অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ছাৱী ভাষা

ছাৱী বা ছাউজী এটি লুপ্তপ্ৰায় দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তান আৰু উত্তৰ-পশ্চিম পাকিস্তানত মূলতঃ ব্যৱহাৰ কৰা হয়। এই ভাষাক শ্বিনা ভাষিক গোটৰ অংশ জ্ঞান কৰা হয় দাৰ্দিক ভাষাসমূহৰ মাজত।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ৫২২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছাৱী বা ছাউজী১ এটি লুপ্তপ্ৰায় দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তান আৰু উত্তৰ-পশ্চিম পাকিস্তানত মূলতঃ ব্যৱহাৰ কৰা হয়।২ এই ভাষাক শ্বিনা ভাষিক গোটৰ অংশ জ্ঞান কৰা হয় দাৰ্দিক ভাষাসমূহৰ মাজত।

এই ভাষা ছাউ গাৱঁত ব্যৱহাৰ কৰা হয়, অৰণ্ডু চহৰৰ দক্ষিণ দিশে প্ৰায় ২০ কিলোমিটাৰ, কুনাৰ নদীৰ পূব দিশে যিয়ে পাকিস্তানৰ চিত্ৰল অঞ্চলৰ সৈতে সীমা ৰাখে।৩ ছাৱী ভাষী লোকে নিজকে গৱাৰ জনগোষ্ঠীৰ অংশ জ্ঞান কৰে, যি সেই গাৱঁৰ উপৰিও ওচৰৰ ছখনমান গাৱঁত থাকে আৰু যাৰ ভাষা সাধাৰণতে গৱাৰবাতী। তেওঁলোকৰ সৈতে কথোপকথন কৰিবলৈ ছাৱী ভাষী লোকে সাধাৰণতে পশ্তো ভাষা ব্যৱহাৰ কৰে বুলি পোৱা গৈছে।৪ আফগাতিস্তানত দেখা দিয়া দীঘলীয়া ৰাজনৈতিক অশান্তিৰ সময়ত ছাউ গাৱঁৰ লোকক চিত্ৰল আৰু দীৰ অঞ্চলৰ শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰিত কৰা হৈছিল, কিন্তু বৰ্তমানে তেওঁলোক আকৌ আফগানিস্তানলৈ উভতি গৈছে।৫

ইতিহাস

ছাৱী ভাষাৰ নিকটতম ভগ্নি ভাষা হ'ল চিত্ৰলৰ ওপৰৰ কুনাৰ উপত্যকাৰ অশ্ৰেত অঞ্চলত ব্যৱহৃত পালুলা ভাষাৰ দক্ষিণ প্ৰকাৰ। বহুতো ছাৱী ভাষী লোকে দুয়ো ভাষাৰ মাজৰ সামঞ্জস্য জানে, আৰু অনেকে অশ্ৰেতত থকা লোকক নিজৰ "ভাই" জ্ঞান কৰে।৬ হেন্ৰিক লিলজেগ্ৰেণৰ অধ্যয়নৰ মতে বিভিন্ন বৈশিষ্ট্য নিজৰ মাজত একেই থকা এই ভাষাসমূহ কোৱা লোক নিশ্চয়েই সিন্ধু নদীৰ পাৰৰ বৰ্তমানৰ ডিয়ামেৰ জিলাৰ পৰা পৰিভ্ৰমণ কৰিছিল। সম্ভৱতঃ আগতে উত্তৰ আৰু দক্ষিণ পালুলাৰ মাজত এটি ফাঁট মেলিছিল, আৰু দক্ষিণ পালুলাৰ পৰাই পাছলৈ ছাৱী ভাষা ওলাই আহিছে।৭ বৰ্তমানে দেখা পোৱা উত্তৰ আৰু দক্ষিণ পালুলাৰ মাজৰ সামঞ্জস্য তেন্তে অভিসৰণৰ ফল হিচাপে বুজাব পৰা যাব।

ব্যাকৰণ

দুৰ্বল সশব্দ এস্পিৰেট (ভ, ধ, ঘ) ১৯৬৭ চনত বুড্ড্ৰুছে সাৱধান হৈ নথিভুক্ত কৰিছিল,৮ কিন্তু লিলজেগ্ৰেণে ২০০৯ চনত নিজৰ পত্ৰৰ ৩১ নং পৃষ্ঠাত উল্লেখ কৰিছে যে তেওঁ সাক্ষাৎকাৰ লোৱা মানুহৰ ভাষ্যত এই ধ্বনিসমূহ পোৱা নগ'ল। ই সম্ভৱ যে এস্পিৰেছন নোহোৱা হোৱা আৰু সুৰ ব্যৱস্থা বিকাশ হোৱা প্ৰক্ৰিয়া একেলগে ঘটিছিল।৯

