বিদুষী দাস বাৰ্দে (ওড়িয়া ভাষা: ବିଦୂଷୀ ଦାସ ବାର୍ଦେ; ইংৰাজী ভাষা: Bidushi Dash Barde; অনুমাণিক ১৯৮৯ – অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মুম্বাইস্থিত মডেল আছিল। তেওঁ ২০০৬ চনৰ "মিছ চেন্নাই" সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ আছিল। তেওঁ ২০০৬ চনৰ ক্ৰাইম-থ্ৰিলাৰ ভেট্টাইয়াডু ভিলাইয়াডু আদিকে ধৰি কেইখনমান তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
বিদুষীয়ে ২০০৯ চনত এজন আই টি পেছাদাৰী কেদাৰ বাৰ্দেৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোক একেলগে থাকিবলৈ লৈছিল। বিদুষীয়ে টেলিভিছন উদ্যোগত কেৰিয়াৰ গঢ়িব বিচাৰিছিল বাবে কেদাৰে তেওঁৰ বাবে চহৰখনলৈ স্থানান্তৰিত হৈছিল।
আৰক্ষীৰ মতে, দম্পতীহালে এটা ছচিয়েল নেটৱৰ্কিং ৱেবছাইটৰ জৰিয়তে ইজনে আনজনক লগ পাইছিল। তাৰ পিছত কেদাৰে মুম্বাইত চাকৰি এৰি পুনৰ সংস্থাপনৰ সিদ্ধান্ত লৈছিল, কাৰণ তেওঁলোকে তাত বিয়া হৈ নিগাজিকৈ থকাৰ পৰিকল্পনা কৰিছিল।
বিবাহপাশত আবদ্ধ হোৱাৰ পিছত দম্পতীহালে ঘৰ বিচাৰি ফুৰিছিল। কেদাৰে জানি-বুজি আন্ধেৰী (পশ্চিম) অঞ্চলটোক তেওঁলোকৰ পছন্দৰ স্থান হিচাপে বাছি লৈছিল, কাৰণ সেই অঞ্চলত বহুতো মডেল আৰু অভিনেতা-অভিনেত্ৰীয়ে বাস কৰিছিল।১
মৃত্যু
২০১২ চনৰ ২২ অক্টোবৰত ২৩বছৰীয়া বিদুষীক তেওঁৰ আন্ধেৰী (পশ্চিম) স্থিত ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল। তেওঁৰ সোঁ গাল, তলৰ হনু, থুঁতৰি আৰু ডিঙিত কাঁচৰ টুকুৰা সোমাই আছিল। আৰক্ষীয়ে প্ৰথমে ইয়াক আকস্মিক মৃত্যুৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিছিল, কিন্তু "তেওঁৰ আঘাতৰ প্ৰকৃতি আৰু পৰিস্থিতিগত প্ৰমাণৰ ভিত্তিত" এদিন পাছত হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হয়।২৩
এই ঘটনাৰ তদন্ত কৰা বিষয়াসকলে জনাইছিল যে তেওঁলোকে বিদুষীৰ ফোনটো নিজৰ জিম্মাত লৈছে আৰু মৃত্যুৰদিনা তেওঁৰ ফোনত ১০০তকৈও অধিক মিছড কল আৰু ২০০টা টেক্সট মেচেজ পাইছিল।৪
আৰক্ষীয়ে জনোৱা মতে, বিদুষী বাস কৰা মনিষ নগৰ হাউছিং চচাইটিৰ পহৰাদাৰ ধৰমপালে হত্যাকাণ্ডৰদিনা বিয়লি ২.১৪ বজাত এজন ব্যক্তিক তেওঁলোকৰ ঘৰলৈ অহা দেখিছিল। অৱশ্যে কোনো সঁহাৰি নোপোৱাত তেওঁ গুচি গৈছিল।
আৰক্ষীয়ে লগতে কয় যে ২৩বছৰীয়া মডেলগৰাকীয়ে মানসিক চিকিৎসা ল’বলৈ আৰম্ভ কৰিছিল আৰু হতাশানাশক দৰব (antidepressants) সেৱন কৰি আছিল। সেয়েহে আৰক্ষীয়ে আত্মহত্যাৰ সম্ভাৱনাও নুই কৰা নাই।৫
২০১৩ চনত চিকিৎসকৰ এক অন্তৱৰ্তীকালীন প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে বিদুষীৰ পতন সম্ভৱতঃ আকস্মিক আছিল। ঘটনাটোৰ আৰম্ভণিৰেপৰা তেওঁৰ ওপৰত বলপ্ৰয়োগ কৰাৰ কোনো ইংগিত পোৱা নগৈছিল। আৰক্ষীয়ে তেওঁৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল বন্ধ কৰি এটা ‘চি-চামাৰী’ প্ৰতিৱেদন দাখিল কৰাৰ পৰিকল্পনা কৰিছিল, যাৰ অৰ্থ হ’ল ভুল বুজা-বুজিৰ বাবে গোচৰটো পঞ্জীয়ন কৰা হৈছিল।৬
তথ্যসূত্ৰ
- ↑ (October 27, 2012). He chose Andheri house to make life easy for Bidushi
- ↑ (24 October 2012). Former beauty queen, Bidushi Dash Barde, found dead in Andheri flat. Hindustan Times
- ↑ (25 October 2012). Former city beauty queen found dead in Mumbai. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (24 October 2012). Police probing phone records of murdered model Bidushi Dash Barde
- ↑ (October 26, 2012). Model Bidushi Dash-Barde was seeking psychiatric help. Hindustan Times
- ↑ Singh, Vijay. (January 3, 2013). Model Bidushi's death accidental, say doctors. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদুষী দাস বাৰ্দে” প্ৰবন্ধৰ সংশোধন ৫৯৯৫০৩ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।