ভাৰতীয় ব্যক্তি
১৭০ প্ৰবন্ধ
-
মৃণালিনী মুখাৰ্জী
মৃণালিনী মুখাৰ্জী (১৯৪৯ – ১৫ ফেব্ৰুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। ভাস্কৰ্য্য শিল্পৰ বাবে এক অগতানুগতিক সামগ্ৰী ৰং কৰা আৰু বোৱা ভাং গছৰ আঁহৰ ব্যৱহাৰৰ বাবে পৰিচিত। তেওঁৰ কেৰিয়াৰ ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে চাৰি দশকৰো অধিক সময় ধৰি চলিছিল।
-
শিৱৰাম ৰাজগুৰু
শিৱৰাম ৰাজগুৰু ভাৰতৰ বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন বিপ্লৱী আছিল। ভগত সিং, সুখদেৱ ৰাজগুৰু (ভগত সিং, শিৱৰাম ৰাজগুৰু, আৰু সুখদেৱ থাপাৰ) আছিল তিনিজন বিশিষ্ট ভাৰতীয় বিপ্লৱী স্বাধীনতা সংগ্ৰামী যিসকলক ১৯৩১ চনৰ ২৩ মাৰ্চত ব্ৰিটিছে লাহোৰ ষড়যন্ত্ৰ গোচৰত ভূমিকা লোৱাৰ বাবে ফাঁচী দিছিল।
-
শ্বাহ কালিম আল্লাহ জাহানাবাদী
খোৱাজা শ্বাহ কালিম-উল্লাহ জাহানাবাদী (شاه كليم الله جهانابادي) বা নুৰ আল্লাহ বা আহমদ আল-মিমাৰ আল-ইদ্দিকী (১৬৫০-১৭২৯) মোগল যুগৰ শেষৰফালৰ এজন আগশাৰীৰ চিষ্টি সন্ত আছিল আৰু তেওঁক চিষ্টি ধাৰা আৰু মিৰ ছয়ীদ আলী হামাদানী ছুফী পন্থ পুনৰুজ্জীৱিত কৰাৰ সহায়ক বুলি গণ্য কৰা হয়।
-
শ্যাম সুন্দৰ পালিৱাল
শ্যাম সুন্দৰ পালিৱাল এজন সমাজ সেৱক, যি ভাৰতৰ ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ পিপলান্ত্ৰী গাঁৱৰ বাসিন্দা। ২০২১ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক সমাজ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে। তেওঁ "ইকো-নাৰীবাদৰ জনক" হিচাপে পৰিচিত।
-
সন্দীপ দীক্ষিত
সন্দীপ দীক্ষিত (জন্ম ১৫ আগষ্ট ১৯৬৪) এজন ভাৰতীয় ৰাজনীতিবিদ, উন্নয়ন পৰিচালক আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ। তেওঁ ভাৰতৰ ১৫সংখ্যক লোকসভাৰ সদস্য আছিল। তেওঁ দিল্লীৰ পূব দিল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) ৰাজনৈতিক দলৰ সদস্য।
-
সুনীল আৰোৰা
সুনীল আৰোৰা ( Sunil Arora; জন্ম: ১৩ এপ্ৰিল ১৯৫৬) ভাৰতৰ ২৩ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত। তেওঁ এছ’চিয়েশ্যন অৱ ৱৰ্ল্ড ইলেকচন বডিজ (এ-ৱেব)ৰ অধ্যক্ষও আছিল। তেওঁ ৰাজস্থান কেডাৰৰ ১৯৮০ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ অৱসৰপ্ৰাপ্ত বিষয়া।
-
সুশীল চন্দ্ৰা
সুশীল চন্দ্ৰা (Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া। তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হুমায়ুন কবীৰ
হুমায়ুন কবীৰ(Humayun Kabir, ১৯০৬-১৯৬৯) এজন ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ বাংলা-ভাষাৰ কবি, নিবন্ধকাৰ আৰু ঔপন্যাসিকো আছিল। তেওঁ আছিল এজন নামথকা ৰাজনৈতিক চিন্তাবিদ।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
অজিত ছাইনী
অজিত সিং ছাইনী (১৯২২–২০০৭) আছিল ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এজন লেখক আছিল। তেওঁ পাঞ্জাবী দৈনিক কাকত "অজিত"ৰ সৈতে ইয়াৰ পৰিচালন সম্পাদক আৰু স্তম্ভলেখক হিচাপে জড়িত আছিল। পঞ্জাৱত তেওঁক স্বাধীনতা সংগ্ৰামী আৰু লেখক আৰু স্তম্ভলেখক দুয়োটা ৰূপতে স্মৰণ কৰা হয়।
-
অজিতা শ্ৰীবাস্তৱ
