ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
লোকনাথ ব্ৰহ্মচাৰী
লোকনাথ ব্ৰহ্মচাৰী (জন্ম: ৩১ আগষ্ট ১৭৩০ - মৃত্যু: ১ জুন ১৮৯০
-
শিৱ খেৰা
শিৱ খেৰা (Shiv Khera) এজন ভাৰতীয় লেখক, কৰ্মী আৰু প্ৰেৰণাদায়ক বক্তা; তেওঁ ইউ কেন উইন গ্ৰন্থখনৰ বাবে বেছিকৈ পৰিচিত। তেওঁ ভাৰতত জাতিভিত্তিক সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে আৰু কান্ট্ৰী ফাৰ্ষ্ট ফাউণ্ডেশ্যন নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে।
-
শ্বেহলা ৰছিদ
শ্বেহলা ৰছিদ শ্বোৰা ( ইংৰাজী: Shehla Rashid Shora ) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পি এইচ ডি ছাত্ৰী ৷ ২০১৫-১৬ বৰ্ষত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি আছিল ৷ শোৰা, সৰ্বভাৰতীয় ছাত্ৰ সন্থা (AISU)ৰ সদস্য।
-
শ্বেৰিং ডৰ্জে
শ্বেৰিং ডৰ্জে (এপ্ৰিল ১৯৩৬ – ১৩ নৱেম্বৰ, ২০২০; বানান চেৰিং ডৰ্জে আৰু চেৰিং ডৰ্জে) ভাৰতৰ হিমাচল প্ৰদেশৰ এজন সাংস্কৃতিক ইতিহাসবিদ। লাহাউল আৰু স্পিটি জিলাৰ লগতে কাষৰীয়া কিছু অঞ্চলৰ সাংস্কৃতিক পৰম্পৰা আৰু ইতিহাসৰ বিশেষজ্ঞ হিচাপে তেওঁক গণ্য কৰা হৈছিল।
-
শ্ৰীকান্ত বাৰ্মা
শ্ৰীকান্ত বাৰ্মা (১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰ – ১৯৮৬ চনৰ ২৫ মে') ভাৰতীয় কবি আৰু ১৯৭৬ চনৰপৰা ১৯৮২ চন আৰু ১৯৮২ চনৰপৰা ১৯৮৬ চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ সংসদ সদস্য আছিল। ১৯৮৬ চনত নিউয়ৰ্কত কৰ্কট ৰোগত আক্ৰান্ত বাৰ্মাৰ মৃত্যু হয়
-
সন্দীপ মহেশ্বৰী
সন্দীপ মহেশ্বৰী (Sandeep Maheshwari; জন্ম ২৮ ছেপ্টেম্বৰ ১৯৮০) এজন ভাৰতীয় উদ্যোগী, ইউটিউবাৰ, আৰু প্ৰেৰণাদায়ক বক্তা। তেওঁ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় প্ৰেৰণাদায়ক বক্তাসকলৰ মাজৰ এজন। ইয়াৰ উপৰি তেওঁ ইমেজছবাজাৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াও।
-
সাজিন গোপু
' সাজিন গোপু (Sajin Gopu) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰ উদ্যোগত কাম কৰে। আলুভাৰ বাসিন্দা সাজিন গোপুৱে ২০১৫ চনত মুম্বাই টেক্মী চলচ্চিত্ৰত এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
সুচিত্ৰা মিত্ৰ
সুচিত্ৰা মিত্ৰ (জন্ম:১৯ ছেপ্টেম্বৰ ১৯২৪ – মৃত্যু: ৩ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ, ৰবীন্দ্ৰ সংগীতৰ শিল্পী, অধ্যাপিকা আৰু কলকাতাৰ প্ৰথম মহিলা শ্বেৰিফৰ আছিল। এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ ১৯৮৪ চনলৈকে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু ৰবীন্দ্ৰ সংগীত বিভাগৰ মুৰব্বী আছিল।
-
সুমন ৰাও
সুমন ৰতন সিং ৰাও (: Suman Ratan Singh Rao; জন্ম ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ দখলকৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
সূৰ্যদেৱ যজৱান
সূৰ্যদেৱ (১১৯১ – অন্ততঃ ১২৪৮ খ্ৰীষ্টাব্দ) দক্ষিণ ভাৰতৰ চোল ৰাজ্যৰ এগৰাকী জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ সংস্কৃত ভাষাৰ লেখক আছিল। আৰ্যভট্টীয় আৰু লঘু-মানসকে ধৰি কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ ওপৰত তেওঁ টীকা লিখিছিল।
-
সোনাল শুক্লা
সোনাল শুক্লা (১৯৪১–২০২১) এগৰাকী ভাৰতীয় নাৰীবাদী, কৰ্মী, শিক্ষয়িত্ৰী, লেখিকা আৰু সমাজকৰ্মী আছিল। ভাৰতৰ মুম্বাইত মহিলা পণ্ডিতসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা ব্যক্তিগত সংস্থা বাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
সোলি সৰাবজী
সোলি জেহাংগীৰ সোৰাবজী (অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সন্মানীয় সদস্য) (জন্ম, ৯ মাৰ্চ ১৯৩০ – মৃতু,৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় আইনবিদ আছিল যিয়ে ১৯৮৯ চনৰপৰা ১৯৯০ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰপৰা ২০০৪ চনলৈকে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
স্বাতী নাৰায়ণন
স্বাতী নাৰায়ণন (Swathy Narayanan) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰি পৰিচিতি লাভ কৰিছে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুমৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ছু.. ছু...
