লুচি ওমমেন (Lucy Oommen) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ৰ ভাৰতীয় মূলৰ প্ৰথমজন চিকিৎসা সঞ্চালক।১২ দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত পি.কে.ওমমেন আৰু কোচনাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰা জেকব ওমমেন আৰু এলিছৰ ভগ্নী, তেওঁ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিতালৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৪২ চনত ছেইণ্ট ষ্টিফেনছ হাস্পতাল দিল্লীত অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে যোগদান কৰে।৩৪৫ তাৰ পিছত তেওঁ ড° মৰিছৰ পৰা অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰে।৬
সাফল্য
তেওঁ প্ৰতিষ্ঠানটোত পৰিচালকৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়, আৰু ১৯৮৮ চনত অৱসৰ লোৱালৈকে এই পদত অধিষ্ঠিত হয়।৫ ১৯৭৭ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছিল।৭ ছেইণ্ট ষ্টিফেনছ হাস্পতালে ২০০৫ চনত মাতৃ আৰু শিশুৰ যত্নৰ ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ বাবে ডাঃ লুচি ওমেন বঁটা প্ৰতিষ্ঠা কৰে, এই বঁটাসমূহৰ ভিতৰত প্ৰথমটো ২০০৮ চনত নতুন দিল্লীত থকা এগৰাকী পৰিচিত স্ত্ৰীৰোগ বিশেষজ্ঞ শৰ্দা জৈনক দিয়া হয়।৮২৯ তেওঁ আৰম্ভ কৰা সামাজিক কামকে ধৰি প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ কামৰ বাবে বঁটা লাভ কৰে।৮ ড° লুচি তেওঁৰ মহাবিদ্যালয়ৰ সময়ছোৱাত বছৰটোৰ শ্ৰেষ্ঠ স্বৰ্ণ পদক বিজয়ী আছিল। তেখেতৰ মৃত্যুৰ পাছত, ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ে চিকিৎসালয়খনৰ এটা শাখাত তেখেতৰ নাম যোগ কৰে, যাক এতিয়া ড° লুচি ওমমেন, মাদৰ এণ্ড চাইল্ড ব্লক বুলি কোৱা হয়।১০
অৱদানসমূহ
ড° লুচিয়ে কৰা কামৰ পিছত ছেইণ্ট ষ্টিফেন হাস্পতালে ১৪০খন বিছনাৰে গঠিত প্ৰসূতি চিকিৎসালয়ৰ পৰা ৪৫০খন বিছনাৰে গঠিত সাধাৰণ চিকিৎসালয়লৈ বৃদ্ধি হোৱাটো উপলব্ধি কৰে। তেওঁ ৰোগী কল্যাণ সমিতি নামৰ এটা প্ৰতিষ্ঠানও গঠন কৰিছিল, যিটো হৈছে এক গোট যি ৰোগীসকলক বিনামূলীয়াকৈ সহায় কৰে।১০ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ব্যক্তিগত চিকিৎসক আছিল।১১
ওমমেন কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল। ৪ ২০০২ চনৰ মাৰ্চ মাহত বৃদ্ধ বয়সৰ পাৰ্কেন্সিস ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।১২
তথ্যসূত্ৰ
- ↑ (2015). The Indian Missionary in Zimbabwe. Praise the Almighty
- ↑ (16 April 2008). http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/lucy-oommen-award-conferred/article1239952.ece
- ↑ (2015). P. K. Oommen. Genealogy
- ↑ (2015). Lucy Kizhakkevedu. Genealogy
- ↑ (2015). Dates, Personalities and Events. St. Stephen's Hospital
- ↑ . St.Stephen's Hospital - History .. www.ststephenshospital.org
- ↑ (2015). Padma Shri. Padma Shri
- ↑ (2015). The First Lucy Oommen Award. St. Stephens News
- ↑ (2015). Archive Achievements of Alumni. Lady Hardinge Medical College Alumni Association
- ↑ Dr. A.P.J. Abdul Kalam: Former President of India. abdulkalam.nic.in
- ↑ Roy-P-Thomas-IL - User Trees - Genealogy.com. www.genealogy.com
- ↑ (30 January 2015). LUCY OOMMEN. geni_family_tree
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুচি ওমমেন” প্ৰবন্ধৰ সংশোধন ৬৪০২১২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।