মেৰুদণ্ডী বোৰ হৈছে পৰ্ব পৃষ্ঠদণ্ডীৰ অন্তৰ্গত উপ পৰ্ব মেৰুদণ্ডীৰ যিকোনো জীৱ প্ৰজাতি। পৰ্ব পৃষ্ঠদণ্ডীৰ অধিকাংশ জীৱই মেৰুদণ্ডী প্ৰাণী, বৰ্তমানে প্ৰায় ৬৪,০০০ প্ৰজাতিৰ সম্পৰ্কে জানিব পৰা গৈছে।১ কাৰ্টিলেজিয়াছ ফিছ (হাংগৰ আৰু ৰেইজ) আৰু বনী ফিছকে ধৰি সকলো কোঁৱাৰিহীন মাছ আৰু কোঁৱাৰিযুক্ত মেৰুদণ্ডী প্ৰাণীক মেৰুদণ্ডী উপ পৰ্বত সাঙুৰি লোৱা হয়। বনী ফিছ ক্লেড বুলিলে lobe-finned fishesবোৰক বুজোৱা হয় যাক চতুৰ্ষ্পদীৰ সৈতে অন্তৰ্ভূক্ত কৰা হয়। চতুৰ্ষ্পদীবোৰক উভচৰ প্ৰাণী, সৰীসৃপ, স্তন্যপায়ী প্ৰাণী, আৰু চৰাই হিচাপে বিভক্ত কৰা হয়। মেৰুদণ্ডীবোৰৰ আকাৰ অতি ক্ষুদ্ৰ 7.7 মি.মি.ৰ Paedophryne amauensis নামৰ ভেকুলীৰ পৰা 33 মিটাৰ পৰ্যন্ত বৃহৎ নীলা তিমিলৈকে হয়। সকলো জ্ঞাত প্ৰজাতিৰ প্ৰায় ৪% জীৱ মেৰুদণ্ডী আৰু বাকীবোৰ পৃষ্ঠৰজ্জুহীন অমেৰুদণ্ডী প্ৰাণী।
তথ্যসূত্ৰ
- ↑ Jonathan E.M. Baillie, et al. (2004). A Global Species Assessment. World Conservation Union
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰুদণ্ডী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৩৮৭৪৮৮ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।