ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী সম্পূৰ্ণ নাম ৰুদ্ৰবতলা ভেংকটা সূৰ্য্য পেৰি শাস্ত্ৰী ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আছিল আৰু ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৯০ চনৰ ২৫ নৱেম্বৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচন তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হৈছিল।
-
ইন্দিৰা দেৱী (কোচবিহাৰৰ মহাৰাণী)
ইন্দিৰা দেৱী জন্মগত নাম ইন্দিৰা ৰাজে। (জন্ম, ১৯ ফেব্ৰুৱাৰী ১৮৯২ –মৃত্যু, ৬ ছেপ্টেম্বৰ ১৯৬৮) বৃটিছ ভাৰতৰ ৰাজকীয় ৰাজ্য কোচবিহাৰৰ ৰাণী আছিল। বৰোডাৰ ৰাজকুমাৰী আছিল। মহাৰাজ ছায়াজিৰাও তৃতীয় গায়েকৱাদ আৰু তেওঁৰ দ্বিতীয় পত্নী চিমনাবাই দ্বিতীয়ৰ কন্যা।
-
ইৰফান পাঠান
ইৰফান পাঠান (Irfan Pathan); এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ, ক্ৰিড়া বিশ্লেষক,ক্ৰীড়া মন্তব্যকাৰী। তেওঁ গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্ম লাভ কৰে।
-
উপেন্দ্ৰ বক্সী
উপেন্দ্ৰ বক্মী ; জন্ম: ৯ নৱেম্বৰ ১৯৩৮) এজন আইনী পণ্ডিত যিয়ে ১৯৯৬ চনৰপৰা যুক্তৰাজ্যৰ ৱাৰউইক বিশ্ববিদ্যালয়ত উন্নয়নৰ আইন বিভাগৰ অধ্যাপক। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (১৯৯০–১৯৯৪) আছিল, ইয়াৰ পূৰ্বেও একেখন বিশ্ববিদ্যালয়তে ২৩ বছৰ (১৯৭৩–১৯৯৬) আইন বিভাগৰ অধ্যাপকৰ পদত অধিষ্ঠিত হৈছিল।
-
এ কে ৰামানুজন
আত্তিপেট কৃষ্ণস্বামী ৰামানুজন (জন্ম, ১৬ মাৰ্চ ১৯২৯ – মৃত্যু,১৩ জুলাই ১৯৯৩) এজন ভাৰতীয় কবি আৰু ভাৰতীয় সাহিত্য আৰু ভাষাবিজ্ঞানৰ পণ্ডিত আছিল ৰামানুজন চিকাগো বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপকও আছিল। ৰামানুজন আছিল এজন কবি, পণ্ডিত, ভাষাবিদ, লোককথাবিদ, অনুবাদক আৰু নাট্যকাৰ।
-
এ ডি লোগানাথন
মেজৰ জেনেৰেল আৰ্কট ড’ৰাইস্বামী লোগানাদন (কিছুমান ঐতিহাসিক উল্লেখত 'লোগানাথন' বুলিও বানান কৰা হয়) (১২ এপ্ৰিল ১৮৮৮ – ৯ মাৰ্চ ১৯৪৯) ভাৰতীয় জাতীয় সেনাবাহিনীৰ এজন বিষয়া আছিল (যি সেনাবাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতৰ বিৰুদ্ধে জাপানী সাম্ৰাজ্যৰ সৈতে মিত্ৰতা কৰিছিল), আৰু আজাদ হিন্দ চৰকাৰৰ…
-
এছ. এল. শ্বাকধৰ
এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।
-
এন. গোপালাস্বামী
এন গোপালাস্বামী (জন্ম ২১ এপ্ৰিল ১৯৪৪), ভাৰতৰ ১৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু ২০১৫ চনত পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তি। তেওঁ গুজৰাট কেডাৰৰ অন্তৰ্গত ১৯৬৬ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
-
ওম প্ৰকাশ ৰাৱত
