ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
খান ছাৰ
পেছাগতভাৱে খান ছাৰ (Khan Sir) নামেৰে পৰিচিত ফৈজল খান (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন ভাৰতীয় শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।
-
গীতা চন্দ্ৰন
গীতা চন্দ্ৰন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কণ্ঠশিল্পী। কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত আৰু তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী। গীতাই থিয়েটাৰ, নৃত্য, শিক্ষা, ভিডিঅ' আৰু চলচ্চিত্ৰত এই কৰা কামৰ বাবেও স্বীকৃত।
-
গৌতম আদানী
গৌতম শান্তিলাল আদানী (জন্ম ২৪ জুন ১৯৬২) এজন ভাৰতীয় কোটিপতি ব্যৱসায়ী যি ভাৰতৰ বন্দৰ উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত বহুজাতিক সংঘ আদানী গ্ৰুপৰ প্ৰতিষ্থাপক আৰু অধ্যক্ষ।
-
গ্ৰেচ বানু
গ্ৰেচ বানু ( Grace Banu) এগৰাকী ভাৰতীয় চফটৱেৰ ইঞ্জিনিয়াৰ যি এগৰাকী দলিত আৰু হিজড়া কৰ্মী। তামিলনাডু ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী হিজড়া। তামিলনাডুৰ থুথুকুডি জিলাত বাস কৰে।
-
চম্পা শৰ্মা
অধ্যাপক চম্পা শৰ্মা এগৰাকী প্ৰখ্যাত ডোগ্ৰী ভাষাৰ লেখিকা আৰু জম্মু-কাশ্মীৰৰ লগতে হিমাচল প্ৰদেশৰ অন্যান্য ডোগ্ৰী ভাষী অঞ্চলসমূহত ড্ৰোগ্ৰী ভাষাৰ প্ৰচাৰ আৰু সংৰক্ষণত তেওঁৰ অৱদানৰ বাবে জনাজাত কবি।
-
চি দি দেশমুখ
ছাৰ চিন্তামন দ্বাৰকানাথ দেশমুখ চিআইই আইচিএছ (১৪ জানুৱাৰী ১৮৯৬ – ২ অক্টোবৰ ১৯৮২) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ১৯৪৩ চনত ব্ৰিটিছ ৰাজ কৰ্তৃপক্ষই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া প্ৰথমজন ভাৰতীয়।[5পিছলৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (১৯৫০–১৯৫৬)।
-
চিন্তামণি কৰ
চিন্তামণি কৰ (Chintamoni Kar; ১৯ এপ্ৰিল ১৯১৫ - ৩ অক্টোবৰ ২০০৫) এজন বিখ্যাত ব্ৰিটিছ-ভাৰতীয় ভাস্কৰ্যশিল্পী। তেওঁ ভাৰত আৰু ফ্ৰান্স চৰকাৰৰ পৰা অসামৰিক বঁটা লাভ কৰাৰ লগতে গ্ৰেট ব্ৰিটেইনৰ হৈ অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল।
-
ছাৰ ৰতনজী টাটা
ছাৰ ৰতনজী জামছেদজী টাটা জে পি (২০ জানুৱাৰী ১৮৭১ – ৫ ছেপ্টেম্বৰ ১৯১৮) বৃটিছ ৰাজত্বৰ সময়ত এজন ভাৰতীয় উদ্যোগপতি আৰু দানবীৰ। টাটা গ্ৰুপৰ প্ৰতিষ্থাপক জামছেদজী টাটাৰ কনিষ্ঠ পুত্ৰ।
-
ছাৰা ৰায়
ছাৰা ৰায়, এগৰাকী সমসাময়িক ভাৰতীয় লেখিকা, অনুবাদক আৰু আধুনিক হিন্দী আৰু উৰ্দু কল্পকাহিনীৰ সম্পাদিকা। ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ (পূৰ্বৰ এলাহাবাদ)ত বাস কৰে। ৰায়ে মূলতঃ হিন্দী ভাষাত চুটিগল্প ৰচনা আৰু প্ৰকাশ কৰে।
-
জকিন আৰপুথাম
জকিন আৰপুথাম ; ১৫ আগষ্ট ১৯৪৭ – ১৩ অক্টোবৰ ২০১৮) আছিল এজন ভাৰতীয় সম্প্ৰদায়ৰ নেতা আৰু কৰ্মী, চাৰি দশকৰো অধিক সময় ধৰি বস্তি আৰু ঝাড়ু চহৰৰ বিষয়ত কৰা কামৰ বাবে পৰিচিত। ভাৰতৰ কৰ্ণাটকত জন্মগ্ৰহণ কৰি মুম্বাইলৈ গুচি যায় আৰু তাতেই তেওঁ সম্প্ৰদায় সংগঠন আৰু নেতৃত্বৰ লগত জড়িত হৈ পৰে।
-
জচৱিন্দৰ ব্ৰেৰ
