অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দামেলী ভাষা

দামেলী, দামীয়া বা গিদোজ এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ৫০০০ লোকৰ দ্বাৰা মুখ্যতঃ পাকিস্তানৰ খাইবৰ-পাখতুনখোৱা প্ৰান্তৰ চিত্ৰল জিলাৰ ডোমেল চহৰত ব্যৱহাৰ কৰা হয়। ডোমেল বা ডামেল উপত্যকা ড্ৰোছৰ প্ৰায় দহ মাইল দক্ষিণ দিশে অৱস্থিত, যি চিত্ৰল বা কুনাৰ নদীৰ পূব দিশে স্থিত।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৩ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দামেলী, দামীয়া বা গিদোজ১ এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ৫০০০ লোকৰ দ্বাৰা মুখ্যতঃ পাকিস্তানৰ খাইবৰ-পাখতুনখোৱা প্ৰান্তৰ চিত্ৰল জিলাৰ ডোমেল চহৰত ব্যৱহাৰ কৰা হয়।

ডোমেল বা ডামেল উপত্যকা ড্ৰোছৰ প্ৰায় দহ মাইল দক্ষিণ দিশে অৱস্থিত, যি চিত্ৰল বা কুনাৰ নদীৰ পূব দিশে স্থিত। তাৰ মাজেৰেই মিৰখানি দুৰ্গৰ পৰা অৰণ্ডুলৈ যোৱা পথ পাৰ হয়।

ডামেলী সেই গাওঁসমূহৰ মুখ্য ভাষা য'ত এই ভাষা ব্যৱহাৰ হয়, আৰু এই ভাষা প্ৰায় সকলো ল'ৰা-ছোৱালীয়েই সেই অঞ্চলসমূহত শিকে। সেই জনসংখ্যাৰ প্ৰায় লোকেই দ্বিতীয় ভাষা হিচাপে পশ্তো ভাষাও শিকে। কোনো কোনোৱে খোৱাৰ আৰু উৰ্দু ভাষাও শিকে। তথাপিও সেই অঞ্চলত বৃহৎ ভাষিক পৰিৱৰ্তনৰ কোনো চিন দেখা দিয়া নাই, আৰু দামেলী এটি সুৰক্ষিত ভাষা।

শিক্ষা

এমিল পেৰ্ডেৰৰ ফীল্ড কৰ্মৰ ভিত্তিত লিখা ২০১৩ চনৰ গৰেষণা গ্ৰন্থ "এ গ্ৰামাটিকেল ডেস্ক্ৰিপ্সন অৱ দামেলী" হ'ল দামেলী ভাষাৰ প্ৰথম সম্পূৰ্ণ বিৱৰণী। পেৰ্ডেৰৰ কামৰ আগত, দামেলী ভাষাৰ বিষয়ে তথ্য মুখ্যতঃ গিয়ৰ্গ মৰ্গেনষ্টিয়াৰ্ণৰ প্ৰবন্ধ এটাৰ পৰা লোৱা হৈছিল, যি ১৯৪২ চনত প্ৰকাশিত হৈছিল: "ন'টছ অন দামেলী: এ কাফিৰ-দাৰ্দিক লেংগুৱেজ অৱ দ্য চিত্ৰল"। কেণ্ডাল ডেকাৰৰ ১৯৯২ চনৰ এক সামাজিক-ভাষিক চাৰ্ভে'টো দামেলী ভাষাৰ বিষয়ে এটি অধ্যায় আছে।

বৰ্গীকৰণ

দামেলী ভাষাক এটি ভাৰতীয়-আৰ্য ভাষা গণ্য কৰা হয়, যি দাৰ্দিক গোটৰ অন্তৰ্গত। দাৰ্দিক ভাষাসমোহক আগতে ভাৰতীয়-ইৰানীয় গোটৰ ভিতৰত এক স্বতন্ত্ৰ উপ-গোট বুলি ভবা হৈছিল, কিন্তু বৰ্তমানে মৰ্গেনষ্টিয়াৰ্ণৰ গৱেষণাৰ আধাৰত, দাৰ্দিক ভাষাসমূহক ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰেই এটি অংশ জ্ঞান কৰা হয়।২

ধ্বনি তত্ত্ব

তলত দামেলী ভাষাত ব্যৱহৃত ধ্বনিসমূহ দিয়া হৈছে।৩

স্বৰধ্বনি

FrontBack
High
Mid
Low

ব্যঞ্জনধ্বনি

LabialCoronalRetroflexPalatalVelarUvularGlottal
Nasal
Stopvoiceless
voiced
aspirated
Affricateplain
aspirated
Fricativevoiceless
voiced
Approximant
Rhotic

আৰু পঢ়ক

  • Decker, Kendall D. (1992) Languages of Chitral. Sociolinguistic Survey of Northern Pakistan, 5. Islamabad: National Institute of Pakistan Studies, Quaid-i-Azam University and Summer Institute of Linguistics. xxii, 257 p. .
  • Morgenstierne, Georg (1926) Report on a Linguistic Mission to Afghanistan. Instituttet for Sammenlignende Kulturforskning, Serie C I-2. Oslo. .
  • Morgenstierne, Georg (1942) "Notes on Dameli. A Kafir-Dardic Language of Chitral." Norsk Tidsskrift for Sprogvidenskap Vol. 12: 115 - 198.
  • Perder, Emil (2013) A Grammatical Description of Dameli. Dissertation, Stockholm: Department of Linguistics, Stockholm University. .

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Languages of Hindukush. University of Chitral
  2. ↑ Bashir. (2007). The Indo-Aryan languages. পৃ. 905. ISBN 978-0415772945
  3. ↑ Edelman, D. I. (1983). The Dardic and Nuristani Languages. Institut vostokovedenii︠a︡ (Akademii︠a︡ nauk SSSR). পৃ. 129

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দামেলী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৮১৭৭ (১৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।