অজিতা শ্ৰীবাস্তৱ এগৰাকী ভাৰতীয় গায়িকা, শিক্ষাবিদ আৰু এগৰাকী সমাজকৰ্মী। শ্ৰীবাস্তৱ মিৰ্জাপুৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ লোক সংগীতৰ এক জনপ্ৰিয় ৰূপ কাজাৰী লোকগীতৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে জনাজাত। কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২২ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল।
-
অঞ্জুম হাছান
অঞ্জুম হাছান এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ, কবি, সম্পাদক। অঞ্জুম হাছান এজন ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, কবি, আৰু গ্ৰন্থ সম্পাদক। মেঘালয়ৰ শ্বিলঙত জন্মগ্ৰহণ কৰা তেখেতে বৰ্তমান ভাৰতৰ কৰ্ণাটকৰ বাংগালুৰুত বাস কৰে।
-
অনিল কুমাৰ বড়ো
অনিল কুমাৰ বড়ো ( Anil Kumar Boro; জন্ম: ৯ ডিচেম্বৰ ১৯৬১) বডো সাহিত্য আৰু লোককথা অধ্যয়নত অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় শিক্ষাবিদ আৰু লোককথাবিদ। তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ লোককথা অধ্যয়ন বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সাহিত্য আৰু শিক্ষাৰ কামৰ বাবে ২০২৫ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
-
অনিৰ্বাণ (সন্ন্যাসী)
শ্ৰী অনিৰ্বাণ (Anirvan; ৮ জুলাই ১৮৯৬ – ৩১ মে' ১৯৭৮) জন্মৰ সময়ত নাম আছিল নৰেন্দ্ৰ চন্দ্ৰ ধৰ, তেখেত এজন ভাৰতীয় হিন্দু সন্ন্যাসী, লেখক আৰু দাৰ্শনিক। পণ্ডিত হিচাপে বহুলভাৱে পৰিচিত। তেওঁৰ প্ৰধান গ্ৰন্থসমূহ আছিল শ্ৰীঅৰবিন্দৰ দ্য লাইফ ডিভাইনৰ বাংলা অনুবাদ আৰু তিনি খণ্ডত বেদ মীমাংসা।
-
অমিয় কুমাৰ বাগচী
অমিয় কুমাৰ বাগচী (Amiya Kumar Bagchi; জন্ম ১৯৩৬ - ২৮ নৱেম্বৰ ২০২৪) হ'ল এগৰাকী বিশিষ্ট ভাৰতীয় অৰ্থনৈতিক ইতিহাসবিদ।
-
আজিম প্ৰেমজী
আজিম হাছিম প্ৰেমজী ( জন্ম: ২৪ জুলাই ১৯৪৫) এজন ভাৰতীয় ব্যৱসায়ী আৰু দানবীৰ। আজিম প্ৰেমজী ৱিপ্ৰ'ৰ অধ্যক্ষ আছিল। প্ৰেমজী ব'ৰ্ডৰ অকাৰ্যবাহী সদস্য আৰু প্ৰতিষ্থাপক অধ্যক্ষ হৈয়ে আছে। ২০১০ চনত এছিয়াউইকে তেওঁক বিশ্বৰ ২০ জন শক্তিশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল।
-
আদিত্য তিৱাৰী
আদিত্য তিৱাৰী এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক।
-
আনমোল গগন মান
আনমোল গগন মান পঞ্জাৱ চৰকাৰৰ এজন ভাৰতীয় ৰাজনীতিবিদ, মন্ত্ৰী আৰু পাঞ্জাৱী গায়িকা। তেওঁ পঞ্জাৱ বিধান সভাৰ খাৰাৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিধায়িকা। তেওঁ আম আদমী পাৰ্টিৰ এগৰাকী সদস্যা।তেওঁ ২০২২ চনৰ পঞ্জাৱ বিধান সভা নিৰ্বাচনত বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল।
-
আৰ কে চনমুখম চেট্টি
ছাৰ ৰামছামী চেট্টিয়াৰ কান্দাসামী শনমুখম চেট্টিয়াৰ কেচিআইই (১৭ অক্টোবৰ ১৮৯২ – ৫ মে' ১৯৫৩) ভাৰতৰ এজন অধিবক্তা, অৰ্থনীতিবিদ, ৰাজনীতিবিদ আছিল যিয়ে ১৯৪৭ চনৰপৰা ১৯৪৮ চনলৈকে ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ১৯৩৫ চনৰপৰা ১৯৪১ চনলৈকে কোচিন ৰাজ্যৰ দিৱান।
-
ইন্দিৰা শৰ্মা
