শান্তি ৰংগনাথন (Shanthi Ranganathan) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ড্ৰাগছ আৰু মদ্যপান আসক্তৰ চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে চেন্নাইত অৱস্থিত টিটিকে হাস্পতাল পৰিচালনা কৰা বেচৰকাৰী সংস্থা টি টি ৰংগনাথন ক্লিনিকেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।১ তেওঁ ৰাষ্ট্ৰসংঘৰ ভিয়েনা নাগৰিক সমাজ বঁটাৰ প্ৰথমজন প্ৰাপক২ আৰু ১৯৯২ চনত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে আগ বঢে়াৱা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰাপক।৩
জীৱনী
দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত জন্মগ্ৰহণ কৰা আৰু ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী টি টি কৃষ্ণমাচাৰীৰ নাতি আৰু টি টি ৰংগনাথনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰংগনাথনৰ স্বামীৰ ১৯৭৯ চনত ৩৩ বছৰ বয়সত মদ্যপানৰ আসক্তিৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাত মৃত্যু হয়।৪ এই ঘটনাই তেওঁক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু আসক্তিৰ সমস্যাৰ প্ৰতি মনোযোগী হ'বলৈ প্ৰেৰিত কৰিলে। নিজকে প্ৰস্তুত কৰিবলৈ মাদ্ৰাজ স্কুল অৱ ছ’চিয়েল ৱৰ্কৰ পৰা ছ’চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শান্তিয়ে মিনিয়াপলিছৰ হেজেলডেন এডিকচন ট্ৰিটমেণ্ট চেণ্টাৰত ডি-ডিকচন প্ৰগ্ৰেমৰ প্ৰশিক্ষণৰ বাবে যোগদান কৰে আৰু ১৯৮০ চনত চেন্নাইৰ এটা পৰিয়ালৰ সম্পত্তিত ডে কেয়াৰ চেণ্টাৰ আৰম্ভ কৰে। কেইজনমান সহায়কৰ সৈতে কৰা সামান্য আৰম্ভণিটো টি টি ৰংগনাথন ক্লিনিকেল ৰিচাৰ্চ ফাউণ্ডেশ্যনলৈ পৰিণত হয়, য’ত এতিয়া টিটিকে হাস্পতাল অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৬৫খন বিছনাযুক্ত এই চিকিৎসালয়খন ড্ৰাগছ আৰু মদ্যপানৰ আসক্তিৰ চিকিৎসাৰ বাবে উৎসৰ্গিত প্ৰথমখন ভাৰতীয় চিকিৎসালয়।১৫ এই প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধ কাৰ্যালয়ৰ সৈতে সমন্বয়ত কাম কৰে আৰু ভাৰত চৰকাৰৰ দ্ৰব্যৰ অপব্যৱহাৰ বিৰোধী কাৰ্যসূচীৰ অংশগ্ৰহণকাৰী।৬২ তেওঁ স্বামী দয়ানন্দ সৰস্বতী এডুকেশ্যনেল ছ’চাইটিৰ সৈতেও জড়িত, আৰু ইয়াৰ পৰিচালনা সমিতিৰ সদস্য।৭
ভাৰত চৰকাৰে তেওঁক ১৯৯২ চনৰ গণৰাজ্য দিৱসৰ সন্মানৰ তালিকাত পদ্মশ্ৰী অসামৰিক বঁটাৰ বাবে অন্তৰ্ভুক্ত কৰিছিল।৩ ১৯৯৯ চনত যেতিয়া ৰাষ্ট্ৰসংঘই ৰাষ্ট্ৰসংঘৰ ভিয়েনা নাগৰিক সমাজৰ বঁটা প্ৰতিষ্ঠা কৰে, তেতিয়া তেওঁক ড্ৰাগছ এবিউজ এণ্ড ক্ৰাইমৰ বিৰুদ্ধে যুঁজত আগ বঢে়াৱা অসাধাৰণ অৱদানৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় আৰু তেওঁ এই বঁটাপ্ৰাপক প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।৮২ তেওঁ ২০১৫ বৰ্ষৰ তামিলনাডু চৰকাৰ দ্বাৰা আগ বঢে়াৱা অৱভাইয়াৰ বঁটা লাভ কৰিছে।৯
তথ্যসূত্ৰ
- ↑ (21 May 2001). A Centre of Hope. Rediff
- ↑ (1999). INSTITUTIONS. Frontline
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Ranganathan. (August 2005). Conversation with Shanthi Ranganathan. Addiction. পৃ. 1578–1583
- ↑ (2015). The Genesis. TTK Hospital
- ↑ (2015). United Nations Office on Drugs and Crime. United Nations Office on Drugs and Crime
- ↑ (2015). Board of Directors. Swami Dayananda Saraswathi Educational Society
- ↑ (3 December 2001). UN TO PRESENT AWARD TO GRASSROOTS LEADERS IN FIGHT AGAINST DRUG ABUSE, CRIME, TERRORISM. UNIS
- ↑ (8 March 2015). Avvaiyar Award for Shanthi Ranganathan. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি ৰংগনাথন” প্ৰবন্ধৰ সংশোধন ৬২৪৩৪০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।