অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গজেন্দ্ৰকুমাৰ মিত্ৰ

গজেন্দ্ৰকুমাৰ মিত্ৰ (Gajendrakumar Mitra; জন্ম: ১১ নৱেম্বৰ ১৯০৮ — মৃত্যু: ১৬ অক্টোবৰ ১৯৯৪) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী লেখক, প্ৰকাশক আৰু অনুবাদক আছিল। ৰবীন্দ্ৰ-শৰৎচন্দ্ৰ-বিভূতিভূষণ-তাৰাশঙ্কৰৰ পাছত বাঙালী মধ্যবিত্ত সমাজক উপজীৱ্য কৰি যিসকল কথাসাহিত্যিকে সাৰ্থক সাহিত্য সৃষ্টি কৰিছিল তেখেতসকলৰ ভিতৰত…

হালনাগাদ: ২৬ জুলাই ২০২৬ ১৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গজেন্দ্ৰকুমাৰ মিত্ৰ (Gajendrakumar Mitra; জন্ম: ১১ নৱেম্বৰ ১৯০৮ — মৃত্যু: ১৬ অক্টোবৰ ১৯৯৪) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী লেখক, প্ৰকাশক আৰু অনুবাদক আছিল। ৰবীন্দ্ৰ-শৰৎচন্দ্ৰ-বিভূতিভূষণ-তাৰাশঙ্কৰৰ পাছত বাঙালী মধ্যবিত্ত সমাজক উপজীৱ্য কৰি যিসকল কথাসাহিত্যিকে সাৰ্থক সাহিত্য সৃষ্টি কৰিছিল তেখেতসকলৰ ভিতৰত গজেন্দ্ৰকুমাৰ মিত্ৰ অন্যতম।১ ১৯৫৯ চনত তেওঁ কলকাতাৰ কাছেই উপন্যাসৰ বাবে বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।২৩

জন্ম আৰু শিক্ষা

গজেন্দ্ৰকুমাৰ মিত্ৰৰ জন্ম হৈছিল ১৯০৮ চনৰ ১১ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ কলকাতা চহৰত। প্ৰাথমিক শিক্ষা কাশীৰ এংলো-বেঙ্গলী বিদ্যালয়ত আৰম্ভ হৈছিল। কলকাতালৈ উভতি অহাৰ লগে লগে গজেন্দ্ৰকুমাৰে ঢাকুৰিয়া অঞ্চলত থাকিবলৈ আৰম্ভ কৰে আৰু বালিগঞ্জ জগদ্বন্ধু ইনষ্টিটিউচনত নামভৰ্তি কৰে। স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ছেইণ্ট জেভিয়াৰ্চ কলেজত নামভৰ্তি কৰে। আই.এছ.চি. অধ্যয়ন আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ত যোগদান কৰে। ১৯৩৬ চনত তেওঁ বন্ধু সুমথনাথ ঘোষৰ সৈতে কলকাতাত বিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান "মিত্ৰ আৰু ঘোষ" প্ৰতিষ্ঠা কৰে।৪ গজেন্দ্ৰকুমাৰে ১৯৪০ চনলৈকে কিতাপ বিক্ৰী কৰিছিল।

কেৰিয়াৰ

স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ কিছুসময়ৰ পাছতে বন্ধু সুমথনাথৰ সৈতে মাহেকীয়া সাহিত্য আলোচনী কথাসাহিত্য প্ৰকাশ আৰম্ভ কৰে। গজেন্দ্ৰকুমাৰৰ প্ৰথম প্ৰকাশিত উপন্যাস 'মনে ছিল আশা', গল্পগ্ৰন্থ 'স্ত্ৰিয়াশ্চৰিত্ৰম'। ১৯৫৯ চনত তেওঁৰ উপন্যাস কলকাতাৰ কাছেই সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হয়।৫ 'কলকাতাৰ কাছেই', 'উপকণ্ঠে', 'পৌষ-ফাগুনেৰ পালা'-এই ট্ৰিলজিক (ত্ৰয়ী উপন্যাস) আধুনিক বাংলা কথাসাহিত্যৰ অন্যতম উল্লেখযোগ্য উপন্যাস বুলি গণ্য কৰা হয়। 'পৌষ-ফাগুনেৰ পালা'ই ১৯৬৪ চনত ৰবীন্দ্ৰ পুৰস্কাৰ লাভ কৰে।

সাহিত্য-কৰ্ম

উপন্যাস

  • 'ৰাত্ৰিৰ তপস্যা' (১৯৫০)
  • 'পাঞ্চজন্য'(১৯৭৯)
  • 'বহ্নিকন্যা'(১৯৬০)
  • 'ৰাই জাগো ৰাই জাগো' প্ৰভৃতি।

চুটিগল্প

  • 'কথা কল্পনা কাহিনী'
  • 'স্বৰ্ণমৃগ'
  • 'ৰামায়ণ'

আত্মজীৱনীমূলক গ্ৰন্থ

  • 'আদি আছে অন্ত নেই'

চলচ্চিত্ৰায়ণ

গজেন্দ্ৰকুমাৰ মিত্ৰৰ কাহিনীৰ অৱলম্বনত নিৰ্মিত চলচ্চিত্ৰ:-

  • নতুন জীৱন (১৯৬৬)

পুৰস্কাৰ

তথ্যসূত্ৰ

  1. ↑ অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, দ্বিতীয় খণ্ড, সাহিত্য সংসদ, কলকাতা, জানুয়াৰি ২০১৯ পৃষ্ঠা ১০৫
  2. ↑ Yesterdate: This day from Kolkata’s past, November 11, 1908
  3. ↑ হুল-ফোটানো সজনী সংবাদ
  4. ↑ শিশিৰকুমাৰ দাশ সংকলিত ও সম্পাদিত, সংসদ বাংলা সাহিত্যসঙ্গী, সাহিত্য সংসদ, কলকাতা, আগষ্ট ২০১৯, পৃষ্ঠা ৬২
  5. ↑ আন্দালিব ৰাশদী. (২৪ জুন ২০২০). হুল-ফোটানো সাহিত্য সংবাদ. সমকাল

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজেন্দ্ৰকুমাৰ মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬১৯৯৮৯ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।