ওম প্ৰকাশ ৰাৱত ( Om Prakash Raawat; জন্ম: ২ ডিচেম্বৰ ১৯৫৩) মধ্যপ্ৰদেশ কেডাৰৰ ১৯৭৭ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ অৱসৰপ্ৰাপ্ত বিষয়া, যিয়ে ভাৰতৰ ২২ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গজেন্দ্ৰকুমাৰ মিত্ৰ
গজেন্দ্ৰকুমাৰ মিত্ৰ (Gajendrakumar Mitra; জন্ম: ১১ নৱেম্বৰ ১৯০৮ — মৃত্যু: ১৬ অক্টোবৰ ১৯৯৪) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী লেখক, প্ৰকাশক আৰু অনুবাদক আছিল। ৰবীন্দ্ৰ-শৰৎচন্দ্ৰ-বিভূতিভূষণ-তাৰাশঙ্কৰৰ পাছত বাঙালী মধ্যবিত্ত সমাজক উপজীৱ্য কৰি যিসকল কথাসাহিত্যিকে সাৰ্থক সাহিত্য সৃষ্টি কৰিছিল তেখেতসকলৰ ভিতৰত…
-
গোপাল ভাঁড়
গোপাল ভাঁড় (Gopal Bhar) বা গোপাল ভাণ্ড মধ্যযুগীয় বংগৰ এগৰাকী দৰবাৰী ৰসিক আছিল। তেওঁৰ আচল নাম আছিল গোপাল চন্দ্ৰ প্ৰামাণিক। তেওঁ অষ্টাদশ শতিকাত নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰৰ (১৭১০–১৭৮৩) ৰাজসভাৰ এগৰাকী সভাসদ আছিল। গোপালে হাঁহি-ধেমালি কৰি আনক হহুৱাইছিল।
-
চি.ডি. সাহায়
চি ডি সাহায় (C.D. Sahay) এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া যিয়ে ২০০৩ চনৰ ১ এপ্ৰিলৰ পৰা ২০০৫ চনৰ ৩১ জানুৱাৰীলৈকে ভাৰতৰ বহিঃ চোৰাংচোৱা সংস্থা গৱেষণা আৰু বিশ্লেষণ উইং (আৰ এণ্ড এ ডব্লিউ)ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জগতৰাম ডাভে
জগতৰাম চিমনলাল ডাভে (১৮৯২–১৯৮৫) ভাৰতৰ গুজৰাটৰ এগৰাকী গান্ধীবাদী সমাজকৰ্মী, স্বাধীনতা সংগ্ৰামী আৰু লেখক আছিল, যি দক্ষিণ গুজৰাটৰ জনজাতীয়সকলৰ মাজত সামাজিক কামৰ বাবে স্মৰণীয়।
-
জগদীশ ভাগৱতী
জগদীশ নটৱাৰলাল ভাগৱতী (জন্ম ২৬ জুলাই, ১৯৩৪) এজন ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ আৰু তেওঁৰ প্ৰজন্মৰ অন্যতম প্ৰভাৱশালী বাণিজ্য তত্ত্ববিদ। ভাগৱতীয়ে অৰ্ডাৰ অৱ দ্য ৰাইজিং ছান, পদ্ম বিভূষণ, ৰাজনৈতিক অৰ্থনীতিৰ ফ্ৰেংক ছেইডমেন ডিষ্টিংচড বঁটা, ছুইজাৰলেণ্ডৰ ফ্ৰিডম প্ৰাইজকে ধৰি বহুতো সন্মানীয় বঁটা লাভ কৰিছে।
-
জেমছ মাইকেল লিংডো
জেমছ মাইকেল লিংডো (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৩৯) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ২০০১ চনৰ ১৪ জুনৰ পৰা ২০০৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ২০০৩ চনত তেওঁক চৰকাৰী সেৱাৰ বাবে ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।
-
টি স্বামীনাথন
টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
টি. এছ. কৃষ্ণমূৰ্তি
তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)। চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা।
-
তুষাৰ গান্ধী
তুষাৰ অৰুণ গান্ধী ( জন্ম: ১৭ জানুৱাৰী ১৯৬০) এজন ভাৰতীয় লেখক আৰু অৰুণ মনিলাল গান্ধীৰ পুত্ৰ। তুষাৰ গান্ধী মহাত্মা গান্ধীৰ আজোনাতি। ২০০৫ চনৰ মাৰ্চ মাহত তেওঁ ৭৫বছৰীয়া দণ্ডি মাৰ্চৰ পুনৰ প্ৰণয়নৰ নেতৃত্ব দিয়ে।
