অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নগেন্দ্ৰনাথ বসু

নগেন্দ্ৰনাথ বসু (Nagendranath Basu; ৬ জুলাই ১৮৬৬ – ১১ অক্টোবৰ ১৯৩৮) এজন বাংলা ভাষাৰবিশ্বকোষবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী সমাজ ইতিহাসবিদ আৰু কায়স্থ কৰ্মী আছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩১১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নগেন্দ্ৰনাথ বসু (Nagendranath Basu; ৬ জুলাই ১৮৬৬ – ১১ অক্টোবৰ ১৯৩৮) এজন বাংলা ভাষাৰ১২৩বিশ্বকোষবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী সমাজ ইতিহাসবিদ আৰু কায়স্থ কৰ্মী আছিল।৪

প্ৰাথমিক জীৱন

বেংগল প্ৰেছিডেন্সীৰ হুগলী জিলাত অৱস্থিত মহেশ গাঁৱত নগেন্দ্ৰনাথৰ জন্ম হৈছিল।৫ এক বাঙালী কায়স্থ পৰিয়ালত তেখেতৰ জন্ম৷ তেখেত আশুতোষ দেৱৰ ভগ্নী তাৰিনিৰ প্ৰপৌত্ৰ আছিল।৬

কায়স্থ সভা

১৯০২ চনত বসুৱে কায়স্থ সভা প্ৰতিষ্ঠা কৰে। বসুৱে কায়স্থ পত্ৰিকাৰ বাবে লিখিছিল, ই সংস্থাৰ মুখপত্ৰ আছিল আৰু তাত তেওঁ কায়স্থ শব্দটো ব্যৱহাৰ কৰিছিল যাৰ অৰ্থ হৈছে চাৰিটা সৰু সৰু এককৰে গঠিত বৈচিত্ৰ্যময় জাতি।৪

কেৰিয়াৰ

পুৰাতত্ত্ব আৰু সংগ্ৰাহক

নগেন্দ্ৰনাথ উৰিষ্যা চৰকাৰৰ ময়ুৰভঞ্জ জিলাৰ এজন চৰকাৰী জৰীপকাৰী আছিল,৭ আৰু তেওঁ প্ৰত্নতাত্ত্বিক অৱশিষ্টসমূহ পৰীক্ষা কৰিবলৈ বহু ভ্ৰমণ কৰিছিল, অসংখ্য ভাস্কৰ্য্য, মুদ্ৰা আৰু শিলালিপি সংকলন কৰিছিল।১৫৮ এই অভিযানসমূহৰ অধিকাংশই স্ব-পুঁজিৰে চলিছিল আৰু সংগ্ৰহসমূহ বঙ্গীয় সাহিত্য পৰিষদক দান কৰা হৈছিল।৮

তেখেতৰ বাংলা, সংস্কৃত আৰু উড়িয়া ভাষাৰ প্ৰাচীন পাণ্ডুলিপি (পুথি‍)ৰ বিপুল সংগ্ৰহ আছিল, তেখেতে সেইবোৰৰ বেছিভাগেই ৰাজপথৰ বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত পুথিভঁৰাল আৰম্ভ কৰিবলৈ সুবিধা কৰি দিছিল।১৫৯১০১১

সাহিত্য

কবিতা আৰু উপন্যাসেৰে সাহিত্যিক জীৱন আৰম্ভ কৰা বসু অতি সোনকালেই সম্পাদনাৰ লগত ব্যাপকভাৱে জড়িত হৈ পৰে।১

জাৰ্নেল

বসুৱে একাধিক আলোচনী সম্পাদনা কৰিছিল — স্থানীয় ভাষাৰ মাহেকীয়া কাকত তপস্বিনী আৰু ভাৰত, সাহিত্য পৰিষদ পত্ৰিকা, বঙ্গীয় সাহিত্য পৰিষদৰ মুখপত্ৰ আৰু কায়স্থ, কায়স্থ সভা (যিখন তেখেতে‍ প্ৰতিষ্ঠা কৰিছিল)ৰ প্ৰকাশ।১

কিতাপ আৰু পাঠ্যগ্ৰন্থ

তেওঁ একাধিক সমসাময়িক বাংলা লেখকৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু অসংখ্য মধ্যযুগৰ বাংলা শাস্ত্ৰীয় গ্ৰন্থ প্ৰকাশ কৰিছিল — জয়নন্দৰ চৈতন্য মংগলা, ৰঘুনাথ ভাগৱত আচাৰ্যৰ কৃষ্ণ প্ৰেম তৰংগিনী, বঙ্গীয় সাহিত্য পৰিষদৰ জৰিয়তে কাশী-পৰিক্ৰামা ইত্যাদি।৫১ নগেন্দ্ৰনাথক পাঠ্যপুথি সমিতিলৈও মনোনীত কৰা হৈছিল৷৭