ইন্দিৰা শৰ্মা (Indira Sharma) শিশু মনোৰোগ আৰু মহিলাৰ মানসিক স্বাস্থ্যৰ এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ। তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক আৰু মনোৰোগ বিভাগৰ মুৰব্বী। ২০১৩ চনৰ জানুৱাৰী মাহত তেখেত ভাৰতীয় মনোৰোগ সমাজৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।
-
ইন্দুমতী বাবুজী পতংকৰ
ইন্দুমতী পতংকৰ (ইন্দুটাই) (১৯২৫ – ২০১৭) ভাৰতৰ গ্ৰাম্য অঞ্চলৰ মহাৰাষ্ট্ৰৰ কাছেগাঁৱৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু প্ৰবীণ কৰ্মী আছিল। ইন্দুতাইৰ পিতৃ দিংকৰাও নিকাম ১৯৩০ চনৰপৰা স্বাধীনতা আন্দোলনত জড়িত হৈ সত্যাগ্ৰহৰ বাবে কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত কমিউনিষ্ট হৈ ভাতৃ ভি.ডি. চিতালে।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
এ জে টি জনসিং
আছিৰ জৱাহৰ থমাছ জনসিং (A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ। জনসিঙে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।
-
একলব্য শৰ্মা
একলব্য শৰ্মা (Eklabya Sharma; জন্ম: ১১ মে' ১৯৫৮) হিমালয় অঞ্চলৰ পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ গৱেষণা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগ বঢে়াৱা অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় পৰিৱেশ বিজ্ঞানী। পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০২৪ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
এম চি ৰাজহ
মাইলাই চিন্না থাম্বি পিল্লাই ৰাজহ (জন্ম ১৭ জুন ১৮৮৩ – ২৩ আগষ্ট ১৯৪৩) ভাৰতীয় কেন্দ্ৰীয় ৰাজ্য তামিলনাডুৰ এজন তামিল ৰাজনীতিবিদ, শিক্ষাবিদ, সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল। ৰাজহৰ জন্ম হৈছিল মাদ্ৰাজৰ তামিল পৰিয়ালত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাজনীতিত নামি অহাৰ লগতে জাষ্টিচ পাৰ্টিৰ নেতা আছিল।
-
কমলা লক্ষ্মণ
কমলা লক্ষ্মণ শিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।
-
কল্লেন পুকুডান
কল্লেন পক্বুডান ; জন্ম: ১৯৩৭), যাক কন্দল পক্বুডান বুলিও জনা যায়। পকুডান আছিল ভাৰতৰ কেৰালাৰ এজন পৰিৱেশ কৰ্মী আৰু লেখক। | ১৯৮৯ চনৰপৰা কেৰালাৰ মেংগ্ৰোভ বনাঞ্চল সংৰক্ষণ আৰু বিস্তাৰৰ বাবে তেওঁ পৰিচিত আছিল।
-
কায়ান
অম্বিকা নায়ক, যি পেশাগতভাৱে কায়ান নামে পৰিচিত, এগৰাকী ভাৰতীয় সংগীতশিল্পী, গায়িকা আৰু ডিজে। তেওঁৰ মঞ্চনাম "কায়ান" হৈছে তেওঁৰ উপনাম "নায়ক"ৰ বিপৰীত আকাৰ। লগতে, তেওঁ কিমোচি ইয়ৌকাই গোটৰ সদস্য আৰু নিৰ্মিত শ্বাহৰ সৈতে নাথিং এন'নিমাছ নামৰ ইলেক্ট্ৰনিক সংগীতযুটিৰ অংশ।
-
কিৰণ শ্বেখাৱত
কিৰণ শ্বেখাৱত ( (জন্ম:১ মে, ১৯৮৮ – মৃত্যু:২৪ মাৰ্চ, ২০১৫) আছিল প্ৰথম ভাৰতীয় নৌসেনাৰ মহিলা বিষয়া যাক কৰ্তব্যৰত অৱস্থাত হত্যা কৰা হৈছিল। ভাৰতীয় নৌসেনাৰ সৈতে পৰ্যবেক্ষক হিচাপে এখন বিমানত, মহিলা নৌ সেনা বিষয়াগৰাকী ২০১৫ চনৰ ২৪ মাৰ্চ তাৰিখে গোৱা উপকূলৰ ওচৰত ডৰ্ণিয়াৰ দুৰ্ঘটনাত শ্বহীদ হৈছিল।
-
কুমুদিনী বসু
কুমুদিনী বসু (জন্ম:১৮৭৩ আৰু মৃত্যু:১৯৪২চন ) আছিল ব্ৰিটিছ শাসনকালৰ ভাৰতৰ এগৰাকী বঙালী লেখিকা, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী আৰু মহিলা অধিকাৰ কৰ্মী।