শ্বিৰিন এম. ৰায় এফ বি এ (Shirin M. Rai; জন্ম: ১ ডিচেম্বৰ ১৯৬০) এগৰাকী আন্তঃশাখা পণ্ডিত যিয়ে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সীমা অতিক্ৰম কৰি কাম কৰে।১ তেওঁ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অৰ্থনীতি, বিশ্বায়ন, উত্তৰ-ঔপনিৱেশিক শাসন, গণতন্ত্ৰ আৰু লিংগ শাসনৰ প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ মাজৰ সংযোগ বিষয়ক গৱেষণাৰ বাবে তেওঁ পৰিচিত॥ তেওঁ ৱাৰউইক বিশ্ববিদ্যালয়ৰ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়নৰ অধ্যাপক আছিল আৰু আন্তৰ্জাতিক উন্নয়ন ৱাৰৱিক আন্তঃবিষয়ক গৱেষণা কেন্দ্ৰৰ (ডব্লিউআইচিআইডি) প্ৰতিষ্ঠাপক।২
২০২২ চনৰ জুলাই মাহত লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজ (এছ অ’ এ এছ)ৰ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ বিশিষ্ট গৱেষণা অধ্যাপিকা হিচাপে নিশ্চিত হয়।৩ তেওঁ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত SOAS-ত পদ গ্ৰহণ কৰিছিল।
জীৱনী
ভাৰতৰ নতুন দিল্লীত জন্মগ্ৰহণ কৰা শ্বিৰিন এম ৰায়ে মডাৰ্ণ স্কুলত পঢ়িছিল। দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু ভাৰতৰ দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা এম.এ. উত্তীৰ্ণ হোৱাৰ পাছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ক্ৰাইষ্ট কলেজ আৰু সমাজ আৰু ৰাজনীতি বিজ্ঞান অনুষদৰ পৰা চীনৰ উদাৰীকৰণ আৰু শৈক্ষিক সংস্কাৰৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।
১৯৮৯ চনত ৰায়ে ৱাৰউইক বিশ্ববিদ্যালয়ৰ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগত পূৰ্ণকালীন প্ৰবক্তা হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে যোগদান কৰে আৰু ২০২২ চনলৈকে তাত কাৰ্যনিৰ্বাহ কৰে। এতিয়া তেওঁ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগৰ SOAS-ৰ বিশিষ্ট গৱেষণা অধ্যাপিকা।
ৰায় ৱাৰউইক বিশ্ববিদ্যালয়ৰ ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগৰ সন্মানীয় অধ্যাপক, এল এছ ইৰ লিংগ অধ্যয়ন বিভাগৰ অতিথি অধ্যাপক (২০২১ -) আৰু মনাছ বিশ্ববিদ্যালয়ৰ এডজাণ্ট অধ্যাপক।
সন্মান
২০২২ চনৰ জুলাই মাহত ৰায়ক ব্ৰিটিছ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন সংস্থাৰ বিশিষ্ট অৱদান বঁটাৰে সন্মানিত কৰা হয়।৪
২০২১ চনত ৰায় ব্ৰিটিছ একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হয়। ৫
২০১৭ চনত পলিটিকেল ষ্টাডিজ এছ’চিয়েশ্যনে নাৰীবাদী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অৰ্থনীতিৰ শাখালৈ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পি এইচ ডি ডিচাৰ্টেচন বঁটাক শ্বিৰিন এম ৰায় বঁটাৰ নামেৰে নামকৰণ কৰে॥৬
ৰায়ক ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন সংস্থাৰ দ্বাৰা নাৰীবাদী তত্ত্ব আৰু লিংগ অধ্যয়ন বিশিষ্ট পণ্ডিত বঁটাৰে সন্মানিত কৰা হৈছিল।
২০১০ চনত ৰায় সমাজ বিজ্ঞান একাডেমীৰ ফেলো হিচাপে নিৰ্বাচিত হয়।৭
তথ্যসূত্ৰ
- ↑ Rai, Shirin. Library of Congress
- ↑ Shirin M. Rai. warwick.ac.uk
- ↑ (5 July 2022). SOAS University of London. www.soas.ac.uk
- ↑ (20 June 2022). BISA 2022 prize winners announced · BISA. www.bisa.ac.uk
- ↑ Professor Shirin Rai FBA. The British Academy
- ↑ New PSA Prizes and Awards framework · The Political Studies Association (PSA). New PSA Prizes and Awards framework · The Political Studies Association (PSA)
- ↑ Sciences, Academy of Social. Fellows. Academy of Social Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিৰিন এম. ৰায়” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৯০ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।