জচৱিন্দৰ ব্ৰেৰ এগৰাকী ভাৰতীয় তথা পাঞ্জাৱী ভাষাৰ লোক গায়িকা। তেওঁ পাঞ্জাৱী লোকগীত আৰু ভাংৰা গায় আৰু লোক ৰাণী হিচাপে জনাজাত। তেওঁ মঞ্চ প্ৰদৰ্শনীৰ বাবে জনাজাত আৰু তেওঁক 'আখৰ হেয়া দি ৰাণী' বুলি কোৱা হয়। তেওঁ লোক তাথৰ বাবে বিশেষভাৱে জনাজাত।
-
জসিঁতা কেৰকেট্টা
জসিঁতা কেৰকেট্টা (ইংৰাজী: Jacinta Kerketta; জন্ম: ৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাংবাদিক, কবি আৰু কৰ্মী। তেওঁৰ কবিতা আৰু সাংবাদিকতাই আদিবাসী যুৱক-যুৱতীসকলৰ পৰিচয়, ভাৰতত আদিবাসীসকলৰ প্ৰণালীবদ্ধ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ, বিশেষকৈ মহিলাৰ বিৰুদ্ধে লিংগভিত্তিক হিংসা, স্থানচ্যুতিৰ বিষয়ে…
-
ঝালকাৰী বাঈ
ঝালকৰীবাই (২২ নৱেম্বৰ ১৮৩০ – ৫ এপ্ৰিল ১৮৫৮) ঝান্সীৰ ঘেৰাওৰ উচ্চতাত তাই ৰাণীৰ বেশ ধৰি নিজৰ হৈ, সন্মুখত যুঁজিছিল, যাৰ ফলত ৰাণীয়ে দুৰ্গৰপৰা নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হৈছিল।
-
তাৰকনাথ দাস
তাৰকনাথ দাস (বা তৰক নাথ দাস; ১৫ জুন ১৮৮৪ – ২২ ডিচেম্বৰ ১৯৫৮) এজন ভাৰতীয় বিপ্লৱী আৰু আন্তৰ্জাতিকতাবাদী পণ্ডিত আছিল। উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত তেওঁ এজন অগ্ৰণী অনুপ্ৰৱেশকাৰী আছিল আৰু টলষ্টয়ৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল, একে সময়তে এছিয়ান ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় স্বাধীনতা…
-
তাৰা সিং নৰোত্তম
পণ্ডিত তাৰা সিং নৰোত্তম (১৮২২–১৮৯১) বা পণ্ডিত তাৰা সিং নাৰোত্তম, শিখসকলৰ নিৰ্মলা পন্থাৰ অন্তৰ্গত এজন বিখ্যাত পাঞ্জাবী পণ্ডিত আছিল।
-
দলবীৰ চেতন
ডালবীৰ সিং ঝণ্ড, ডালবীৰ চেতন নামেৰে বেছি পৰিচিত ' আছিল সমসাময়িক পাঞ্জাবী সাহিত্যৰ এজন আগশাৰীৰ চুটিগল্পকাৰ। তেওঁ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দুয়োটা বঁটা লাভ কৰিছিল, আৰু বহুলভাৱে অনুবাদিত লেখক আছিল। ভাৰতীয় বায়ুসেনাৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
-
দিগেন মহন্ত
দিগেন মহন্ত( Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল।
-
দীনেশ ভ্ৰমাৰ
দীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই।
-
দেৱকীনন্দন খত্ৰী
দেৱকী নন্দন খাত্ৰী ( জন্ম ১৮ জুন,১৮৬১–১ আগষ্ট ১৯১৩) সমস্তীপুৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় সাহিত্যিক আৰু ঐতিহাসিক কল্পকাহিনী উপন্যাস চন্দ্ৰকান্তাৰ লেখক।চন্দ্ৰকান্ত এখন ঐতিহাসিক কল্পবিজ্ঞান/কল্পকাহিনী উপন্যাস।
-
দৰ্শীল ছাফাৰী
দৰ্শীল ছাফাৰী (জন্ম ৯ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় অভিনেতা, তেওঁ হিন্দী, গুজৰাটী ছবি আৰু টেলিভিছনত অভিনয় কৰে। ছাফাৰীয়ে আমিৰ খানৰ পৰিচালনাত মুক্তিলাভৰ কৰা তাৰে জমিন পৰ (২০০৭)ত চলচ্চিত্ৰত ডিছলেক্সিয়া ছাত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ…
-
ধীৰাজ বোম্মাদেৱৰা
ধীৰাজ বোম্মাদেৱৰা (Dhiraj Bommadevara; জন্ম: ৪ ছেপ্টেম্বৰ ২০০১) এজন ভাৰতীয় ৰিকাৰ্ভ ধনুৰ্বিদ। ২০২৪ চনৰ অলিম্পিকত ধীৰাজে অংশগ্ৰহণ কৰিছিল, তাত তেওঁ পদক অৰ্জন কৰাৰ পৰা অলপতে বঞ্চিত হৈছিল আৰু ৰিকাৰ্ভ মিক্সড টিম ইভেণ্টত চতুৰ্থ স্থান দখল কৰিছিল।