সম্ভৱতঃ গৱাৰবাতী ভাষাৰ প্ৰভাৱত,১০ ছাৱী ভাষাত voiceless lateral fricative বিকশিত হ'ল *tr যুক্তব্যঞ্জন ধ্বনিৰ পৰা, ভাষাটোৰ প্ৰাৰম্ভিক স্তৰতে। উদ্দহৰণ স্বৰূপে, ছাৱী ভাষাত "তিনি"ৰ বাবে ɬo ব্যৱহাৰ কৰা হয়, আৰু দক্ষিণ পালুলাত tróo।১১

আন শ্বিনা প্ৰকাৰসমূহৰ বিপৰীতে, ছাৱী আৰু পালুলা ভাষাত অতীত আৰু বৰ্তমান কাল ব্যক্তিৰ বাবে চিহ্নিত কৰা নহয়, বৰং প্ৰায় সম্পূৰ্ণৰূপে particle-ভিত্তিতহে ক্ৰিয়া চিহ্নিত কৰা হয়, উপৰোৱাভাৱেহে ব্যক্তিৰ সৈতে সহযোগ দেখা যায়।১২ তোৰৱালী ভাষাৰ দৰে,, ছাৱী ভাষাতো নামভিত্তিক morphologyত animacyৰ বাবে ব্যাকৰণত নিয়ম আছে (যাৰ বিপৰীতে কলশ, খোৱাৰ, শুমশ্তী আৰু পাশ্বায়ী ভাষাত verbal morphologyতহে ই ব্যাকৰণত ঠাই পায়)।১৩ কৰ্তা প্ৰত্যয় -e perfective transitive ক্ৰিয়াসমূহৰ বাবে ব্যৱহাৰ হয়। মুখ্য শ্বিনা প্ৰকাৰসমূহৰ বিপৰীত, ছাৱী ভাষাত কোনো কৰ্তা প্ৰত্যয় imperfective transitive ক্ৰিয়াৰ বাবে নাই।১৪

গ্ৰন্থ সংগ্ৰহ

  • Bashir, Elena L. (2016a). The languages and linguistics of South Asia: a comprehensive guide. World of Linguistics. De Gruyter Mouton. পৃ. 264–300. ISBN 978-3-11-042715-8
  • Bashir, Elena L. (2016b). The languages and linguistics of South Asia: a comprehensive guide. World of Linguistics. De Gruyter Mouton. পৃ. 638–45. ISBN 978-3-11-042715-8
  • Buddruss, George. (1967). Die Sprache von sau in Ostafghanistan. Beiträge zur Kenntnis des Dardischen Phalura. Münchener Studien zur Sprachwissenschaft. J. Kitzinger
  • Cacopardo, Alberto M.; Cacopardo, Augusto S. (2001). Gates of Peristan: history, religion and society in the Hindu Kush. Reports and memoirs. IsIAO
  • Liljegren, Henrik. (2009). The Dangari Tongue of Choke and Machoke: Tracing the proto-language of Shina enclaves in the Hindu Kush. Acta Orientalia. পৃ. 7–62
  • Liljegren, Henrik. (2013). Notes on Kalkoti: A Shina Language with Strong Kohistani Influence. Linguistic Discovery. পৃ. 129–160
  • Schmidt, Ruth Laila; Kaul, Vijay Kumar. (2008). A comparative analysis of Shina and Kashmiri vocabularies. Acta Orientalia. পৃ. 231–303

তথ্যসূত্ৰ

  1. ↑ Sauji is the Endonym reported in Liljegren 2009, পৃ. 10
  2. ↑ Savi. Ethnologue
  3. ↑ Liljegren 2009, পৃ. 10
  4. ↑ Cacopardo Cacopardo 2001, পৃ. 96, 231–32
  5. ↑ Liljegren 2009, পৃ. 10
  6. ↑ Liljegren 2009, পৃ. 11, 55
  7. ↑ Liljegren 2009
  8. ↑ Buddruss 1967, পৃ. 22
  9. ↑ Liljegren 2009, পৃ. 34–35, 41. Cf. the analysis of Kolkati in Liljegren 2013, পৃ. 143–44
  10. ↑ Liljegren 2009, পৃ. 40–41
  11. ↑ Liljegren 2009, পৃ. 34, 36
  12. ↑ Liljegren 2013, পৃ. 153
  13. ↑ Bashir 2016a
  14. ↑ Schmidt Kaul 2008, পৃ. 249

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৱী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৯৩০৩ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।