বাংলা বিশ্বকোষ

১৯ শতিকাৰ শেষৰ ফালে বসুৱে বাংলা বিশ্বকোষৰ সংকলনকাৰী হিচাপে ব্যাপক স্বীকৃতি লাভ কৰে১, যিটো বাংলা ভাষাৰ (সেই সময়ত) অন্যতম সম্পূৰ্ণ বিশ্বকোষ আছিল।১২ বাংলা বিশ্বকোষৰ প্ৰথম খণ্ডটো ১৮৮৭ চনত ত্ৰ‍ৈলোক্যনাথ মুখোপাধ্যায়ে (আৰু তেওঁৰ ভাতৃ ৰঙ্গলালে) সংকলন কৰিছিল; কিন্তু তাৰ পাছৰ সকলো খণ্ড নগেন্দ্ৰনাথে সংকলন আৰু প্ৰকাশ কৰিছিল, যিটোত তেখেত ১৮৮৮ চনৰ পৰা ১৯১১ চনত ২২ সংখ্যক (আৰু শেষ) খণ্ড প্ৰকাশ হোৱালৈকে জডি়ত হৈ‍ আছিল।১২ ১৯১৬ চনৰ পৰা ১৯৩১ চনলৈকে নগেন্দ্ৰনাথে হিন্দী ভাষাত ২৪ খণ্ডৰ এক অনুবাদ সংকলন কৰি প্ৰকাশ কৰে।১২ ১৯৩৩ চনৰ পৰা তেখেত দ্বিতীয়টো হিন্দী সংস্কৰণ সংকলনত মনোনিৱেশ কৰে; কিন্তু তেখেতৰ মৃত্যুৰ আগতে মাত্ৰ চাৰিটা খণ্ডহে প্ৰকাশ পাইছিল আৰু প্ৰকল্পটো এতিয়াও অসম্পূৰ্ণ হৈ আছে।১২

বংগেৰ জাতীয় ইতিহাস

বহু খণ্ডৰ এই গ্ৰন্থখন কুলাপাঞ্জিকাৰ ওপৰত আধাৰিত আছিল — ই বিশিষ্ট পৰিয়ালৰ বংশাৱলীৰ ইতিহাস, আৰু তেতিয়াৰ পৰাই ইয়াক মেগনাম অপাছ হিচাপে গণ্য কৰা হয়।১৩২১৪ ১৯১১ চনৰ পৰা ১৯৩৩ চনলৈকে ইয়াক ক্ৰমাগতভাৱে প্ৰকাশ কৰা হৈছিল।১৩ বসুৱে দেশৰ বিভিন্ন প্ৰান্তৰ ঘটক (মেচমেকাৰ)ৰ পৰা এই কুলাপাঞ্জিকাসমূহ গোটাইছিল, যিয়ে বাঙালী সমাজত পেছাদাৰী বংশাৱলীবিদ হিচাপে উচ্চ প্ৰশংসা লাভ কৰিছিল (সমাজৰ মৰ্যাদাৰ বিবাদৰ মধ্যস্থতা কৰাৰ পৰিসৰলৈকে) আৰু ফলপ্ৰসূভাৱে সামাজিক স্মৃতিৰ আহিলা হিচাপে কাম কৰিছিল।২৭

তেওঁৰ ৰচনাৰ উৎস সামগ্ৰীৰ ঐতিহাসিকতাক সমসাময়িক পেছাদাৰী ইতিহাসবিদসকলৰ গৰিষ্ঠসংখ্যকে প্ৰায় সম্পূৰ্ণৰূপে নাকচ কৰিছিল য'ত আছিল অক্ষয় কুমাৰ মৈত্ৰেয়, ৰামপ্ৰসাদ চন্দ, আৰ চি মজুমদাৰ, আৰ ডি বেনাৰ্জী আৰু অন্যান্য যুক্তিবাদী-ধনাত্মকবাদী চিন্তাধাৰাৰ অন্তৰ্গত লোকসকল।১৩১৫ কাহিনীবোৰ কেৱল জাতি ভিত্তিক সুকীয়া ছাপ থকা আৱেগিক পদ্যই নহয়, ইটোৱে সিটোৰ লগত প্ৰায়ে বিৰোধিতা কৰিছিল, তাৰিখ নিৰ্ণয়ৰ ভুলৰ সন্মুখীন হৈছিল আৰু প্ৰত্নতাত্ত্বিক প্ৰমাণৰ দ্বাৰাও সমৰ্থন কৰিব পৰা হোৱা নাছিল।১৩১৬ কিন্তু বসু আৰু আনসকলে ৰোমান্টিক নেটিভিষ্ট স্কুল অনুসৰণ কৰিছিল আৰু সেইবোৰক থলুৱা সামাজিক ইতিহাসৰ এক ভঁৰাল হিচাপে গণ্য কৰিছিল, য’ত ইতিহাসৰ অৰ্থ কেৱল বংশ শাসক আৰু ৰাষ্ট্ৰৰ ৰৈখিক কালক্ৰম নহয় বৰঞ্চ স্থানীয় জাতি-সমাজ (সমাজা)ৰ নিজস্ব পৌৰাণিক কাহিনী, পৰম্পৰা আৰু বস্তুগত কৃতিত্বৰ সম্পূৰ্ণতাহে, যিটো জনসাধাৰণৰ অভিজ্ঞতা আৰু কুলাপাঞ্জিকাত প্ৰতিফলিত হয়।১৩

বিভিন্ন কুলাপাঞ্জিকাৰ পৰা পোৱা সামগ্ৰীসমূহ আত্মসাৎ কৰি বহল বাঙালী সমাজৰ ইতিহাস গঠন কৰা হৈছিল।৭

অন্যান্য সমাজ ইতিহাস

বসুৱে বিভিন্ন স্থানীয় জাতি-সমাজৰ বংশাৱলীৰ ইতিহাসক একত্ৰিত কৰি উত্তৰ ৰহৰ (উত্তৰ বংগৰ এটা ভৌগোলিক অঞ্চল) উপ-আঞ্চলিক ইতিহাস উত্তৰৰহিয়া কায়স্থ কাণ্ড (১৯১০) লিখিছিল।৭ বৰ্ধমান আৰু কামৰূপৰ আঞ্চলিক ইতিহাসৰ ওপৰত এটা খণ্ডও একে ধৰণেৰে প্ৰস্তুত কৰা হৈছিল।৭৩স্থানীয় অভিজাত, ৰাজহ আৰু জমিদাৰসকলে বিভিন্ন ৰূপত তেওঁক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল।৭

সানমিহলি

বসুৱে বংগৰ সংগীত ঐতিহ্যৰ বিষয়ে‍ বহুকেইটা খণ্ড ৰচনা আৰু সম্পাদনা কৰিছিল।১৭১৮

অভিযোগ

বসুৰ ঐতিহাসিক পদ্ধতিক প্ৰত্যাহ্বান জনোৱা হৈছে। ভাৰতত মুছলমান শাসনৰ প্ৰতি তেওঁৰ প্ৰবল বিদ্বেষ আৰু তেতিয়াৰ প্ৰচলিত জাতিগত স্তৰক সামাজিক ব্যৱস্থা হিচাপে কঠোৰভাৱে গ্ৰহণ কৰাৰ বাবে‍ তেওঁৰ ব্যাখ্যাসমূহ এতিয়া প্ৰশ্নবোধক নিৰ্ভৰযোগ্য বুলি ধৰা হৈছে।৭১৯ প্ৰজিত বিহাৰী মুখাৰ্জীয়েও তেওঁক এজন নিষ্ঠাৱান কায়স্থ প্ৰচাৰক বুলি অভিযোগ উত্থাপন কৰিছে।২০

তেওঁৰ কুলাপাঞ্জিকাক প্ৰামাণিক উৎস(সমূহ) হিচাপে ব্যৱহাৰ কৰাটোৱে কেৱল অবিশ্বাস্যতাৰ দিশসমূহৰ প্ৰৱৰ্তন কৰাই নহয়১৬ কিন্তু পৃথিৱীৰ প্ৰতি সবৰ্ণ দৃষ্টিভংগীও সমৰ্থন কৰিছে;৭ সম্পূৰ্ণ মিথ, কিংবদন্তি আৰু জনপ্ৰিয় কল্পনা (বিশেষকৈ আৰ্য্যসকলৰ মহত্ত্বৰ বিষয়ে আৰু আৰ্য বৈশিষ্ট্যৰ সৈতে মিল থকা এক প্যান-বাঙালী পৰিচয়) তেওঁৰ ৰচনাসমূহত সঘনাই ব্যপ্ত।৭

সন্মান

নগেন্দ্ৰনাথ বসু ফলক
নগেন্দ্ৰনাথ বসু ফলকছবি: Tarunsamanta · CC BY-SA 4.0

তেওঁ "ৰায়চাহেব"৭ আৰু "প্ৰচ্যাবিদ্যামহৰ্ণৱ" উপাধি লাভ কৰে।১৬ ১৯১৫ চনৰ ১৭ মাৰ্চত কলকাতা পৌৰ নিগমে বাংলা বিশ্বকোষৰ আঁৰৰ তেওঁৰ অগ্ৰণী প্ৰচেষ্টাৰ স্মৃতিত বাসুৰ ৮ নং আৱাসিক ৰাস্তা কান্তপুকুৰ লেনৰ নাম সলনি কৰি বিশ্বকোষ লেন নামেৰে নামাকৰণ কৰে।২১

তথ্যসূত্ৰ

  1. ↑ Bhowmik, Dulal. Basu, Nagendranath. Banglapedia
  2. ↑ Majumdar, Rochona. (November 2004). Looking for Brides and Grooms: Ghataks, Matrimnials, and the Marriage Market in Colonial Calcutts, circa 1875–1940. The Journal of Asian Studies. পৃ. 911–935
  3. ↑ Gupta, Swarupa. (2018-01-01). Cultural Constellations, Place-Making and Ethnicity in Eastern India, c. 1850-1927. Brill. ISBN 978-90-04-34976-6
  4. ↑ Ghosh, Nabaparna. (2023-07-03). INHERITING caste: the judicial construction of Bengali Kayastha caste identity in inheritance settlements in colonial Calcutta. South Asian History and Culture. পৃ. 336–355
  5. ↑ Historical Dictionary of the Bengalis, Kunal Chakrabarti, Shubhra Chakrabarti, Scarecrow Press, 2013, p. 83
  6. ↑ Chakravarty, Ishita. (2019-10-01). Owners, creditors and traders: Women in late colonial Calcutta. The Indian Economic & Social History Review. পৃ. 427–456
  7. ↑ Gupta, Swarupa. (2009-06-24). Notions of Nationhood in Bengal: Perspectives on Samaj, c. 1867-1905. Brill. ISBN 978-90-474-2958-6
  8. ↑ Guha-Thakurta, Tapati. (2004). Monuments, Objects, Histories, Institutions of Art in Colonial and Post-Colonial India. Columbia University Press. পৃ. 124–25. ISBN 978-0-231-50351-8
  9. ↑ Roy, Tapti. (2018-11-13). Print and Publishing in Colonial Bengal: The Journey of Bidyasundar. Taylor & Francis. ISBN 978-0-429-67351-1
  10. ↑ Bose, Neilesh. (2014-04-03). Remapping Muslim literary culture: folklore, Bulbul, and world-making in late colonial Bengal. South Asian History and Culture. পৃ. 214
  11. ↑ Ghosh, Anindita. (2016-08-01). Cheap Books, 'Bad' Books: Contesting Print-Cultures in Colonial Bengal. South Asia Research. পৃ. 181
  12. ↑ Datta, Amaresh. (1988). Encyclopaedia of Indian Literature: Devraj to Jyoti. Sahitya Akademi. পৃ. 1162. ISBN 978-81-260-1194-0
  13. ↑ Chatterjee, Kumkum. (2005-12-01). The King of Controversy: History and Nation-Making in Late Colonial India. The American Historical Review. পৃ. 1454–1475
  14. ↑ Ghosh, Semanti. (2016-11-17). Promises and Politics of a New Nation: 1912–25. Oxford University Press. ISBN 978-0-19-908738-9
  15. ↑ Chakrabarty, Dipesh. (2004-04-01). Reviews. Postcolonial Studies. পৃ. 127
  16. ↑ Chakravarti, Bisweswar. (1955). Raja Ganesa—A Myth. Proceedings of the Indian History Congress. পৃ. 159
  17. ↑ Chaudhuri, Narayan. (1973). Musical Literature of Bengal. Indian Literature. পৃ. 14–27
  18. ↑ Williams, Richard David. (2016-12-28). Music, Lyrics, and the Bengali Book: Hindustani Musicology in Calcutta, 1818–1905. Music and Letters. পৃ. 465–495
  19. ↑ (2015-06-05). Kayasthas of Bengal. Economic and Political Weekly. পৃ. 7–8
  20. ↑ Mukharji, Projit Bihari. (2016-10-14). Doctoring Traditions: Ayurveda, Small Technologies, and Braided Sciences. University of Chicago Press. পৃ. 47. ISBN 978-0-226-38313-2
  21. ↑ Dutta, Krishna. (2003). Calcutta: A Cultural and Literary History. Signal Books. পৃ. 44. ISBN 978-1-902669-59-5

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগেন্দ্ৰনাথ বসু” প্ৰবন্ধৰ সংশোধন ৬২৪৫১২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।