অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাকু আট্ৰে

শকুন্তলা "শাকু" আত্ৰে (Shaku Atre; ১৯৪০ - ২০২৪) এগৰাকী ভাৰতীয় তথ্য বিজ্ঞানী আৰু এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা। আই.বি.এম.-ৰ সৈতে চৌধ্য বছৰীয়া কেৰিয়াৰৰ পিছত তেওঁ নিজা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু ব্যৱসায়িক প্ৰযুক্তি আৰু ডাটাবেছ ব্যৱহাৰৰ বিশেষজ্ঞ হিচাপে বহুলভাৱে পৰিচিত হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শকুন্তলা "শাকু" আত্ৰে (Shaku Atre; ১৯৪০ - ২০২৪) এগৰাকী ভাৰতীয় তথ্য বিজ্ঞানী আৰু এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা। আই.বি.এম.-ৰ সৈতে চৌধ্য বছৰীয়া কেৰিয়াৰৰ পিছত তেওঁ নিজা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল আৰু ব্যৱসায়িক প্ৰযুক্তি আৰু ডাটাবেছ ব্যৱহাৰৰ বিশেষজ্ঞ হিচাপে বহুলভাৱে পৰিচিত হৈছিল। এট্ৰে ডাটাবেছঃ ষ্ট্ৰাকচাৰ্ড টেকনিকছ ফৰ ডিজাইন, পাৰ্ফমেন্স এণ্ড মেনেজমেণ্টঃ উইথ কেইছ ষ্টাডিজ (১৯৮০) আদি কিতাপৰ বাবে আটাইতকৈ বেছি পৰিচিত। ডাটাবেছ পৰিচালনা বিষয়ত লিখা প্ৰথম কিতাপসমূহৰ ভিতৰত এইবোৰ অন্যতম। সহ-লেখক হিচাপে লাৰিছা মোছৰ সৈতে লিখা তেওঁৰ গ্ৰন্থখন হ'ল বিজনেছ ইণ্টেলিজেন্স ৰোডমেপ। তেওঁ পুনে বিশ্ববিদ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো প্ৰতিষ্ঠানত তথ্য বিজ্ঞানৰ সহযোগী অধ্যাপক হিচাপে কাম কৰিছে। তেখেতৰ ৰচনাসমূহ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি হিচাপে ব্যৱহাৰ কৰা হৈছে। ১২৩৪৫৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪০ চনত ভাৰতৰ এক মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা আত্ৰে মুম্বাইৰ ওচৰৰ এখন গাঁও পানভেলত ডাঙৰ-দীঘল হৈছিল।৭৮ তেওঁ পুনা বিশ্ববিদ্যালয়ৰ পৰা গণিত আৰু পৰিসংখ্যা বি‍জ্ঞান অধ্যয়ন কৰি বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৯১০ শিক্ষা গ্ৰহণৰ সময়ছোৱাত তেওঁ ভাষাও অধ্যয়ন কৰিছিল, পাঁচটা ভিন্ ভিন্ ভাষা কোৱাৰ দক্ষতা তেওঁ লাভ কৰিছিল।১ আট্ৰে হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত গণিত আৰু পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰীৰ বাবে‍ অধ্যয়ন আৰম্ভ কৰিছিল আৰু জ্যোতিৰ্বিজ্ঞানৰ সন্দৰ্ভত তেওঁ তেওঁৰ থিছিছ প্ৰস্তুত কৰিছিল।৯১০১১ তেওঁ থিছিছ প্ৰস্তুত কৰিবলৈ বৃহৎ পৰিসৰৰ গণনা কৰিবলগীয়া হৈছিল, সেয়েহে তেওঁ কম্পিউটাৰ প্ৰগ্ৰেমিং অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত কম্পিউটাৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মে।১০১২ পঢ়াৰ সময়ত ১৯৬৭ চনত আই বি এমৰ দ্বাৰা তেওঁক নিযুক্তি দিয়া হয়। চাৰে তিনি বছৰৰ পিছত যেতিয়া তেওঁৰ ছাত্ৰ ভিছাৰ ম্যাদ উকলি যায়, তেতিয়া আত্ৰে আৰু তেওঁৰ স্বামী আমেৰিকালৈ প্ৰব্ৰজন কৰে।১১০