-
তুৰিয়া চান্দ বাস্কে
তুৰিয়া চান্দ বাস্কে (Turia Chand Baskey) এগৰাকী চাঁওতালি লেখক আৰু সম্পাদক। ২০২৩ চনত তেওঁ চাঁওতালি সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
-
দাৰ ইয়াচিন
দাৰ ইয়াচিন (Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।
-
দীনবন্ধু মিত্ৰ
দীনবন্ধু মিত্ৰ ( জন্ম-১০ এপ্ৰিল,১৮২৯ মৃত্যু-১ নভেম্বৰ,১৮৭৩) আছিল বঙালী ভাষাৰ এজন লেখক তথা নাট্যকাৰ। দীনবন্ধু মিত্ৰৰ 'নীল দৰ্পণ' (১৮৬০) নাটকখন বিশেষ ভাৱে উল্লেখযোগ্য।
-
দ্বিজেন্দ্ৰনাথ ঠাকুৰ
দ্বিজেন্দ্ৰনাথ ঠাকুৰ ( জন্ম,১১ মাৰ্চ ১৮৪০ – মৃত্যু,১৯ জানুৱাৰী ১৯২৬) এজন ভাৰতীয় কবি, গীতিকাৰ, দাৰ্শনিক, গণিতজ্ঞ আৰু চিত্ৰশিল্পী আছিল। তেওঁ বঙালী লিপিত শ্বৰ্টহেণ্ড আৰু স্বৰলিপিৰ অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁ দেবেন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
-
ধৰমপাল ছাইনি
ধৰম পাল ছাইনি(Dharampal Saini) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু সমাজ কৰ্মী, যিয়ে ১৯৯৫ চনত বাষ্টাৰত জনজাতীয় ছোৱালীক শিক্ষা দিয়াৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
নগেন্দ্ৰ সিং
ৰাজকুমাৰ শ্ৰী নগেন্দ্ৰ সিং ( Prince Sri Nagendra Singh; ১৮ মাৰ্চ ১৯১৪ – ১১ ডিচেম্বৰ ১৯৮৮) এজন ভাৰতীয় অধিবক্তা আৰু প্ৰশাসক আছিল, যিয়ে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নগেন্দ্ৰনাথ বসু
নগেন্দ্ৰনাথ বসু (Nagendranath Basu; ৬ জুলাই ১৮৬৬ – ১১ অক্টোবৰ ১৯৩৮) এজন বাংলা ভাষাৰবিশ্বকোষবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী সমাজ ইতিহাসবিদ আৰু কায়স্থ কৰ্মী আছিল।
-
নাছিম জাইদী
চৈয়দ নাছিম আহমদ জাইদী (Syed Nasim Ahmad Zaidi) ভাৰতৰ ২০ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৬ চনৰ বেট্চৰ উত্তৰ প্ৰদেশ মুজাফৰনগৰৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ. বিষয়া।
-
নিত্যানন্দ ৰাই
নিত্যানন্দ ৰাই (জন্ম ১ জানুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী। ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত উজিয়াৰপুৰৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।
-
ভি. এছ. সম্পথ
বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
মণিভাই দেশাই
মণিভাই দেশাই (জন্ম ২৭ এপ্ৰিল, ১৯২০ – ১৪ নৱেম্বৰ, ১৯৯৩) এজন ভাৰতীয় সামাজিক কৰ্মী, মহাত্মা গান্ধীৰ সহযোগী, আৰু গ্ৰাম্য উন্নয়নৰ পথ-প্ৰদৰ্শক আছিল।
-
মুখতাৰ খান
মুখতাৰ খান (Mukhtar Khan) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছে।