অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি. এছ. কৃষ্ণমূৰ্তি

তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)। চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৪ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)।১ চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা। ইয়াৰ পূৰ্বে তেওঁ ২০০০ চনৰ জানুৱাৰী মাহৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩

কৰ্মজীৱন

কৃষ্ণমূৰ্তিয়ে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কোম্পানী পৰিক্ৰমা বিভাগৰ সম্পাদক হিচাপেকে ধৰি বিভিন্ন পৰ্যায়ত চৰকাৰৰ সেৱা আগবঢ়াইছিল। ভাৰত চৰকাৰৰ সচিব হোৱাৰ লগতে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ প্ৰথমজন বিষয়া আছিল। কোম্পানী পৰিক্ৰমা বিভাগৰ সচিব হিচাপে তেওঁক কোম্পানীসমূহৰ দাবীহীন লভ্যাংশৰ পৰা স্থাপন কৰা বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি স্থাপন কৰাৰ কৃতিত্ব দিয়া হয়।

কৃষ্ণমূৰ্তিয়ে ১৯ বছৰ বয়সতে বেংক অৱ ইণ্ডিয়াত (ৰাষ্ট্ৰীয়কৰণৰ পূৰ্বে) পৰীক্ষামূলক বিষয়া হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৬৩ চনৰ বেচত তেওঁ ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰে, তাৰ পিছত তেওঁক মাদ্ৰাজত আয়কৰ বিষয়া হিচাপে নিযুক্তি দিয়া হয়। জাহাজ আৰু বিত্তকে ধৰি নতুন দিল্লীৰ কেইবাটাও মন্ত্ৰালয়ত কাৰ্যনিৰ্বাহ কৰি তেওঁ বিশাখাপট্টনমৰ হিন্দুস্তান শিপয়াৰ্ড লিমিটেডৰ উপ-সাধাৰণ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে।তেওঁ চম্ভালি লোৱা এটা মূল কাম আছিল বম্বেৰ আয়কৰৰ মুখ্য আয়ুক্ত।

ইথিওপিয়া আৰু জৰ্জিয়াত আই এম এফৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে তেওঁ জিম্বাবুৱেৰ নিৰ্বাচন আৰু ২০০৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰ্যবেক্ষক আছিল। বি চি চি আইৰ ভিতৰৰ বিভিন্ন ফৈদৰ মাজত মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ উদ্দেশ্যে ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (B.C.C.I)ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কৃষ্ণমূৰ্তিক নিযুক্তি দিয়ে।

ব্যক্তিগত জীৱন

কৃষ্ণমূৰ্তি তিৰুনেলভেলী জিলাৰ তৰুভাই গাঁৱৰ। তিৰুচিৰাপল্লীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈ বৰোদাত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেওঁ বাংগালুৰুৰ ছেইণ্ট জোচেফ কলেজত অধ্যয়ন কৰে। কৃষ্ণমূৰ্তিয়ে মহীশূৰ বিশ্ববিদ্যালয়ৰ ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ইউ.কে.ৰ বাথ বিশ্ববিদ্যালয়ৰ পৰা বিত্তীয় অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

অৱসৰৰ পিছত তেওঁ বিভিন্ন কোম্পানী আৰু এন জি অ’ৰ ব’ৰ্ডৰ সদস্য। তেওঁ চেন্নাই কেন্দ্ৰৰ ভাৰতীয় বিদ্যা ভৱনৰ অধ্যক্ষ আছিল। ২০০৮ চনত প্ৰকাশিত মিৰাকলছ অৱ ডেম’ক্ৰেচি নামৰ গ্ৰন্থখনৰ লেখক। কৃষ্ণমূৰ্তি চেন্নাইৰ বীনা শিল্পী গীতা কৃষ্ণমূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

বাহ্যিক সংযোগ

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Previous Chief Election Commissioners. Election Commission of India
  2. ↑ I see no end to EVM bashing: Ex-CEC T S Krishnamurthy - The Economic Times. The Economic Times
  3. ↑ (26 March 2021). Former CEC calls for setting up of national election fund - The Hindu. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিঅসামৰিক সেৱাভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি. এছ. কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৪৪২১৬৪ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।