-
নন্দিনী বাজপাই
নন্দিনী বাজপাই ভাৰতীয় মূলৰ এগৰাকী বষ্টন-ভিত্তিক লেখিকা। তেওঁৰ প্ৰথম যুৱ প্ৰাপ্তবয়স্ক উপন্যাস "ৰেড টাৰ্বান হোৱাইট হৰ্চ: মাই চিষ্টাৰ হাৰিকেন ৱেডিং" ২০১৩ চনত স্কলাষ্টিক ইণ্ডিয়াই প্ৰকাশ কৰিছিল।
-
নম্ৰতা যোশী
নম্ৰতা যোশী নতুন দিল্লীত অৱস্থিত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। মূলতঃ আউটলুকৰ বাবে কাম কৰি তেওঁ ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈ তাত আছিল। পাছত তেওঁ 'দ্য হিন্দু'ত যোগদান কৰিছিল। তেওঁ ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
নয়না লাল কিদৱাই
নয়না লাল কিদৱাই {, জন্ম ১৪ এপ্ৰিল, ১৯৫৭) এগৰাকী ভাৰতীয় বেংকাৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু ব্যৱসায়িক কাৰ্যবাহী। তেওঁ এগৰাকী গ্ৰুপ জেনেৰেল মেনেজাৰ আৰু এইচএছবিচি (HSBC)ইণ্ডিয়াৰ মুখ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিৰ্মল বাৰ্মা
নিৰ্মল বাৰ্মা (জন্ম,৩ এপ্ৰিল ১৯২৯ –মৃত্যু, ২৫ অক্টোবৰ ২০০৫) এজন হিন্দী লেখক, ঔপন্যাসিক, কৰ্মী, অনুবাদক। তেখেতক হিন্দী সাহিত্যৰ 'নয়ী কাহানি' সাহিত্য আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ প্ৰথম গল্প সংকলন 'পৰিন্দে'ক ইয়াৰ প্ৰথম উদাহৰণ হিচাপে গণ্য কৰা হয়।
-
নীলম মানসিং চৌধুৰী
ড.নীলম মানসিং চৌধুৰী (জন্ম: ১৪ এপ্ৰিল, ১৯৫১) এগৰাকী চণ্ডিগড়ৰ থিয়েটাৰ শিল্পী। তেওঁ বিশ্বজুৰি কাম কৰিছে। তেওঁৰ পৰিচালনা শ্ৰেণীৰ থিয়েটাৰে ২০০৩ চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে। তেওঁ ২০১১ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। নীলম মানসিং পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক এমিৰিটাছ হিচাপে কৰ্মৰত।
-
নীলাক্ষী সিং
নীলাক্ষী সিং হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু চুটিগল্পকাৰ। তেওঁ সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী যুৱ লেখক বঁটা, বছৰৰ কলিংগ বুক বঁটা ২০২১, ভেলী অৱ ৱৰ্ডছ বঁটা ২০২২, কথা বঁটা, কে এল এফৰ বছৰৰ কিতাপৰ বঁটা ২০২১, আৰু ছেতু পাণ্ডুলিপি সন্মান লাভ কৰে।
-
নৱাংগ ভুটিয়া
নৱাংগ ভুটিয়া (Nawang Gyasto Bhutia) ছিক্কিমৰ এগৰাকী প্ৰকৃতিবিদ। তেওঁক ছিক্কিমৰ পখিলা মানৱ (Butterfly Man of Sikkim) নামেৰে জনা যায়। প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ বাবে জনাজাত ভুটিয়াৰ নাম আটাইতকৈ বেছি পখিলা হাতত তোলাৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে।
-
পদ্ম দেশাই
পদ্ম দেশাই ; ছোভিয়েট আৰু ভাৰতীয় ঔদ্যোগিক নীতিৰ বৃত্তিৰ বাবে পৰিচিত পদ্ম দেশাই ২০০৯ চনত পদ্ম ভূষণ বঁটা লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ট্ৰেঞ্জিচন ইকনমিজৰ সঞ্চালক আছিল।
-
পামেলা বৰ্ডেছ
পামেলা সিং (জন্ম ১৯৬১), কিছু বছৰৰ বাবে পামেলা বৰ্ডেছ নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এগৰাকী খিতাপধাৰী, যিয়ে ১৯৮২ চনত মিছ ইণ্ডিয়া লাভ কৰে।