ওম প্ৰকাশ ৰাৱত ( Om Prakash Raawat; জন্ম: ২ ডিচেম্বৰ ১৯৫৩) মধ্যপ্ৰদেশ কেডাৰৰ ১৯৭৭ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ অৱসৰপ্ৰাপ্ত বিষয়া, যিয়ে ভাৰতৰ ২২ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ভাৰতৰ নিৰ্বাচন আয়ুক্ত দুগৰাকীৰ ভিতৰত অন্যতম আৰু ভাৰতৰ ৰাজহুৱা উদ্যোগ সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে।
শিক্ষা
ৰাৱত বাৰাণসী (BHU)ৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক (বি এছ চি) আৰু স্নাতকোত্তৰ (এম এছ চি)৩৪৫ আৰু সামাজিক উন্নয়ন পৰিকল্পনাত স্নাতকোত্তৰ ডিগ্ৰী (এম এছ চি) আছে,৩৪৫ যিটো তেওঁ ১৯৮৯ চনত যুক্তৰাজ্যত কৰিছিল।৩৪৫
কৰ্মজীৱন
আই এ এছ বিষয়া হিচাপে
ৰাৱতে ভাৰত চৰকাৰ আৰু মধ্যপ্ৰদেশ চৰকাৰ উভয়ৰে বিভিন্ন পদত যেনে, প্ৰধান সচিব (বাণিজ্য আৰু উদ্যোগ), মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব, প্ৰধান সচিব, মহিলা আৰু শিশুৰ বিকাশ; প্ৰধান সচিব, জনজাতি কল্যাণ, নৰ্মদা উপত্যকা উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ, মধ্য প্ৰদেশৰ আবকাৰী আয়ুক্ত আৰু মধ্যপ্ৰদেশ চৰকাৰৰ নৰসিংপুৰ আৰু ইন্দোৰ জিলাৰ জিলা দণ্ডাধীশ আৰু সংগ্ৰাহক হিচাপে; ৩৪৫ আৰু কেন্দ্ৰীয় ৰাজহুৱা উদ্যোগৰ সচিব হোৱাৰ লগতে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যৌথ সচিব হিচাপে তেওঁ কাম কৰে।৩৪৫ মধ্যপ্ৰদেশ চৰকাৰৰ জনজাতি উন্নয়নৰ প্ৰধান সচিব হিচাপে তেওঁ বন অধিকাৰ আইন, ২০০৬ ৰূপায়ণৰ ক্ষেত্ৰত অসাধাৰণ আৰু উদ্ভাৱনীমূলক কামৰ বাবে প্ৰধানমন্ত্ৰী বঁটা লাভ কৰে।
ৰাজহুৱা উদ্যোগৰ সচিব
২০১২ চনৰ মাৰ্চ মাহত কেবিনেটৰ নিযুক্তি সমিতিৰ দ্বাৰা ৰাৱতক কেন্দ্ৰীয় ৰাজহুৱা উদ্যোগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ২০১২ চনৰ ৩ মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰে,৩৪ আৰু ২০১৩ চনৰ ৩১ ডিচেম্বৰত ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰে।৩৪ তেওঁৰ কাৰ্যকালত, ২০১৩ চনৰ এপ্ৰিল মাহত, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) আৰু বহনক্ষমতাৰ নিৰ্দেশনা প্ৰস্তুত কৰা হয়, যিটো ভাৰতীয় কোম্পানী আইন (২০১৪ চনৰ ফেব্ৰুৱাৰী) সংশোধনৰ প্ৰাৰম্ভণি হৈ পৰে; য’ৰ পৰা নতুন চি এছ আৰ (CSR) নীতি প্ৰৱৰ্তন কৰি দেশত বৃহৎ উদ্যোগসমূহে লাভৰ কমেও ২ শতাংশ সামাজিকভাৱে দায়বদ্ধ কাৰ্য্যকলাপত ব্যয় কৰাটো বাধ্যতামূলক কৰি দিয়া হয়।
ভাৰতৰ নিৰ্বাচন আয়ুক্ত

ৰাৱতে ২০১৫ চনৰ ১৪ আগষ্টত ভাৰতৰ দুজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত এজন হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৬৭৮৯ ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে বিহাৰ, তামিলনাডু, কেৰালা, পশ্চিমবংগ, অসম, পুডুছেৰী, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ, গুজৰাট, হিমাচল প্ৰদেশৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হৈছিল।
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
এ. কে. জ্যোতিৰ অৱসৰৰ পিছত ৰাৱটক পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে ঘোষণা কৰা হয়।১০১১১২১৩১৪ ৰাৱাটে ২০১৮ চনৰ ২৩ জানুৱাৰীত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে।১৫১৬১৭ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে তেওঁৰ কাৰ্যকালত মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছত্তীশগড় আৰু মিজোৰামৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। ২০১৮ চনৰ ১ ডিচেম্বৰত ৬৫ বছৰ বয়সত তেওঁ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।১৮
তথ্যসূত্ৰ
- ↑ (2018-11-26). President Kovind appoints Sunil Arora as new Chief Election Commissioner. The Indian Express
- ↑ (2018-01-22). O P Rawat new CEC, former finance secretary Lavasa named EC. The Indian Express
- ↑ Om Prakash Rawat - Executive Record Sheet. Department of Personnel and Training, ভাৰত চৰকাৰ
- ↑ (14 August 2015). Sh. Om Prakash Rawat takes over as new Election Commissioner of India. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Election Commissioner - Shri Om Prakash Rawat. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ (14 August 2015). Om Prakash Rawat takes over as new Election Commissioner of India. Press Information Bureau of India
- ↑ (14 August 2015). Om Prakash Rawat assumes charge as the new Election Commissioner. The Economic Times
- ↑ (13 August 2015). Om Prakash Rawat appointed as the new Election Commissioner. ইণ্ডিয়া টুডে
- ↑ (15 August 2015). Sh. Om Prakash Rawat Takes Over as New Election Commissioner of India. Business Standard
- ↑ (21 January 2018). Om Prakash Rawat to succeed AK Joti as new Chief Election Commissioner. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (21 January 2018). Om Prakash Rawat to take over as chief election commissioner on January 23. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (21 January 2018). Om Prakash Rawat appointed new Chief Election Commissioner; Ashok Lavasa named commissioner. The Financial Express
- ↑ Bose. (21 January 2018). Om Prakash Rawat Appointed New Chief Election Commissioner. NDTV
- ↑ (21 January 2018). OP Rawat to be next Chief Election Commissioner, to succeed AK Joti. Daily News and Analysis
- ↑ (23 January 2018). Subject: Shri O. P. Rawat takes over as new Chief Election Commissioner. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Phandis, Ashwini. (23 January 2018). O P Rawat assumes charge as CEC. Business Line. দ্য হিন্দু
- ↑ (23 January 2018). O P Rawat takes charge as new CEC. Deccan Herald
- ↑ (2018-12-02). Sunil Arora takes over as Chief Election Commissioner, will oversee 2019 polls
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওম প্ৰকাশ ৰাৱত” প্ৰবন্ধৰ সংশোধন ৪৪২৯০৭ (৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।