কেৰিয়াৰ

১৯৭১ চনত যেতিয়া তেওঁলোক নিউয়ৰ্ক চহৰত উপস্থিত হয়, তেতিয়া আই বি এম-এ নিযুক্তি নিষেধাজ্ঞা কাৰ্যকৰী কৰিছিল, কিন্তু আট্ৰে তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যে তেওঁ নতুন ভাড়াতীয়া নহয় কাৰণ তেওঁ জাৰ্মানীত কোম্পানীটোত কাম কৰিছিল।১১২ তেওঁলোকে তেওঁক চিষ্টেম প্ৰগ্ৰেমাৰ হিচাপে ষ্টাফত নিযুক্তি দিয়ে১ আৰু তেওঁ পৰৱৰ্তী দহ বছৰ কোম্পানীটোৰ বাবে কাম কৰে, ইনষ্টলেচন আৰু কাৰিকৰী সহায়ৰ পৰা জখলাৰে ওপৰলৈ উঠি আই বি এমৰ চিষ্টেম ইনষ্টিটিউটৰ প্ৰশিক্ষকলৈ, শাখা কাৰ্যালয়ৰ চিষ্টেম ইঞ্জিনিয়াৰলৈ আৰু শেষত আন্তঃৰাষ্ট্ৰীয় প্ৰডাক্ট মুক্তিৰ বাবে প্ৰগ্ৰেম মেনেজাৰ হিচাপে কাম কৰে।১১০ ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে আই বি এমত থকা সময়ছোৱাত তেওঁ কোম্পানীটোৰ চিষ্টেমছ জাৰ্নেলৰ অন্যতম ৰেফাৰী হিচাপে কাম কৰিছিল, প্ৰকাশৰ বাবে কোনবোৰ গৱেষণা-পত্ৰ সহযোগীৰ দ্বাৰা পৰ্যালোচনা কৰা হ'ব সেইটো নিৰ্বাচন কৰিছিল।১৩ ১৯৮০ চনত তেওঁ ডাটা বেছ: ষ্ট্ৰাকচাৰ্ড টেকনিকছ ফৰ ডিজাইন, পাৰফৰমেন্স, এণ্ড মেনেজমেণ্ট উইথ কেছ ষ্টাডিজ প্ৰকাশ কৰে, এইবোৰ কিতাপ বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠে‍। ইয়াক কেইবাটাও ভিন্ন ভাষালৈ অনুবাদ কৰা হৈছিল আৰু প্ৰকাশৰ প্ৰথম দুটা দশকৰ ভিতৰত ইয়াৰ ১ লাখ ৫০ হাজাৰতকৈ অধিক কপি বিক্ৰী হৈছিল।১ এই সময়ছোৱাত তেওঁ নিউয়ৰ্কৰ পলিটেকনিক ইনষ্টিটিউটকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত এডজাণ্ট প্ৰফেচাৰ হিচাপেও শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে।৯১৪

তথ্যসূত্ৰ

  1. ↑ (10 December 2002). https://www.newspapers.com/clip/101432242/new-book-covers-care-feeding-of-data/
  2. ↑ (1980). Byte. McGraw-Hill. পৃ. 197
  3. ↑ Halper. (1985). Handbook of EDP Auditing. Warren, Gorham & Lamont. পৃ. 2. ISBN 978-0-88712-267-5
  4. ↑ (1981). Peterson's Annual Guides to Graduate Study. Peterson's Guides, Incorporated. পৃ. 372. ISBN 978-0-87866-218-0
  5. ↑ Chernow; Vallasi, George A.; Durbin, Paul T. (1986). The Reader's Adviser: A Layman's Guide to Literature. R.R. Bowker. পৃ. 149. ISBN 978-0-8352-2149-8
  6. ↑ (1988). Handbook of EDP Auditing: Cumulative supplement. Warren, Gorham & Lamont. পৃ. 51. ISBN 978-0-7913-0198-2
  7. ↑ Moss Atre 2003, পৃ. iv
  8. ↑ Atre, Shaku. (11 February 2016). Memoirs. worldwomanwarrior.com
  9. ↑ (1983). Catalog: 1981-1983. Polytechnic Institute of New York. পৃ. 89
  10. ↑ Snyders, Jan. (October 1984). Create That Opportunity: An Interview with Shaku Atre, President of Atre International Consultants, Inc.. Infosystems. Hitchcock Publishing Co. পৃ. 104
  11. ↑ (4 February 1982). Dinner Meeting. The Daily Item. পৃ. 31
  12. ↑ Stoltenberg, John. (May 1988). Turning Problems into Profits. Working Woman. Hal Publications. পৃ. 63–64, 68–69
  13. ↑ (1981). Referees. IBM Systems Journal. International Business Machines Corporation. পৃ. 365
  14. ↑ Radding, Alan. (2 May 1988). The Education of an Expert. Computerworld. C W Communications Inc. পৃ. 74

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মূলৰ আমেৰিকানবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাকু আট্ৰে” প্ৰবন্ধৰ সংশোধন ৬৩১৪৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।