চৈয়দ নাছিম আহমদ জাইদী (Syed Nasim Ahmad Zaidi) ভাৰতৰ ২০ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৬ চনৰ বেট্চৰ উত্তৰ প্ৰদেশ মুজাফৰনগৰৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ. বিষয়া।১২৩৪
শিক্ষা
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কেনেডি স্কুল অৱ গভৰ্ণমেণ্টৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জাইদীয়ে হাৰ্ভাৰ্ড ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্টৰ পাব্লিক পলিচিৰ মেছন ফেলো হিচাপে কাম কৰি আহিছে।
কৰ্মক্ষেত্ৰ
ড° জাইদীয়ে ২০০৫ চনৰ নৱেম্বৰৰ পৰা ২০০৮ চনৰ অক্টোবৰলৈকে আইচিএঅ’ পৰিষদত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১২ চনৰ ৩১ জুলাইত তেওঁ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ভাৰত চৰকাৰৰ সচিব হিচাপে আই এ এছৰ পৰা অৱসৰ গ্ৰহণ কৰে।৫ তেওঁৰ কাৰ্যকালৰ প্ৰথম নিৰ্বাচন আছিল ২০১৫ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচন।৬
তথ্যসূত্ৰ
- ↑ PTI. (2012-08-07). Syed Nasim Ahmad Zaidi appointed Election Commissioner. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ians - New Delhi. (2012-08-07). Nasim Ahmad Zaidi is new Election Commissioner. The New Indian Express
- ↑ J Balaji. (2012-08-03). News / National: Zaidi is new Election Commissioner. The Hindu
- ↑ Archived copy
- ↑ (2012-07-31). Welcome to Election Commission of India. Eci.gov.in
- ↑ (3 October 2015). Election Commission's neutrality: Will Zaidi fit in Seshan's shoes?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছিম জাইদী” প্ৰবন্ধৰ সংশোধন ৬৩৯৯০৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।