-
হালা (ৰজা)
হালা ( ২০–২৪ খ্ৰীষ্টাব্দ) আছিল এজন সাতবাহন ৰজা যিয়ে বৰ্তমানৰ দাক্ষিণাত্য অঞ্চলত শাসন কৰিছিল। মৎস্য পুৰাণত তেওঁক সাতবাহন বংশৰ ১৭সংখ্যক শাসক হিচাপে উল্লেখ কৰা হৈছে।
-
হেমেন্দ্ৰ সিং পানৱাৰ
হেমেন্দ্ৰ সিং পানৱাৰ (Hemendra Singh Panwar) এজন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পৰিচিত ভাৰতীয় সংৰক্ষণবিদ আৰু চৰকাৰী কৰ্মচাৰী। তেওঁ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰথমজন সঞ্চালক হিচাপে প্ৰজেক্ট টাইগাৰৰ সঞ্চালক আছিল।
-
হৰি সেন
হৰি সেন ( জন্ম,১৫ আগষ্ট ১৯৫৫ – মৃত্যু, ৩০ মাৰ্চ ২০২৪) হিমাচল প্ৰদেশৰ এজন ভাৰতীয় একাডেমিক বুৰঞ্জীবিদ। দিল্লী বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপনা কৰাৰ লগতে ঔপনিৱেশিক ৰাজস্থানৰ ভীলসকলৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য চুকেটৰ উপাধি ৰজাও আছিল।
-
হৰিচন্দ মেঘ দালায়া
হৰিচন্দ মেঘ দালায়া (Harichand Megha Dalaya) (২২ অক্টোবৰ ১৯২১ – ১৪ ছেপ্টেম্বৰ ২০০৪) বিশ্বৰ প্ৰথমটো ম'হৰ গাখীৰৰ বাবে স্প্ৰে-ড্ৰাইয়াৰৰ উদ্ভাৱক আছিল। তেওঁৰ এই উদ্ভাৱনে ভাৰতৰ দুগ্ধ পালন উদ্যোগত (অপাৰেচন ফ্লাড) বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু আমুল সমবায়ৰ অপৰিসীম সফলতাৰ ভেটি স্থাপন কৰিছিল।
-
ৰঘু ৰায়
ৰঘুনাথ ৰায় চৌধুৰী বা ৰঘু ৰায় (Raghu Rai, জন্ম ১৮ ডিচেম্বৰ, ১৯৪২) এজন কিংবদন্তি ভাৰতীয় ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। তেওঁ ভাৰতৰ ফটোগ্ৰাফী জগতৰ মহীৰুহ। তেওঁক ভাৰতীয় ফটোগ্ৰাফীৰ পিতৃ বুলি কোৱা হয়। প্ৰবাদপ্ৰতিম ফটো সাংবাদিকগৰাকী ১৯৭২ চনত ভাৰতৰ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।
-
ৰাজপাল সিং যাদৱ
ৰাজপাল সিং যাদৱ (Rajpal Singh Yadav; জন্ম ১৯৫৮) ভেক্টৰ ইক'লজি আৰু মেনেজমেণ্টৰ ক্ষেত্ৰৰ এজন ভাৰতীয় বিজ্ঞানী। ২০০৯ চনত তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগদান কৰে। ছুইজাৰলেণ্ডৰ জেনেভাৰ অৱহেলিত ক্ৰান্তীয় ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিজ্ঞানী হিচাপে ২০২৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।
-
ৰিতু কুমাৰ
ৰিতু কুমাৰ (জন্ম: ১১ নৱেম্বৰ ১৯৪৪) এগৰাকী ভাৰতীয় ফেশ্বন ডিজাইনাৰ। ১৯৬০ চনৰ পৰা দিল্লীত পঢ়ি থকা কালৰে পৰা তেওঁ এই দিশত আছে।