঃ ইছহাক মুঘলৰ আছিল সেনা বিষয়া। নিজকে প্ৰমাণ কৰি মডেলিঙৰ কেৰিয়াৰ গঢ়ি তোলাৰ পিছত ২০০৩ চনত সমগ্ৰ পৰিয়ালসহ মুম্বাইলৈ গুচি যায়। মুঘলে মুম্বাইত নিৰ্মাণৰ কাম কৰিছিল, আনহাতে মাতৃ আছিয়া মুঘল এগৰাকী গৃহিণী।
মুঘলে জম্মুত স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীলৈ গুচি যায় আৰু এবছৰ অধ্যয়ন কৰে আৰু তাৰ পিছত মুম্বাইলৈ উভতি যায় আৰু তাতেই মনোবিজ্ঞানত বি এ ডিগ্ৰী লাভ কৰে। কেৰিয়াৰৰ বাবে মুম্বাইত বসতি স্থাপন কৰিছিল। শৈশৱৰ সপোন আছিল এগৰাকী মহান অভিনেত্ৰী হোৱা, যিটো তেওঁ য়া ৰব ছবিত অভিষেক ঘটোৱাৰ লগে লগে উপলব্ধি কৰিছিল।
কেৰিয়াৰ
মুঘলে বলিউডত ইয়া ৰব চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল হাসনাইন হায়দৰাবাদৱালা, আৰু ইয়াত তেওঁ মুখ্য চৰিত্ৰ আম্ৰীনৰ ভূমিকাত অভিনয় কৰে। জম্মু অঞ্চলৰ ৰাজৌৰীৰ বাসিন্দা মুঘল ২০০৩ চনত মুম্বাইলৈ যায়।৪ তেওঁ নওশেৰাত বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মডেলিং কেৰিয়াৰ গঢ়িবলৈ প্ৰথমে দিল্লী আৰু পিছত মুম্বাইলৈ যায়। তেওঁ মুম্বাইত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ “মষ্ট পপুলাৰ মডেল” শিতানত আন্তঃৰাষ্ট্ৰীয় মহিলা কৃতিত্ব বঁটা লাভ কৰে।৫
চলচ্চিত্ৰ তালিকা
| বছৰ | শিৰোনাম | চৰিত্ৰ | ভাষা |
|---|---|---|---|
| ২০০৭ | পাঝানিয়াপ্পা কল্লুৰি | প্ৰিয়া | তামিল |
| ২০১৪ | ইয়া ৰব | আম্ৰীন | হিন্দী |
| ২০২০ | ও পুষ্পা আই হেট টিয়াৰ্ছ | পুষ্পা | |
| ২০২২ | থ্ৰী শ্যানে | শ্ৰেয়া | |
| ২০২৩ | জিন্দগী শত্ৰঞ্জ হ্যায় |
তথ্যসূত্ৰ
- ↑ (2015-05-14). Arjumman Mughal in action avatar. The Times of India
- ↑ (2017-01-28). Arjumman Mughal changes her screen name to Shaheen. The Times of India
- ↑ "'Up and Close with Arjumman Mughal", Indian Express, Mumbai, New Delhi, Tue 5 March 2013. Retrieved on 19 October 2014
- ↑ I’m Kashmir’s ambassador in Bollywood, says Arjumman. The Tribune
- ↑ Excelsior, Daily. (2015-07-25). Shooting in Bhaderwah a dream come true: Arjumman Mughal. Daily Excelsior
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুমন মুঘল” প্ৰবন্ধৰ সংশোধন ৫৭৭৬৪৪ (১৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।