অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মিচিং আখৰ-জোঁটনি

মিচিং বৰ্ণমালা (Mising: Bíglung) হৈছে মিচিং ভাষা লিখিবলৈ ব্যৱহাৰ কৰা বৰ্ণমালা। মিচিং ভাষাত সৰ্বমুঠ ২৫টা বৰ্ণ আছে। ইংৰাজী বৰ্ণমালাৰ দৰেই মিচিং ভাষাতো ডাঙৰফলা (Capital letter) আৰু সৰুফলা (Small letter) লিখন-পদ্ধতি প্ৰচলিত। মিচিং ভাষাত ডাঙৰফলাক Bíkta আৰু সৰুফলাক Bígme: বুলি কোৱা হয়।

হালনাগাদ: ২৯ জুন ২০২৬ ৪২৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মিচিং বৰ্ণমালা (Mising: Bíglung) হৈছে মিচিং ভাষা লিখিবলৈ ব্যৱহাৰ কৰা বৰ্ণমালা।১ মিচিং ভাষাত সৰ্বমুঠ ২৫টা বৰ্ণ আছে। ইংৰাজী বৰ্ণমালাৰ দৰেই মিচিং ভাষাতো ডাঙৰফলা (Capital letter) আৰু সৰুফলা (Small letter) লিখন-পদ্ধতি প্ৰচলিত। মিচিং ভাষাত ডাঙৰফলাক Bíkta আৰু সৰুফলাক Bígme: বুলি কোৱা হয়। ১৯৭২ চনত প্ৰতিষ্ঠিত (Mising Agom Kébang) মিচিং সাহিত্য সভাই মিচিং ভাষা লিখাৰ বাবে ৰোমান লিপি (Roman Script) ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান মিচিং ভাষাৰ শিক্ষা, সাহিত্য, গৱেষণা আৰু প্ৰকাশন সকলো ক্ষেত্ৰতেই ৰোমান লিপি ব্যৱহাৰ কৰে। ২

ৰোমান লিপি গ্ৰহণৰ ইতিহাস

এসময়ত অসমীয়া লিপিৰে মিচিং ভাষা লিখিবৰ বাবে প্ৰচেষ্টা কৰা হৈছিল। কিন্তু মিচিং ভাষাৰ উচ্চাৰণ ৰীতিক অসমীয়া লিপিৰে লিখাত সুবিধা নহয়। সেয়ে ১৯৭২ চনত প্ৰতিষ্ঠিত (Mising Agom Kébang) মিচিং সাহিত্য সভাই মিচিং ভাষা লিখাৰ বাবে লেটিন লিপি (Roman Script) ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান মিচিং ভাষাৰ শিক্ষা, সাহিত্য, গৱেষণা আৰু প্ৰকাশন সকলো ক্ষেত্ৰতেই ৰোমান লিপি ব্যৱহাৰ কৰে।

মিচিং বৰ্ণ

মিচিং ভাষাত সৰ্বমুঠ ২৫টা বৰ্ণ আছে। ইংৰাজী বৰ্ণমালাৰ দৰেই মিচিং ভাষাতো ডাঙৰফলা (Capital letter) আৰু সৰুফলা (Small letter) লিখন-পদ্ধতি প্ৰচলিত। মিচিং ভাষাত ডাঙৰফলাক Bíkta আৰু সৰুফলাক Bígme: বুলি কোৱা হয়।

মিচিং ভাষাৰ ধ্বনিসমূহ মূলতঃ দুটা ভাগত বিভক্ত—

  1. স্বৰধ্বনি (Gombug)
  2. ব্যঞ্জনধ্বনি (Mukténg)

মিচিং ভাষাৰ বৰ্ণসমূহ: A B D E G H I J K L M N O P R S T U W Y NG NY É Í: - মুঠ ২৫ টা।

স্বৰবৰ্ণ (Gombug)

মিচিং ভাষাত স্বৰবৰ্ণ মুঠ ৮ টা। সেইবোৰ হ’ল - A E I O U É Í: ইয়াৰে É Í: এই তিনিটা বৰ্ণ হৈছে মিচিং ভাষাত ব্যৱহৃত সংশোধিত ৰোমান লিপিত অন্তৰ্ভুক্ত স্বৰবৰ্ণ (Gomug)। সাধাৰণতে মিচিং ভাষাৰ বিশেষ উচ্চাৰণ বা ধ্বনি (Central vowels) প্ৰকাশ কৰিবলৈ এই বৰ্ণকেইটা ব্যৱহাৰ কৰা হয়। ':' এই বৰ্ণক মিচিং ভাষাত Mugyar agod বুলি কোৱা হয়। ইয়াৰ ব্যৱহাৰ কেৱল স্বৰবৰ্ণৰ লগতহে ব্যৱহাৰ হয়। ব্যঞ্জনবৰ্ণৰ লগত ব্যৱহাৰ নহয়। এই বৰ্ণ দীঘলীয়া উচ্চাৰণৰ বাবে ব্যৱহাৰ হয়। যেনে - Po:lo (জোন), Ni:Tom (গান) ইত্যাদি। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে।

হ্ৰস্ব স্বৰ (Mugdéng): A E I O U É Í: এই আঠটা আখৰৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে।

দীৰ্ঘ স্বৰ (Mugyar): A: E: I: O: U: É: Í:: এই আঠটা আখৰৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে।

ব্যঞ্জনবৰ্ণ (Mukténg)

Mising consonant (Alphabet)
Mising consonant (Alphabet)ছবি: Hemchandra Mili, Dergaon · CC0

মুঠ ১৭ টা। সেইবোৰ হ’ল - B D G H J K L M N P R S T W Y NG NY ইয়াৰে NG NY মিচিং বৰ্ণমালাত ব্যৱহৃত সংশোধিত ৰোমান লিপিত অন্তৰ্ভুক্ত স্বৰবৰ্ণ। এই দুটা ব্যঞ্জনবৰ্ণও ৰোমান লিপিত নথকা কিছুমান বিশেষ উচ্চাৰণ বা ধ্বনি (Central vowels) প্ৰকাশ কৰিবলৈ এই বৰ্ণকেইটা ব্যৱহাৰ কৰা হয়।

তীব্ৰ উচ্চাৰণৰ বৰ্ণ (Acute accent letters)

মিচিং ভাষাত উচ্চাৰণ ৰীতি অনুসৰি দুটা তীব্ৰ উচ্চাৰণ চিহ্ন (Acute accent marks) আছে। সেইকেইটা হ'ল― É Í:

ব্যঞ্জনবৰ্ণৰ থুপ (consonant cluster)

মিচিং ভাষাত উচ্চাৰণ ৰীতি অনুসৰি দুটা ব্যঞ্জনবৰ্ণৰ থুপ (consonant cluster) আছে। সেইকেইটা হ'ল― NG NY

তথ্যসূত্ৰ

৩ ৪

তথ্যসূত্ৰ

  1. ↑ Mising. Omniglot
  2. ↑ Das, Hira Manna; Doley, Trinayan. (2024). A Brief History of Mising Language Studies. International Journal For Multidisciplinary Research
  3. ↑ Taburam Taid, MISING GOMLAM-POTIN
  4. ↑ কালিনাথ পাংগিং, শব্দকোষ GOMPIR KUMSUNG

সম্পৰ্কিত শ্ৰেণী

মিচিং জনগোষ্ঠীভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিং আখৰ-জোঁটনি” প্ৰবন্ধৰ সংশোধন ৬১৪৯৪৩ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।