জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়।
সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।
স্বভাৱ আৰু আৱাস
সাধাৰণতে প্ৰতিঘৰৰে বেৰৰ ফাকত বা দৰ্জা-খিৰিকীত জেঠী দেখা পোৱা যায়। ইহঁতে বেৰতো খোজ কাঢ়িব পাৰে। সৰু সৰু পতংগ আৰু সৰু অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে। দেহটো ক্ষুদ্ৰ ক্ষুদ্ৰ মিহি বাকলিৰে আবৃত। বেৰত বগাব পৰাকৈ ইহঁতৰ আগ ঠেং আৰু পিছ ঠেঙৰ আঙুলি বোৰত আসংজক উপধান থাকে।
বিৱৰণ

দেহটো মূৰ, গা আৰু নেজত বিভক্ত। চকুৰ মণি হেলনীয়া। ঠেং চাৰিটা, চকু দুটা আৰু বহিঃ কৰ্ণ ৰন্ধ্ৰ আছে। আগ ঠেং আৰু পিছ ঠেঙৰ আঙুলি বোৰ মুক্ত আৰু আসংজক উপধান থাকে।
প্ৰজাতি সমূহ
(H. frenatus)।]]
(H. turcicus)।]]
, ভাৰত)ত পোৱা এবিধ জেঠী।]]
, ভাৰত।]]
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেঠী” প্ৰবন্ধৰ সংশোধন ১৮৩২৩৮ (১৯ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।